বলীউড ভিলেইন সদাশিৱৰ কন্যা সোঁতৰ বিপৰীতে, বলীউডতে কাম, কিন্তু…
বলীউডৰ বিখ্যাত অভিনেতা সদাশিৱ আমৰাপুৰকাৰে ২০১৪ চনত এই পৃথিৱীৰ পৰা বিদায় লৈছিল যদিও ৰূপালী পৰ্দাত তেওঁৰ শক্তিশালী নেতিবাচক চৰিত্ৰ দৰ্শকৰ মনত এতিয়াও সতেজ হৈ আছে। খলনায়ক হিচাপে এক অনন্য পৰিচয় দি গভীৰ ছাপ এৰি থৈ গৈছে সদাশিৱে।
যদিও আজি জনপ্ৰিয় অভিনেতাগৰাকী এই পৃথিৱীত নাই, তথাপি তেওঁৰ কন্যাই উদ্যোগত নিজৰ স্থান সুকীয়া কৰি লৈছে। কিন্তু অন্য নেপো কিডৰ দৰে অভিনয়ত প্ৰৱেশ কৰা নাই সদাশিৱৰ কন্যাই। কেৱল নিজৰ কামৰ দক্ষতাৰে এক সুকীয়া স্থান দখল কৰিছে বলীউডত।
সেই কন্যা হৈছে ৰীমা আমৰাপুৰকাৰ। যদিও ৰীমাই কেমেৰাৰ সমুখত থিয় হোৱাৰ পথ বাছি লোৱা নাছিল, তথাপি মঞ্চৰ পিছফালৰ প্ৰতিভাৰে ছবি জগতত নিজৰ বাবে এক বিশেষ স্থান গঢ়ি তুলিছে।
পিতৃৰ শিল্প আৰু জনপ্ৰিয়তাৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা ৰীমাই গ্লেমাৰৰ সলনি ক্ৰাফ্টক বাছি লৈছিল নিজৰ কেৰিয়াৰ হিচাপে। সহকাৰী পৰিচালক হিচাপে ৰীমাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বহু ডাঙৰ ডাঙৰ ছবিত তেওঁ পৰ্দাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ৰীমা সদাশিৱ আমৰাপুৰকাৰ এতিয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত পৰিচালক। বলীউডৰ সমান্তৰালকৈ মাৰাঠী ছবিতো কাম কৰাৰ লগতে বহু ছবিত অৰিহণা যোগাইছে। ২০০৬ চনত বাবুল ছবিখনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ এবছৰৰ পাছত ‘ধমাল’ ছবিখনতো সহকাৰী পৰিচালক আছিল ৰীমা।
সদাশিৱ আমৰাপুৰকাৰৰ মৃত্যুৰ পিছত ৰীমাই কেৱল পেছাদাৰী পৰ্যায়তে নহয় ব্যক্তিগত জীৱনতো নিজৰ ভূমিকা ভালদৰে পালন কৰিছিল। মাতৃ আৰু পৰিয়ালৰ দায়িত্ব লৈ সবল কন্যাৰ আদৰ্শ দাঙি ধৰিছে ৰীমাই। এতিয়া ৰীমাই চলচ্চিত্ৰ পৰিচালনাৰ বাহিৰলৈ গৈ ডিজিটেল মিডিয়াৰ জগতখনতো বেলেগ কিবা এটা কৰি আছে।
ৰীমাই MU. PO. Manoranjan নামৰ ইউটিউব চেনেলত প’ডকাষ্ট আয়োজন কৰে য’ত তেওঁ ইতিমধ্যে চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ লৈছে। সেই ইউটিউব চেনেলত ১৩.৫K+ চাবস্ক্ৰাইবাৰ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















