মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ
কি হ’ব এইবাৰ আম আদমী পাৰ্টীৰ ঘাটি ৰাজধানী দিল্লীত। বৰ্তমানলৈকে দেখা দৃশ্যপটত বিজেপি আগত। অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টিৰ এজনো প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰা নাই এটাও সমষ্টিত। এটা সমষ্টিত আগত আছে কংগ্ৰেছ।
১১ বজালৈ হোৱা ভোট গণনা অনুসৰি, দিল্লীৰ চান্দনী চকত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ জয়প্ৰকাশ আগৰৱালে। তেখেতে ২৫৩২ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। দ্বিতীয়ত আছে বিজেপিৰ প্ৰৱীন খান্দেলৱাল।
পূৱ দিল্লীত ৪০০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ হৰ্ষ মালহোত্ৰা। দ্বিতীয়ত আছে আপৰ কুলদীপ কুমাৰ
নতুন দিল্লীত বিজেপিৰ বাসুৰী স্বৰাজ ১৩ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে দ্বিতীয়ত আপৰ সোমনাথ ভাৰতী।
উত্তৰ দিল্লীত বিজেপিৰ মনোজ তিৱাৰীয়ে ৪৫ হাজাৰ ভোটত আগতষ পাচত আছে কংগ্ৰেছৰ কান্হায়া কুমাৰ।
উত্তৰ-পশ্চিম দিল্লীত বিজেপিৰ যোগেন্দ্ৰ চাণ্ডল্য। ৫৭ হাজাৰ ভোটত আগবাঢ়ি আছে। পাছত আছে কংগ্ৰেছৰ উদিত ৰাজ।
দক্ষিণ দিল্লীত বিজেপিৰ ৰামবীৰ সিং বিধুৰী। আম আদমী পাৰ্টীৰ শ্বহী ৰামক ১৯ হাজাৰ ভোটত পিছত ৰাখিছে।
পশ্চিম দিল্লী বিজেপিৰ কমলজীত শ্বেৰাৱত। আম আদমী পাৰ্টীৰ মহাৱল মিশ্ৰাতকৈ ৩৪ হাজাৰ ভোটত আগবাঢ়ি আছে।
কেৱল দিল্লীতেই নহয় আম আদমী পাৰ্টীৰ আন এক ঘাটি পাঞ্জাৱতো পিছ পৰি আছে কেজৰিৱালৰ দলটো। কোনো এটা সমষ্টিতে এখনো আসন নোপোৱাৰ ইংগিতে দেখা দিছে আপ দলটোৰ ক্ষেত্ৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ