• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

1 month ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

31 minutes ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

37 minutes ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

4 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

5 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

13 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

14 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

15 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

ব্যক্তিগত জীৱনক সংবাদ মাধ্যমৰ পৰা কিয় আঁতৰাই ৰাখে থালাপতিয়ে?

editor by editor
June 24, 2026
in চিনেমা, বিনোদন, ভাৰত
0
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় তাৰকা, তামিলনাডুৰ মুখ্যমন্ত্ৰী জ’ছেফ বিজয় চন্দ্ৰশেখৰ বা থালাপতি বিজয়ক কোটি কোটি অনুৰাগীয়ে এজন আত্মবিশ্বাসী, দৃঢ়চেতনাৰ আৰু সফল ব্যক্তিত্বৰ গৰাকী হিচাপে চিনি পায়। কিন্তু তেওঁৰ জীৱনত এনে এটা ঘটনা ঘটিছিল, যিয়ে তেওঁৰ ব্যক্তিত্ব আৰু জীৱন দৰ্শন সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। সেই ঘটনাটো আছিল তেওঁৰ অতি মৰমৰ ভনীয়েক বিদ্যাৰ অকাল মৃ*ত্যু। বিজয়ৰ পিতৃ আছিল এছ চন্দ্ৰশেখৰ আৰু মাতৃ শোভা চন্দ্ৰশেখৰ। বিদ্যা আছিল পৰিয়ালটোৰ আটাইতকৈ মৰমৰ সদস্য। বিজয়েও ভনীয়েকক অত্যন্ত মৰম কৰিছিল। ঘৰত খেল-ধেমালি, হাঁহি আৰু আনন্দৰ মাজতে দুয়োৰে শৈশৱ আগবাঢ়িছিল। কিন্তু ভাগ্যই যেন এই সুখ বেছি দিনলৈ স্থায়ী হ’বলৈ নিদিলে। ভনীয়েক বিদ্যা মাত্ৰ দুবছৰ বয়সতে হঠাৎ এদিন অসুস্থ হৈ পৰে। চিকিৎসকে সকলো চেষ্টা চলায়ো ৰক্ষা কৰিব পৰা নাছিল কণমানিটিৰ জীৱন। বিজয়ৰ পৰিয়ালৰ বাবে এই ঘটনা আছিল এখন কৰুণ চিনেমাৰ দৰে। পিতৃ-মাতৃৰ লগতে বিজয়েও এই ঘটনাক সহজে গ্ৰহণ কৰিব পৰা নাছিল।

সম্পূৰ্ণ সলনি হৈ পৰিছিল বিজয়ৰ ব্যক্তিত্ব

বিজয়ৰ ভগ্নীৰ মৃ*ত্যুৰ এই ঘটনাই বিজয়ক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। বিজয়ৰ মাতৃ শোভা চন্দ্ৰশেখৰে বিভিন্ন সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ভনীয়েকৰ মৃ*ত্যুৰ আগলৈকে বিজয় আছিল অতি চঞ্চল, দুষ্টালি কৰা আৰু সদায় হাঁহি থকা ল’ৰা। কিন্তু বিদ্যাৰ মৃত্যুৰ পিছত যেন তেওঁ একেবাৰে সলনি হৈ গ’ল। আগতে যিজন ল’ৰা সদায় বন্ধু-বান্ধৱৰ লগত ব্যস্ত থাকিছিল, তেওঁ ধীৰে ধীৰে নিঃশব্দ আৰু অন্তৰ্মুখী হ’বলৈ ধৰিলে। আগৰ দৰে বেছি কথাও নকোৱা হ’ল, বহু সময় অকলে থাকিবলৈ ভাল পাবলৈ ধৰিলে। এই ঘটনাই তেওঁৰ মনত এনে এক শূন্যতাৰ সৃষ্টি কৰিছিল যি কোনেও আজিলৈ পূৰ্ণ কৰিব নোৱাৰিলে। আজি কোটি কোটি অনুৰাগীয়ে বিজয়ক অভিনয় কৰা দেখিছে। কিন্তু তেওঁৰ হৃদয়ৰ গভীৰতাত ভনীয়েকক হেৰুৱাৰ সেই বেদনা আজিও সজীৱ হৈ আছে বুলি তেওঁৰ ঘনিষ্ঠসকলে কয়। হয়তো সেই কাৰণেই বিজয় ব্যক্তিগত জীৱনক সদায় সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। তেওঁ নিজৰ অনুভূতি খুব কমেইহে ৰাজহুৱাভাৱে প্ৰকাশ কৰে।

কোৱা হয় যে বিদ্যাৰ স্মৃতিয়ে বিজয়ৰ জীৱনত আজিও বিশেষ স্থান দখল কৰি আছে। বহু অনুৰাগীয়ে বিশ্বাস কৰে যে পৰিয়াল, সন্তান আৰু ঘনিষ্ঠ মানুহৰ প্ৰতি তেওঁৰ অতিশয় মৰম আৰু দায়িত্ববোধৰ আঁৰত এই ব্যক্তিগত বেদনাৰো ডাঙৰ ভূমিকা আছে। বিজয়ৰ এই কাহিনীয়ে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে—জীৱনত কেতিয়াবা এনে দুখ আহে যি কেতিয়াও সম্পূৰ্ণৰূপে পাহৰি যাব নোৱাৰি। কিন্তু সেই দুখক শক্তিলৈ ৰূপান্তৰিত কৰি আগবাঢ়ি যোৱাটোৱেই প্রকৃত সাহস। ভগ্নীক হেৰুওৱা বেদনাক সংগী কৰি তেওঁ জীৱনৰ পথত আগবাঢ়ি গৈ আজিৰ “থালাপতি” হিচাপে কোটি কোটি মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
‘

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24vijay Thalapathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
Next Post
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ'ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.