• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

4 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

6 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

6 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

6 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

7 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

7 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

8 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

8 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

9 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

10 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

11 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

12 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

editor by editor
June 19, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?
0
SHARES
380
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ভাৰতৰ লক্ষ লক্ষ জনতাই সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে সুদীৰ্ঘ ২০০ বছৰীয়া সংগ্ৰাম চলাই আজুৰি আনিছিল বহু আকাংক্ষিত স্বাধীনতা৷

 

বিশ্বৰ মানচিত্ৰত বিশেষ স্থান লাভ কৰিছিল ভাৰতবৰ্ষৰ ভৌগোলিক আৰু ৰাজনৈতিক সাৰ্বভৌমত্ৱই ৷ ১০ হেজাৰ বছৰৰো অধিক পুৰণি ভাৰতীয় সভ্যতাৰ আৰম্ভ হৈছিল এক নতুন যাত্ৰা৷

 

বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজত গঢ়ি উঠা ভাৰতীয় সভ্যতাৰ মাজত থকা এক কলংকিত ইতিহাসে আজিও দেশৰ শান্তিপ্ৰিয় কোটি কোটি জনগণক বিব্ৰত আৰু বাকৰুদ্ধ কৰি তোলে৷ কি সেই কলংকিত অধ্যায়?

 

হয়, ইয়াক এইবাবেই কলংকিত বুলিব পাৰি যে এই অধ্যায় সৃষ্টি হৈছে জনতাৰ তেজেৰে৷ অন্য অৰ্থত ভাৰতবৰ্ষৰ সভ্যতাত থকা ৰক্তপাতৰ অধ্যায়ে হৃদয় দগ্ধ কৰিব আপোনাৰো৷

 

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ইতিমধ্যে সংঘটিত হৈ যোৱা গোষ্ঠী সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লক্ষ লোকে৷ চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহু লোক৷ গোষ্ঠী সংঘৰ্ষ অথবা হিংসাত্মক ঘটনাৰ পাছত নিৰুদ্দিষ্ট হোৱা লোকৰ সংখ্যাও দুই লক্ষাধিক৷

 

ভাৰতত সংঘটিত হোৱা এনে কেইটামান ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ তথ্য প্ৰকাশ কৰিব বিচৰা হৈছে৷
দেশ বিভাজনৰ সময়ত সংঘটিত হৈছিল প্ৰথমটো হৃদয় বিদাৰক ঘটনা৷ এফালে স্বাধীনতা লাভৰ আনন্দ, আনফালে দ্বিখণ্ডিত ভাৰতবৰ্ষৰ হৃদয় বিদাৰক কাহিনী ৷

 

১৯৪৭ চনত সংঘটিত হোৱা প্ৰথমটো গোষ্ঠী সংঘৰ্ষত ২ লাখৰো অধিক লোকে আত্মবলিদান দিছিল ৷ তাৰ পাছত ১৯৫৭ চনত তামিলনাডুৰ ৰামাণ্ডাত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত প্ৰায় হেৰুৱাই ৩৮ গৰাকী লোকে৷

 

সেই ঘটনাত ২,৮৪২টা ঘৰ জ্বলাই দিয়া হৈছিল৷ এই ঘটনা স্বাধীন ভাৰতৰ প্ৰথমটো গোষ্ঠী সংঘৰ্ষ হিচাপে চিহ্নিত হৈছিল৷ ১৯৬৬ চনত দিল্লীত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত ১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অৰ্ধ শতাধিক লোক৷

 

১৯৬৭ চনত উত্তৰ প্ৰদেশৰ ৰাঁছী আৰু হাটিয়াত সংঘটিত গোষ্ঠী সংঘৰ্ষত ১৮৪ আৰু এই ঘটনাত ১৯৫ খন দোকানত দুষ্কৃতিকাৰীয়ে লুট-পাত চলাই বহু কোটি টকাৰ সা-সম্পত্তি ধ্বংস কৰিছিল৷

 

তাৰ পাছত ১৯৬৯ চনত গুজৰাটত সংঘটিত হয় আন এক ভয়াৱহ গোষ্ঠী সংঘৰ্ষ৷ ৫১২ গৰাকী লোকৰ মৃত্যু হৈছিল ঘটনাস্থলীত৷ সহস্ৰাধিক লোক আহত হৈছিল গুৰুতৰভাৱে৷

 

গুজৰাটত সংঘটিত হোৱা সেই ভয়ংকৰ গোষ্ঠী সংঘৰ্ষত ধ্বংস হোৱা সা-সম্পত্তিৰ মূল্য ৪ হেজাৰ কোটি টকাৰো অধিক৷
১৯৮০ চনত মোৰাদাবাদত হোৱা গোষ্ঠী সংঘৰ্ষত নিহত হৈছিল ৪ শতাধিক লোক৷

 

লুট-পাত চলোৱা হৈছিল ২০০ খনতকৈও অধিক ব্যাৱসায়িক প্ৰতিষ্ঠানত৷ এই ঘটনাতো ধ্বংস হৈছিল বহু কোটি টকাৰ সা-সম্পত্তি৷ ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা দুই সহস্ৰাধিক৷

 

অৱশ্যে অসমৰ্থিত তথ্যই দাবী কৰা অনুসৰি নেলীৰ ঘটনাত নিহত হৈছিল ১০ হেজাৰোধিক লোক৷ ১৯৮৪ চনত ভিৱাণ্ডীত সংঘটিত হয় এক সাম্প্ৰদায়িক হিংসা৷ এই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ২৭৮ গৰাকী আৰু গুৰুতৰভাৱে আহত হৈছিল সহস্ৰাধিক লোক৷

 

১৯৮৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ পাছত ৮৪ চনৰ ৩১ অক্টোৱৰৰ পৰা ৩ নৱেম্বৰলৈ পাঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত একেৰাহে হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷

 

সেই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১৭ হেজাৰৰো অধিক৷ ১৯৮৫ চনত গুজৰাটৰ আহমেদাবাদ চহৰত, ১৯৮৭ চনত উত্তৰ প্ৰদেশৰ মীৰাট চহৰত আৰু দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাই ৬ শতাধিক লোকে৷

 

একেদৰে ১৯৮৮ চনত ঔৰংগাবাদ আৰু মুজাফ্ফৰ নগৰ, ১৯৮৯ চনত জম্মু-কাশ্মীৰ, বোম্বাই, ৰাজস্থানৰ পোটা চহৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ বাডুৱান, মধ্যপ্ৰদেশৰ ইণ্ডোৰ, বিহাৰৰ ভাগলপুৰ আৰু কাশ্মীৰত সংঘটিত হৈছিল বহু কেইটা গোষ্ঠী সংঘৰ্ষ অথবা হিংসাত্মক ঘটনা৷

 

একে লেঠাৰিয়ে সংঘটিত হোৱা এই গোষ্ঠী সংঘৰ্ষত লোকৰ সংখ্যা ৩ হেজাৰৰো অধিক৷
তাৰ পাছত ১৯৯০ চনত ভাৰতৰ বিভিন্ন পুনৰ সংঘটিত হয় ভয়ংকৰ গোষ্ঠী সংঘৰ্ষ৷ গুজৰাট, উত্তৰ প্ৰদেশৰ কৰ্ণেলগঞ্জ, কৰ্ণাটক, ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰত, উত্তৰ প্ৰদেশ আৰু হায়দৰাবাদত সংঘটিত হোৱা বিক্ষিপ্ত হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ৫ শতাধিক৷ ভাৰতবৰ্ষত সংঘটিত হোৱা এই গোষ্ঠী সংঘৰ্ষত নিহত হোৱা লোকৰ তথ্যই আজিও দেশৰ শান্তিকামী জনতাক বাকৰুদ্ধ কৰি তোলে৷ কিন্তু তাৰ পাছতো তেজৰ ফাকু খেল জানো শেষ হ’ল ?

 

১৯৯২ চনত পুনৰ দেশৰ কেইবাস্থানতো গোষ্ঠী সংঘৰ্ষই জীৱন কাঢ়ি নিয়ে বহু লোকৰ৷ ১৯৯২ চনত চুৰাট, বোম্বাই, কানপুৰ আৰু অসমত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত নিহত হোৱা লোকৰ সংখ্যা সহস্ৰাধিক৷ ১৯৯৩ চনত বোম্বাই মহানগৰত পুনৰ ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হয়৷ এই ঘটনাত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ১৫০০কৈও অধিক৷

 

২০০২ চনত গুজৰাটত সংঘটিত হয় বিভিন্ন হিংসাত্মক ঘটনা৷ এই ঘটনাই প্ৰাণ কাঢ়ি নিয়ে ২ সহস্ৰাধিক লোকৰ আৰু নিৰুদ্দিষ্ট হয় ২ লাখৰো অধিক লোক৷ জীৱনলৈ ঘূণীয়া হয় ৩ সহস্ৰাধিক লোক৷

 

১৯৮৯ চনত বিহাৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ তথ্য আৰু ভয়াৱহ৷ এই ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১০০০৷ কিন্তু গোষ্ঠী সংঘৰ্ষৰ পাছত নিৰুদ্দিষ্ট হৈছিল ৫০ হেজাৰৰো অধিক লোক৷

 

একেদৰে ১৯৯২ চনত মহাৰাষ্ট্ৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ পাছত নিৰুদ্দিষ্ট হয় সহস্ৰাধিক লোক৷ একেদৰে ২০১৩ চনত উত্তৰ প্ৰদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনাত নিহত হৈছিল ৪২ গৰাকী লোক আৰু গুৰুতৰভাৱে আহত হৈছিল ৯৩ গৰাকী লোক৷

 

কিন্তু এই ঘটনাৰ পাছতো নিৰুদ্দিষ্ট হয় ৫০ হাজাৰৰো অধিক লোক৷ সেইসকল লোকৰো আজি পৰ্যন্ত সুং-সূত্ৰ নোলাল৷
ভাৰতবৰ্ষৰ ইতিহাসত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ কিছু তথ্যহে উল্লেখ কৰা হৈছে ৷

 

ইয়াৰ উপৰিও দেশত সংঘটিত হৈছিল অন্য বহু গোষ্ঠী সংঘৰ্ষ৷ সেই তথ্যও হয়তো অধিক হৃদয় বিদাৰক৷ কিন্তু এই লেখাত উল্লেখ কৰা গোষ্ঠী সংঘৰ্ষসমূহত নিহত হোৱা লোকৰ সংখ্যা ৪ লাখৰো অধিক৷ তাৰ সমান্তৰালভাৱে নিৰুদ্দিষ্ট হৈ পৰে অন্য ৫ লক্ষ লোক৷

 

অৰ্থাৎ ভাৰতবৰ্ষৰ কষ্টোপাৰ্জিত স্বাধীনতাৰ ইতিহাসত ইমান বৃহৎসংখ্যক লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে কিয়?

 

এয়া মানৱ সভ্যতাৰ অসহনশীল মানসিকতা নে অন্য কোনো সমাজবিৰোধী তৃতীয় শক্তিৰ হিংসা অথবা বিভৎস জিঘাংসাৰ চৰম পৰিণতি নেকি?

 

কাৰণ যিয়েই নহওক কিয়, প্ৰতিগৰাকী শান্তিপ্ৰিয় নাগৰিকে বিচাৰে দেশৰ নাগৰিকৰ মাজত হোৱা তেজৰ ফাকু খেল যেন ইয়াতেই সমাপ্ত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assamdaily horoscope for today in assameseindependence dayindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
Next Post
মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ'ল কিন্তু সলনি নহ’ল কংগনা!

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.