সোমবাৰ ১৭মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত শুক্ৰাদিত্য ৰাজযোগ থাকিব৷ মাৰ্চ মাহৰ এই তৃতীয় সপ্তাহত মীন ৰাশিত সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত এই ৰাজযোগ গঠিত হব৷ জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ তৃতীয় সপ্তাহত শুক্ৰাদিত্য যোগৰ প্ৰভাৱত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে? জানি থওক ১৭ মাৰ্চৰ পৰা ২৩ মাৰ্চৰ ভিতৰত এই সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকে?
বৃষ ৰাশি
মাৰ্চ মাহৰ তৃতীয় সপ্তাহ অত্যন্ত লাভজনক হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় কোনো ভাল খবৰ পাব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকৰ এই সময় ভালকৈ যাব৷ চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কামত অংশ লোৱাৰ সুযোগ পাব আপুনি৷ অফিচত চিনিয়ৰে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
মিথুন ৰাশি
নতুন সপ্তাহত সৌভাগ্য আৰু সুখ আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক নিজৰ কাষত পাব৷ সপ্তাহৰ আৰম্ভণিতেই সুখবৰ পাব পাৰে৷ নিজৰ জ্ঞান আৰু বুদ্ধি কামত লগাই সাফল্য অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ দীৰ্ঘদিন ধৰি কোনো সমস্যাত ভূগি থাকিলে এই সময়ত মুক্তি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷
সিংহ ৰাশি
মাৰ্চৰ তৃতীয় সপ্তাহত ভাগ্যক কাষত পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মাজত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব৷ সকলো কাম সহজে আৰু সময়মতে সম্পন্ন কৰিব পাৰিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে ডাঙৰ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে৷ সন্তান সংক্ৰান্তিয় ভাল খবৰ পাব সিংহ ৰাশিৰ জাতকে৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ