• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

4 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

4 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

9 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

10 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

editor by editor
June 2, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ সীমান্ত কোঁৱৰঃ বসন্ত  কাল আৰম্ভ  হোৱাৰ লগে প্ৰাকৃতিক পৰিবৰ্তনে ধৰালৈ ৰং ৰহইছ আৰু আনন্দ কঢ়িয়াই অনাৰ লগতে ঋতুজনিত নানান ৰোগো কঢ়িয়াই আনে। শীত শেষ হৈ বসন্ত কাল সোমোৱাৰ লগে লগে বতৰৰ পৰিৱৰ্তন হৈ আৰু গৰমৰো আৰম্ভণি হয়। এই সময়ছোৱাত নানান বেমাৰৰ বীজাণু সংক্ৰমিত হয়। কিন্তু বেমাৰৰ বীজাণুৰ অবিহনেও শৰীৰত এই সময়ছোৱাতে কিছুমান ৰোগে দেখা দিয়ে। তাৰ ভিতৰত বিভিন্ন ধৰণৰ এলাৰ্জি জাতীয় ৰোগেই প্ৰধান। সৰ্বসাধাৰণ লোকে এলাৰ্জী ৰোগ কেৱল ছালতে হয় বুলি ভাবে যদিও শৰীৰৰ আন আন অংগতো এলাৰ্জী ৰোগ হোৱা দেখা যায়। এইবোৰৰ ভিতৰত বসন্ত ঋতুত আৰম্ভ হোৱা চকুৰ এলাৰ্জি  ৰোগ এবিধ  অতি কষ্টদায়ক  ৰোগ। চিকিৎসা শাস্ত্ৰত ইয়াক ভাৰনেল কনঞ্জাকতিভাইটিচ  (Vernal conjunctivitis)  বোলা হয়।

চকুত  বিভিন্ন ধৰণৰ এলাৰ্জী হয় যদিও ঋতুকালীন এলাৰ্জী ৰোগেই প্ৰধান। এই ৰোগ বসন্ত কালত আৰম্ভ হৈ শীত কালৰ আৰম্ভণিলৈকে বৰ্তি থাকে। ইয়াৰ সঠিক কাৰণ বিচাৰি উলিওৱা কঠিন যদিও ধূলি বালি, গৰম বতৰ, ঘাঁহ জাতীয় উদ্ভিদৰ পৰা উদ্ভৱ হোৱা  ৰেণু  আদিয়েই ইয়াৰ অন্যতম কাৰণ বুলি কব পাৰি।

আমাৰ শৰীৰৰ ছালখনতকৈ চকুৰ পতাৰ তলত কলা মণিটোৰ চাৰিও ফালে থকা ছালখন অতি বেছি সংবেদনশীল। সেয়ে যি কোনো এলাৰ্জিৰ কাৰকে চকুত অতি শ্ৰীঘ্ৰে ক্ৰিয়া কৰে। মণিৰ চাৰিওফালে থকা চকুৰ অৱৰণখন দেখাত বগা যদিও ই আচলতে এখন স্বচ্ছ অৱৰণহে। এই অৱৰণখনৰ তলত থকা বগা ৰঙৰ চকুৰ পেশীসমূহৰ বাবেহে আমি এই আৱৰণখনক  বগা দেখো। এই আৱৰণখনক চিকিৎসা শাস্ত্ৰত কনঞ্জাক্ তাইভা (Conjunctiva) বোলা হয়। এই অৱৰণখন চকুৰ মণিৰ চাৰিওফালৰ উপৰিও চকুৰ দুয়োখন পতাৰ ভিতৰ ভাগ আৱৰি ৰাখে। চকুৰ এলাৰ্জী ৰোগত  মূলত এই কনঞ্জাক্ তাইভাখনেই ঘাইকৈ আক্ৰান্ত হয়।

লগতে পঢ়ক মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

কোনবোৰ ঠাইত চকুৰ এলাৰ্জি বেছি— সাধাৰণতে ভাৰতবৰ্ষৰ দৰে পৃথিৱীৰ অন্যান্য নাতিশীতোষ্ণ ঠাইত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। অত্যন্ত গৰম আৰু অত্যন্ত ঠাণ্ডা ঠাইত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম। তাৰোপৰি আমাৰ দৰে দেশতো শীতকালত এই ৰোগ প্ৰায়েই দেখা নাযায়।

বয়স—  ৪ ৰপৰা ২০ বছৰৰ লোকৰ মাজত  এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছি। তথাপি আন বয়সৰ লোকৰ ক্ষেত্রতো এই ৰোগ হোৱা দেখা যায়। অৰ্থাৎ শৈশৱ আৰু যৌৱন কালত এই ৰোগ বেছি হোৱা দেখা যায়। তাৰোপৰি ছোৱালীতকৈ ল’ৰাৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ  বেছি।

ৰোগৰ লক্ষণ— ঋতুকালীন চকুৰ এলাৰ্জী ৰোগত আমাৰ অতি সংবেদনশীল ৷ কনঞ্জাক্ তাইভাখনত তৎকালীন জৈৱ ৰাসায়িনক  বিক্ৰিয়া ঘটে। যাৰ ফলত অৱৰণখন ৰঙা পৰি সামান্যৰ পৰা বেছি পৰিমানে  ফুলি উঠিব পাৰে। কেতিয়াবা চকুৰ পতাও ফুলি উঠা দেখা যায়। এই ৰোগত আক্ৰান্ত ৰোগীৰ অত্যন্ত চকুৰ খজুৱতি হয়। প্ৰথমে সামান্য খজুৱতি আৰম্ভ হৈ পিছলৈ ইয়াৰ মাত্ৰা  বহু পৰিমানে বৃদ্ধি পায়। বহু সময়ত চকুত ইমানেই খজুৱতি হয় যে ৰোগীয়ে চকুৰ পৰা হাত আঁতৰাবই নোৱাৰে। চকুহাল ৰঙা পৰে আৰু চকুত পুৰণি উঠে।  চকুৰ ভিতৰত অনবৰতে ধূলি মাকতি সোমাই থকাৰ দৰে অনুভৱ হয়। চকুৰ পৰা পানী ওলায়। দিন দুপৰতে চকুৰ পৰা ৰচীৰ দৰে দীঘলীয়াকৈ ফেচকুৰি ওলোৱা দেখা যায়। ৰচীৰ দৰে ওলোৱা ফেচকুৰি এই ৰোগৰ এটা অন্যতম লক্ষণ। ৰোগীয়ে ৰাতিপুৱা চকুহাল মেলিবলৈ কষ্ট পাই কাৰণ ফেচকুৰি গোট মাৰি চকুৰ পতা দুখন কেতিয়াবা বন্ধ কৰি ৰাখে। যিমানে গৰমৰ মাত্ৰা  বৃদ্ধি পায় সিমানে খাজুৱতি তীব্রতৰ হৈ উঠে। ৰোগত আক্ৰান্ত হৈ থকা  সময়ত ঠাণ্ডা ঠাই আৰু ঠাণ্ডা বতৰত খজুৱতি কিছু পৰিমানে হ্ৰাস পায়। উজ্জ্বল  পোহৰত  চকু মেলিবলৈ অত্যন্ত অসুবিধা হয়। বহু সময়ত ৰোগীয়ে চকুহাল খাজুৱাই খজুৱাই চকুৰ পতাত ঘাঁৰ সৃষ্টি কৰা দেখা যায়। সাধাৰণতে এই ৰোগত চকুৰ  দৃষ্টি শক্তি হ্ৰাস নেপায় যদিয়ে বহু সময়ত অনবৰতে চকুহাল খাজুৱাই থকা বাবে বা চকুৰ পৰা পানী ওলাই থকা বাবে দৃষ্টি শক্তি কমি যোৱাৰ দৰে অনুভৱ হয়।

লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

কোনো কোনো সময়ত এই ৰোগে কনঞ্জাক্ তাইভা (Conjunctiva) অংশ অতিক্ৰম কৰি চকুৰ মণিও আক্ৰান্ত কৰা দেখা যায়। চকুৰ মণি আক্রান্ত হলে মণিত ঘাঁ লাগে আৰু দৃষ্টি শক্তিত প্ৰভাৱ পৰে আৰু ৰোগৰ সময় সীমা বৃদ্ধি পায়। চকুৰ মণি আক্ৰান্ত হ’লে ইয়াক কেৰাট’কনঞ্জাকতিভাইটিচ  (Keratoconjunctivitis ) বুলি কোৱা হয়। চকুৰ এলাৰ্জী ৰোগে এনে পর্যায় পালে কিছু জটিলতাৰ সৃষ্টি হব পাৰে।

চিকিৎসা—  এই ৰোগে এবাৰ দেখা দিলে কেইবা বছৰৰ বাবেও থাকি যাব পাৰে। সাধাৰণতে এবাৰ এই ৰোগ হলে ৫ ৰ পৰা ১০ বছৰ পৰ্যন্ত থাকিব পাৰে। ইয়াৰ পিছৰ পৰ্যায়ত ই লাহে লাহে চকুৰ পৰা নোহোৱা হৈ যায়। যদিও ৫ ৰ পৰা ১০  বছৰ এই ৰোগ থাকে তথাপি শীত কালত বা ঠাণ্ডা ঠাইত এই ৰোগে দেখা নিদিয়ে। অনুকূল পৰিবেশ পালেহি ইযাৰ লক্ষণে দেখা দিয়ে। অৰ্থাৎ  আগেয়ে চকুৰ ঋতুকালীন এলাৰ্জি ৰোগত ভুগি  থকা ৰোগী এজন বসন্ত বা গ্ৰীষ্ম কালত কোনো ঠাণ্ডা ঠাইত থাকিবলৈ গ’লে সেই সময়ত তেওঁৰ সেই ৰোগ নহ’বও পাৰে। কিন্তু তেওঁ ৰোগত আক্ৰান্ত হোৱা বিশেষ ঠাই খনলৈ ঘূৰি আহিলে পুনৰ সেই ৰোগ হ’ব পাৰে। চিকিৎসা বিজ্ঞানে এই ৰোগৰ বিভিন্ন ঔষধ উদ্ভাৱন কৰিছে যদিও ই কেৱল সাময়িক উপশমহে ঘটায়। কাৰণ এই ৰোগ এবিধ স্ব নিয়ন্ত্ৰিত ৰোগ। অৰ্থাৎ যিমান সময়লৈকে শৰীৰত ই বসতি কৰিব সিমানখিনি সময় ৰোগৰ লক্ষণে দেখা দি থাকিব। কিন্তু এটা নির্দিষ্ট সময়ৰ পিছত ই সম্পূৰ্ণ ৰূপে নোহোৱা হৈ যাব। এই ৰোগত আক্ৰান্ত হোৱা যেন পালে নিজাকৈ কোনো চিকিৎসা নলৈ  ততালিকে চকু  বিশেষজ্ঞৰ কাষ চপা অতি দৰকাৰ।

ঘৰুৱা প্ৰতিকাৰ— অত্যন্ত খজুৱতিৰ পৰা হাত সাৰিবলৈ ৰোগীয়ে চকুত ঠাণ্ডা পানীৰ সেক লব পাৰে।  প্ৰখৰ ৰ’দ আৰু উজ্জ্বল পোহৰৰ পৰা আঁতৰি থাকিলে কিছু উপশম পোৱা যায়। কম পোহৰ থকা কোঠাত চকু হালে কিছু আৰাম অনুভৱ কৰে। উজ্জ্বল পোহৰৰ পৰা হাত সাৰিবলৈ কলা চচমা ব্যৱহাৰ কৰা দৰকাৰ। বহু সময়ত স্থান সলনি কৰিলেও ইয়াৰ পৰা উপশম পোৱা যায়।

লগতে পঢ়ক পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

ল’ব লগা সাৱধানতা—  ৰোগৰ লক্ষণে দেখা দিলে পলম নকৰি চিকিৎসকৰ কাষ চপা অতিকে প্ৰয়োজনীয়। লেতেৰা হাতেৰে কেতিয়াও চকু মোহাৰিব নেলাগে। পাৰিলে এখন চাফা ৰুমালেৰে চকুৰ পৰা ওলোৱা পানী মুচিব লাগে। খজুৱতি হলেও  চকুহাল জোৰেৰে মুচিব  নেলাগে। এনে কৰিলে চকুৰ পতা বা চকুৰ উপৰ ভাগত থকা ৰক্ত কেশিকা সমূহ আঘাত প্ৰাপ্ত হ’ব পাৰে। বাৰে বাৰে চকু মোহাৰি থকাৰ ফলত চকুত অন্য ৰোগৰ বীজাণুৱে সহজে আক্ৰমন কৰিব পাৰে। কণ কণ শিশুসকলৰ ক্ষেত্ৰত অধিক সাৱধান হোৱা দৰকাৰ। কাৰণ শিশুসকলৰ পৰিষ্কাৰ পৰিচন্নতাৰ জ্ঞান তেনেই সীমিত। তেনে ক্ষেত্ৰত শিশুৰ চকুহাল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে।

আমাৰ চকুহাল অতিকে সংবেদনশীল আৰু স্পৰ্শকাতৰ অংগ। চকুহালেই হৈছে মানুহৰ অন্য এক পৰিচয়। এই সুন্দৰ পৃথিৱীখন প্ৰাণ ভৰি চোৱা আৰু ভাল পোৱাৰ একমাত্ৰ মাধ্যম হৈছে মানুহৰ চকুযুৰি। ই এক ভাগবানৰ অনন্য  দান। গতিকে চকুযুৰিৰ উচিত যত্ন ল’ব পাৰিলেহে এই ধুনীয়া প্ৰথিৱীখন অধিক ধুনীয়া ৰূপত দেখিবলৈ পোৱা সম্ভৱ হ’ব।

লেখক এগৰাকী চকু বিশেষজ্ঞ, ফোন- ৯৪৩৫০-৩২৪৪০

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assameye illnesseyes diseaseshealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.