দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় তাৰকা, তামিলনাডুৰ মুখ্যমন্ত্ৰী জ’ছেফ বিজয় চন্দ্ৰশেখৰ বা থালাপতি বিজয়ক কোটি কোটি অনুৰাগীয়ে এজন আত্মবিশ্বাসী, দৃঢ়চেতনাৰ আৰু সফল ব্যক্তিত্বৰ গৰাকী হিচাপে চিনি পায়। কিন্তু তেওঁৰ জীৱনত এনে এটা ঘটনা ঘটিছিল, যিয়ে তেওঁৰ ব্যক্তিত্ব আৰু জীৱন দৰ্শন সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। সেই ঘটনাটো আছিল তেওঁৰ অতি মৰমৰ ভনীয়েক বিদ্যাৰ অকাল মৃ*ত্যু। বিজয়ৰ পিতৃ আছিল এছ চন্দ্ৰশেখৰ আৰু মাতৃ শোভা চন্দ্ৰশেখৰ। বিদ্যা আছিল পৰিয়ালটোৰ আটাইতকৈ মৰমৰ সদস্য। বিজয়েও ভনীয়েকক অত্যন্ত মৰম কৰিছিল। ঘৰত খেল-ধেমালি, হাঁহি আৰু আনন্দৰ মাজতে দুয়োৰে শৈশৱ আগবাঢ়িছিল। কিন্তু ভাগ্যই যেন এই সুখ বেছি দিনলৈ স্থায়ী হ’বলৈ নিদিলে। ভনীয়েক বিদ্যা মাত্ৰ দুবছৰ বয়সতে হঠাৎ এদিন অসুস্থ হৈ পৰে। চিকিৎসকে সকলো চেষ্টা চলায়ো ৰক্ষা কৰিব পৰা নাছিল কণমানিটিৰ জীৱন। বিজয়ৰ পৰিয়ালৰ বাবে এই ঘটনা আছিল এখন কৰুণ চিনেমাৰ দৰে। পিতৃ-মাতৃৰ লগতে বিজয়েও এই ঘটনাক সহজে গ্ৰহণ কৰিব পৰা নাছিল।
সম্পূৰ্ণ সলনি হৈ পৰিছিল বিজয়ৰ ব্যক্তিত্ব

বিজয়ৰ ভগ্নীৰ মৃ*ত্যুৰ এই ঘটনাই বিজয়ক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। বিজয়ৰ মাতৃ শোভা চন্দ্ৰশেখৰে বিভিন্ন সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ভনীয়েকৰ মৃ*ত্যুৰ আগলৈকে বিজয় আছিল অতি চঞ্চল, দুষ্টালি কৰা আৰু সদায় হাঁহি থকা ল’ৰা। কিন্তু বিদ্যাৰ মৃত্যুৰ পিছত যেন তেওঁ একেবাৰে সলনি হৈ গ’ল। আগতে যিজন ল’ৰা সদায় বন্ধু-বান্ধৱৰ লগত ব্যস্ত থাকিছিল, তেওঁ ধীৰে ধীৰে নিঃশব্দ আৰু অন্তৰ্মুখী হ’বলৈ ধৰিলে। আগৰ দৰে বেছি কথাও নকোৱা হ’ল, বহু সময় অকলে থাকিবলৈ ভাল পাবলৈ ধৰিলে। এই ঘটনাই তেওঁৰ মনত এনে এক শূন্যতাৰ সৃষ্টি কৰিছিল যি কোনেও আজিলৈ পূৰ্ণ কৰিব নোৱাৰিলে। আজি কোটি কোটি অনুৰাগীয়ে বিজয়ক অভিনয় কৰা দেখিছে। কিন্তু তেওঁৰ হৃদয়ৰ গভীৰতাত ভনীয়েকক হেৰুৱাৰ সেই বেদনা আজিও সজীৱ হৈ আছে বুলি তেওঁৰ ঘনিষ্ঠসকলে কয়। হয়তো সেই কাৰণেই বিজয় ব্যক্তিগত জীৱনক সদায় সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। তেওঁ নিজৰ অনুভূতি খুব কমেইহে ৰাজহুৱাভাৱে প্ৰকাশ কৰে।
কোৱা হয় যে বিদ্যাৰ স্মৃতিয়ে বিজয়ৰ জীৱনত আজিও বিশেষ স্থান দখল কৰি আছে। বহু অনুৰাগীয়ে বিশ্বাস কৰে যে পৰিয়াল, সন্তান আৰু ঘনিষ্ঠ মানুহৰ প্ৰতি তেওঁৰ অতিশয় মৰম আৰু দায়িত্ববোধৰ আঁৰত এই ব্যক্তিগত বেদনাৰো ডাঙৰ ভূমিকা আছে। বিজয়ৰ এই কাহিনীয়ে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে—জীৱনত কেতিয়াবা এনে দুখ আহে যি কেতিয়াও সম্পূৰ্ণৰূপে পাহৰি যাব নোৱাৰি। কিন্তু সেই দুখক শক্তিলৈ ৰূপান্তৰিত কৰি আগবাঢ়ি যোৱাটোৱেই প্রকৃত সাহস। ভগ্নীক হেৰুওৱা বেদনাক সংগী কৰি তেওঁ জীৱনৰ পথত আগবাঢ়ি গৈ আজিৰ “থালাপতি” হিচাপে কোটি কোটি মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
‘
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















