যোৱা জানুৱাৰি আৰু ফেব্ৰুৱাৰি মাহত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শীতে কোবাই গৈছিল৷ ইয়াৰ পিছতে বিগত মাৰ্চ মাহত অসমসহ দেশৰ বিভিন্ন ৰাজ্যত বতৰ উষ্ণতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷
যোৱা কিছুদিন অসমসহ দেশৰ লগতে বিভিন্ন এলেকাত বৰষুণ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে দেশৰ বিভিন্ন অঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা গৈছে৷
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে(IMD) প্ৰকাশ কৰা অনুসৰি এপ্ৰিলত মাহত দেশৰ বিভিন্ন অঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি পাব৷
লগতে পঢ়ক অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?
বিভাগৰ মহানিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই বুধবাৰে প্ৰকাশ কৰা অনুসৰি অনাগত দিনত বতৰ উষ্ণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ মহাপাত্ৰ কয় যে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰত অঞ্চল তাপমাত্ৰা বৃদ্ধি পাব৷ গুজৰাট আৰু ৰাজস্থানৰ পৰা মধ্যপ্ৰদেশ আৰু ছত্তিশগড়লৈকে তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
ইয়াৰ পূৰ্বেও আইএমডিয়ে পূৰ্বানুমান কৰিছিল যে এপ্ৰিলত মাৰ্চতকৈ গৰমৰ মাত্ৰা বৃদ্ধি পাব৷ মহাপাত্ৰৰ মতে দেশৰ বিভিন্ন অংশত ১৫ এপ্ৰিল পৰ্যন্ত ই ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
লগতে পঢ়ক নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল
আইএমডিয়ে এক বিবৃতিত কয় যে ২৭ মাৰ্চলৈকে বৰ্তমানৰ তাপ প্ৰবাহ মুখ্যতঃ পশ্চিম ৰাজস্থান, গুজৰাটৰ কাষৰীয়া আৰু পশ্চিম মধ্য প্ৰদেশত ২৭ মাৰ্চত আৰম্ভ হৈছিল। ই ২৯ মাৰ্চৰ ভিতৰত পূব ৰাজস্থান, পূব মধ্য প্ৰদেশ, দক্ষিণ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দক্ষিণ অংশত উপস্থিত হৈছিল আৰু হিমালয় অঞ্চলতো তীব্ৰ গৰম অব্যাহত আছে।
বিভাগটোৰ মতে, উত্তৰ সমভূমি, মধ্য ভাৰতৰ কিছু অংশ আৰু পশ্চিম হিমালয় অঞ্চলত নিৰন্তৰ আৰু তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতি দেখা গৈছে। উচ্চ উচ্চতাত সৰ্বাধিক তাপমাত্ৰা ২৫ ৰ পৰা ৩৩ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আছে। অৱশ্যে, এপ্ৰিল মাহৰ আগৰ তথ্যই দেখুৱাই যে এনে পৰিস্থিতি অস্বাভাৱিক নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ