ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ অনুৰাগীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি৷ বিশ্বৰ বিভিন্ন কোণত আছে বিৰাটৰ অনুৰাগী৷ বিৰাট খেলত যেনেকৈ পাৰফেক্ট, ষ্টাইলটো বিৰাটৰ আছে পাৰ্ফেকছনৰ কথা৷ বিৰাটৰ ষ্টাইলিছ লুকছৰ বহুতেই প্ৰশংসা কৰে৷ তেওঁৰ জোতা, ঘড়ী, কাপোৰ সকলোতে থাকে সুকীয়া ষ্টাইল৷ শেহতীয়াকৈ এক ৰিপৰ্টত বিৰাটে পিন্ধা ঘড়ীৰ বিষয়ে চৰ্চা চলিছে৷ শেহতীয়াকৈ বিৰাট কোহলীক বিমানবন্দৰত দেখা যাওঁতে তেওঁৰ হাতত থকা ঘড়ীটোৰ ছবি ভাইৰেল হৈ আছে৷ বিৰাটে ষ্টেডিয়ামতো সেই বিশেষ ঘড়ীটো পিন্ধি আছিল৷ বিৰাটৰ এই ঘড়ীৰ নাম হৈছে পেটেক ফিলিপ নটিলাছ ৫৭১২ ৰ’জ গোল্ড৷ এই ঘড়ীৰ মূল্য হৈছে ১ লাখ ৮৩ হাজাৰ ৪৪৪ মাৰ্কিন ডলাৰ৷
এই ঘড়ীৰ বিশেষত্ব কি?
ভাৰতীয় মুদ্ৰাত এই ঘড়ীটোৰ মূল্য প্ৰায় ১.৫ কোটি টকা৷ এই ঘড়ীটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াত সোণৰ কাঁটা ব্যৱহাৰ কৰা হৈছে যিয়ে অন্ধকাৰতো উজ্বল হৈ থাকে৷ যাৰ ফলত এন্ধাৰতো সময় চোৱা তেনেই সহজ৷ এই ঘড়ীৰ ওপৰিও বিৰাটে পৰিধান কৰে আন এক ব্ৰেণ্ডৰ ঘড়ী৷ ৰলেক্স ডেটাজাষ্ট কোম্পানীৰ ৪১ মিঃমিঃ শ্লেট ডায়েল ঘড়ী পৰিধান কৰে যাৰ মূল্য প্ৰায় ৭ লাখ টকা৷ এই ঘড়ীটোৰ আটাইবোৰ লেখাই ৰোমান সংখ্যা৷ ইয়াত ব্ৰেছলেট ষ্টেইনলেছ ষ্টীলৰ৷ কোহলীয়ে প্ৰায়ে পৰিধান কৰা ক’লা ডায়েলৰ ডেটনা ঘড়ী যাৰ মূল্য ২০লাখ টকা৷ এই ঘড়ীটোত আছে Cerachrom যিয়ে এই ঘড়ীটোক বিশেষত্ব প্ৰদান কৰে৷ ইয়াৰোপৰি বিৰাটৰ হাতত আছে Rolex DayDate 40 ঘড়ী, যাৰ দাম প্ৰায় ২৭ লাখ টকা৷ ইয়াৰ শ্লেট ডায়েলত অফ চেণ্টাৰ ডিস্কত দ্বিতীয় টাইম জ’ন ডিছপ্লেও আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















