দিনক দিনে বাঢ়িছে কৰ্কটত আক্ৰান্তৰ সংখ্যা৷ মহিলাৰ মাজতো বাঢ়িছে কৰ্কট আক্ৰান্তৰ সংখ্যা৷ বহুসংখ্যক মহিলাই আক্ৰান্ত হ’ব ধৰিছে স্তনৰ কৰ্কটত৷ স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা এই ৰোগ নিৰ্মূল কৰিব পাৰি৷
মহিলাসকলে প্ৰায়ে স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ আৰু সতৰ্কবাণী আওকাণ কৰে৷ ইয়াক এটা সাধাৰণ সমস্যা বুলি ভাবি লয়৷ কিন্তু এই কেন্সাৰ যিমান সোনকালে চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰা হয় সিমানেই সুস্থ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ স্তন কেন্সাৰ প্ৰাৰম্ভিক পৰ্যায়ত কেনেকৈ ধৰা পেলাব পাৰি?
স্তনৰ আকৃতিৰ সলনি – যদি স্তনৰ আকৃতি সলনি হোৱা যেন লাগে, তেন্তে ই স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
নিপলৰ পৰা তৰল নিৰ্গমন – যদি কোনো কাৰণ নোহোৱাকৈ নিপলৰ পৰা নিৰ্গমন বা তেজৰ দৰে তৰল পদাৰ্থ ওলাই আহে, তেন্তে ই স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
স্তনত বিষ আৰু ফুলি উঠা – স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত এটা হ’ল স্তনত বিষ আৰু ফুলি উঠা।
খজুৱতি – স্তনত খজুৱতি অনুভৱ হ’ব পাৰে, আৰু কেতিয়াবা স্তনত দাগো দেখা দিব পাৰে।
স্তন কেন্সাৰৰ বিপদজনক কাৰক
- পুৰুষতকৈ মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি।
- ৫০ বছৰৰ ওপৰৰ মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি।
- যদি পৰিয়ালৰ কোনোবা স্তন কেন্সাৰত আক্ৰান্ত হৈছে তেন্তে জেনেটিকেলি এই কেন্সাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
- মেদবহুলতাই কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।
- যোগ, ব্যায়াম আদি কৰি থকাটো স্বাস্থ্যৰ বাবে ভাল৷ বহি থকা জীৱনশৈলীয়ে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
- ধূমপান আৰু অত্যধিক মদ্যপানেও কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















