• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

8 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

8 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

9 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

11 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

12 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

13 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

13 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

14 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

14 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

14 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

editor by editor
June 19, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ভাৰতৰ লক্ষ লক্ষ জনতাই সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে সুদীৰ্ঘ ২০০ বছৰীয়া সংগ্ৰাম চলাই আজুৰি আনিছিল বহু আকাংক্ষিত স্বাধীনতা৷

 

বিশ্বৰ মানচিত্ৰত বিশেষ স্থান লাভ কৰিছিল ভাৰতবৰ্ষৰ ভৌগোলিক আৰু ৰাজনৈতিক সাৰ্বভৌমত্ৱই ৷ ১০ হেজাৰ বছৰৰো অধিক পুৰণি ভাৰতীয় সভ্যতাৰ আৰম্ভ হৈছিল এক নতুন যাত্ৰা৷

 

বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজত গঢ়ি উঠা ভাৰতীয় সভ্যতাৰ মাজত থকা এক কলংকিত ইতিহাসে আজিও দেশৰ শান্তিপ্ৰিয় কোটি কোটি জনগণক বিব্ৰত আৰু বাকৰুদ্ধ কৰি তোলে৷ কি সেই কলংকিত অধ্যায়?

 

হয়, ইয়াক এইবাবেই কলংকিত বুলিব পাৰি যে এই অধ্যায় সৃষ্টি হৈছে জনতাৰ তেজেৰে৷ অন্য অৰ্থত ভাৰতবৰ্ষৰ সভ্যতাত থকা ৰক্তপাতৰ অধ্যায়ে হৃদয় দগ্ধ কৰিব আপোনাৰো৷

 

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ইতিমধ্যে সংঘটিত হৈ যোৱা গোষ্ঠী সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লক্ষ লোকে৷ চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহু লোক৷ গোষ্ঠী সংঘৰ্ষ অথবা হিংসাত্মক ঘটনাৰ পাছত নিৰুদ্দিষ্ট হোৱা লোকৰ সংখ্যাও দুই লক্ষাধিক৷

 

ভাৰতত সংঘটিত হোৱা এনে কেইটামান ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ তথ্য প্ৰকাশ কৰিব বিচৰা হৈছে৷
দেশ বিভাজনৰ সময়ত সংঘটিত হৈছিল প্ৰথমটো হৃদয় বিদাৰক ঘটনা৷ এফালে স্বাধীনতা লাভৰ আনন্দ, আনফালে দ্বিখণ্ডিত ভাৰতবৰ্ষৰ হৃদয় বিদাৰক কাহিনী ৷

 

১৯৪৭ চনত সংঘটিত হোৱা প্ৰথমটো গোষ্ঠী সংঘৰ্ষত ২ লাখৰো অধিক লোকে আত্মবলিদান দিছিল ৷ তাৰ পাছত ১৯৫৭ চনত তামিলনাডুৰ ৰামাণ্ডাত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত প্ৰায় হেৰুৱাই ৩৮ গৰাকী লোকে৷

 

সেই ঘটনাত ২,৮৪২টা ঘৰ জ্বলাই দিয়া হৈছিল৷ এই ঘটনা স্বাধীন ভাৰতৰ প্ৰথমটো গোষ্ঠী সংঘৰ্ষ হিচাপে চিহ্নিত হৈছিল৷ ১৯৬৬ চনত দিল্লীত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত ১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অৰ্ধ শতাধিক লোক৷

 

১৯৬৭ চনত উত্তৰ প্ৰদেশৰ ৰাঁছী আৰু হাটিয়াত সংঘটিত গোষ্ঠী সংঘৰ্ষত ১৮৪ আৰু এই ঘটনাত ১৯৫ খন দোকানত দুষ্কৃতিকাৰীয়ে লুট-পাত চলাই বহু কোটি টকাৰ সা-সম্পত্তি ধ্বংস কৰিছিল৷

 

তাৰ পাছত ১৯৬৯ চনত গুজৰাটত সংঘটিত হয় আন এক ভয়াৱহ গোষ্ঠী সংঘৰ্ষ৷ ৫১২ গৰাকী লোকৰ মৃত্যু হৈছিল ঘটনাস্থলীত৷ সহস্ৰাধিক লোক আহত হৈছিল গুৰুতৰভাৱে৷

 

গুজৰাটত সংঘটিত হোৱা সেই ভয়ংকৰ গোষ্ঠী সংঘৰ্ষত ধ্বংস হোৱা সা-সম্পত্তিৰ মূল্য ৪ হেজাৰ কোটি টকাৰো অধিক৷
১৯৮০ চনত মোৰাদাবাদত হোৱা গোষ্ঠী সংঘৰ্ষত নিহত হৈছিল ৪ শতাধিক লোক৷

 

লুট-পাত চলোৱা হৈছিল ২০০ খনতকৈও অধিক ব্যাৱসায়িক প্ৰতিষ্ঠানত৷ এই ঘটনাতো ধ্বংস হৈছিল বহু কোটি টকাৰ সা-সম্পত্তি৷ ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা দুই সহস্ৰাধিক৷

 

অৱশ্যে অসমৰ্থিত তথ্যই দাবী কৰা অনুসৰি নেলীৰ ঘটনাত নিহত হৈছিল ১০ হেজাৰোধিক লোক৷ ১৯৮৪ চনত ভিৱাণ্ডীত সংঘটিত হয় এক সাম্প্ৰদায়িক হিংসা৷ এই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ২৭৮ গৰাকী আৰু গুৰুতৰভাৱে আহত হৈছিল সহস্ৰাধিক লোক৷

 

১৯৮৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ পাছত ৮৪ চনৰ ৩১ অক্টোৱৰৰ পৰা ৩ নৱেম্বৰলৈ পাঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত একেৰাহে হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷

 

সেই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১৭ হেজাৰৰো অধিক৷ ১৯৮৫ চনত গুজৰাটৰ আহমেদাবাদ চহৰত, ১৯৮৭ চনত উত্তৰ প্ৰদেশৰ মীৰাট চহৰত আৰু দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাই ৬ শতাধিক লোকে৷

 

একেদৰে ১৯৮৮ চনত ঔৰংগাবাদ আৰু মুজাফ্ফৰ নগৰ, ১৯৮৯ চনত জম্মু-কাশ্মীৰ, বোম্বাই, ৰাজস্থানৰ পোটা চহৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ বাডুৱান, মধ্যপ্ৰদেশৰ ইণ্ডোৰ, বিহাৰৰ ভাগলপুৰ আৰু কাশ্মীৰত সংঘটিত হৈছিল বহু কেইটা গোষ্ঠী সংঘৰ্ষ অথবা হিংসাত্মক ঘটনা৷

 

একে লেঠাৰিয়ে সংঘটিত হোৱা এই গোষ্ঠী সংঘৰ্ষত লোকৰ সংখ্যা ৩ হেজাৰৰো অধিক৷
তাৰ পাছত ১৯৯০ চনত ভাৰতৰ বিভিন্ন পুনৰ সংঘটিত হয় ভয়ংকৰ গোষ্ঠী সংঘৰ্ষ৷ গুজৰাট, উত্তৰ প্ৰদেশৰ কৰ্ণেলগঞ্জ, কৰ্ণাটক, ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰত, উত্তৰ প্ৰদেশ আৰু হায়দৰাবাদত সংঘটিত হোৱা বিক্ষিপ্ত হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ৫ শতাধিক৷ ভাৰতবৰ্ষত সংঘটিত হোৱা এই গোষ্ঠী সংঘৰ্ষত নিহত হোৱা লোকৰ তথ্যই আজিও দেশৰ শান্তিকামী জনতাক বাকৰুদ্ধ কৰি তোলে৷ কিন্তু তাৰ পাছতো তেজৰ ফাকু খেল জানো শেষ হ’ল ?

 

১৯৯২ চনত পুনৰ দেশৰ কেইবাস্থানতো গোষ্ঠী সংঘৰ্ষই জীৱন কাঢ়ি নিয়ে বহু লোকৰ৷ ১৯৯২ চনত চুৰাট, বোম্বাই, কানপুৰ আৰু অসমত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত নিহত হোৱা লোকৰ সংখ্যা সহস্ৰাধিক৷ ১৯৯৩ চনত বোম্বাই মহানগৰত পুনৰ ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হয়৷ এই ঘটনাত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ১৫০০কৈও অধিক৷

 

২০০২ চনত গুজৰাটত সংঘটিত হয় বিভিন্ন হিংসাত্মক ঘটনা৷ এই ঘটনাই প্ৰাণ কাঢ়ি নিয়ে ২ সহস্ৰাধিক লোকৰ আৰু নিৰুদ্দিষ্ট হয় ২ লাখৰো অধিক লোক৷ জীৱনলৈ ঘূণীয়া হয় ৩ সহস্ৰাধিক লোক৷

 

১৯৮৯ চনত বিহাৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ তথ্য আৰু ভয়াৱহ৷ এই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১০০০৷ কিন্তু গোষ্ঠী সংঘৰ্ষৰ পাছত নিৰুদ্দিষ্ট হৈছিল ৫০ হেজাৰৰো অধিক লোক৷

 

একেদৰে ১৯৯২ চনত মহাৰাষ্ট্ৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ পাছত নিৰুদ্দিষ্ট হয় সহস্ৰাধিক লোক৷ একেদৰে ২০১৩ চনত উত্তৰ প্ৰদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনাত নিহত হৈছিল ৪২ গৰাকী লোক আৰু গুৰুতৰভাৱে আহত হৈছিল ৯৩ গৰাকী লোক৷

 

কিন্তু এই ঘটনাৰ পাছতো নিৰুদ্দিষ্ট হয় ৫০ হাজাৰৰো অধিক লোক৷ সেইসকল লোকৰো আজি পৰ্যন্ত সুং-সূত্ৰ নোলাল৷
ভাৰতবৰ্ষৰ ইতিহাসত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ কিছু তথ্যহে উল্লেখ কৰা হৈছে ৷

 

ইয়াৰ উপৰিও দেশত সংঘটিত হৈছিল অন্য বহু গোষ্ঠী সংঘৰ্ষ৷ সেই তথ্যও হয়তো অধিক হৃদয় বিদাৰক৷ কিন্তু এই লেখাত উল্লেখ কৰা গোষ্ঠী সংঘৰ্ষসমূহত নিহত হোৱা লোকৰ সংখ্যা ৪ লাখৰো অধিক৷ তাৰ সমান্তৰালভাৱে নিৰুদ্দিষ্ট হৈ পৰে অন্য ৫ লক্ষ লোক৷

 

অৰ্থাৎ ভাৰতবৰ্ষৰ কষ্টোপাৰ্জিত স্বাধীনতাৰ ইতিহাসত ইমান বৃহৎসংখ্যক লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে কিয়?

 

এয়া মানৱ সভ্যতাৰ অসহনশীল মানসিকতা নে অন্য কোনো সমাজবিৰোধী তৃতীয় শক্তিৰ হিংসা অথবা বিভৎস জিঘাংসাৰ চৰম পৰিণতি নেকি?

 

কাৰণ যিয়েই নহওক কিয়, প্ৰতিগৰাকী শান্তিপ্ৰিয় নাগৰিকে বিচাৰে দেশৰ নাগৰিকৰ মাজত হোৱা তেজৰ ফাকু খেল যেন ইয়াতেই সমাপ্ত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assamdaily horoscope for today in assameseindependence dayindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
Next Post
মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ'ল কিন্তু সলনি নহ’ল কংগনা!

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.