ভাৰ্জিনিটী অৰ্থাৎ ‘কুমাৰীত্ব’ ঘূৰাই অনাৰ প্ৰচেষ্টা বেআইনী৷ এতিয়াৰেপৰা এনেধৰণৰ কোনো চিকিৎসাক অপৰাধ বুলি গণ্য কৰা হ’ব ব্ৰিটেইনত৷ এক চিকিৎসা আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটেইন প্ৰশাসনে৷ ব্ৰিটেইন চৰকাৰৰ ভাষ্য, যদি কুমাৰীত্ব ঘূৰাই অনাৰ প্ৰচেষ্টাক মান্যতা দিয়া হয়, তেন্তে কুমাৰীত্ব ৰক্ষা কৰাটো ব্যৰ্থ বুলি পৰোক্ষভাৱে ইন্ধন যোগাব নাৰীক৷
ব্ৰিটেইনৰ কেথেলিক প্ৰভাৱিত বহু ঠাইত এতিয়াও বিবাহৰ পূৰ্বে নাৰীৰ শাৰিৰীক কমনীয়তা বজায় ৰখাৰ ধাৰণাত বিশ্বাসী৷ তাৰ বিপৰীতে এচাম আধুনিকীকতাবাদীৰ দাবী, কুমাৰীত্ব ৰক্ষা কৰাৰ ধাৰণাটোৱেই বিবেচনাহীন ধাৰণা৷ অন্যহাতে, নাৰীবাদীসকলৰ দাবী, কুমাৰীত্ব ধাৰণাটোৱেই নাৰী জাতিক দমন কৰি ৰখাৰ এক সামাজিক অস্ত্ৰ৷
কুমাৰীত্বৰ এই সংস্কাৰ বিভিন্ন দেশৰ গোড়া সমাজত প্ৰচলিত এটি ধাৰণা৷ বিয়াৰ পাছত স্বামীৰ সৈতে যৌনমিলনৰ সময়ত যৌনাংগৰ পৰা ৰক্তপাত হোৱাকেই কুমাৰীত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হয়৷ ভাৰতত এই ধাৰণা বিশেষভাৱে প্ৰচলিত৷ ভাৰতত কুমাৰীত্ব ঘূৰাই অনাৰ চিকিৎসা জনপ্ৰিয় হোৱা নাই যদিও বাহিৰৰ দেশসমূহত জনপ্ৰিয় ব্যয়বহুল এই চিকিৎআ৷ এটা অপাৰেচনৰ বিনিময়ত চিকিৎসকক প্ৰদান কৰিব লাগে ৩০ লক্ষাধিক পৰ্যন্ত টকা৷
কিন্তু শেহতীয়াকৈ ব্ৰিটেইনৰ সংশোধিত চিকিৎসা আইনত হাইমেন’প্লাষ্টি অৰ্থাৎ হাইমেন প্ৰতিষ্ঠাপন এক অপৰাধ বুলি গণ্য কৰা হৈছে৷ এই অপৰাধৰ প্ৰমাণ হ’লে ৫ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে জৰিমনা বিহিব লাগিব প্ৰশাসনে৷ ব্ৰিটেইনৰ কোনো নাগৰিক যদি এনে চিকিৎসাৰ বাবে অন্য দেশলৈও যায় তেওঁকো অপৰাধী বুলিয়ে গণ্য কৰিব৷ প্ৰশাসনৰ এই সিদ্ধান্তক ব্ৰিটেইনৰ একাংশ মহিলাই সমৰ্থন কৰিছে যদিও বহুতেই মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি আন্দোলনৰ প্ৰসংগও উত্থাপন কৰিছে অনেক মহিলাই৷ নাৰীৰ ব্যক্তিগত সিদ্ধান্তত চৰকাৰৰ হস্তক্ষেপত ক্ষব্ধ একাংশ নাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ