• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

4 years ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

13 minutes ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

36 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

1 hour ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

1 hour ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

20 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

20 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

21 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

21 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

22 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

23 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

24 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

editor by editor
July 12, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?
0
SHARES
18.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ এম ৰহমানঃ নিউম’নিয়াৰ নাম নুশুনা বা নেজানা মানুহ হয়তো নোলাবই। বছৰি বহুসংখ্যক লোকেই নিউম’নিয়াত আক্ৰান্ত হয়। শিশুৰ পৰা বয়স্ক ব্যক্তি পৰ্যন্ত কোনো এই ৰোগৰ কবলৰ পৰা সাৰিব নোৱাৰে। মূলতঃ হাওফাও কেন্দ্ৰিক এই ৰোগবিধৰ বিষয়ে আজি কিছু কথা বিশদভাৱে বিৱৰণ দিম। নিউম’নিয়া ৰোগবিধ হৈছে এবিধ সংক্ৰমণ, যি সংক্ৰমণৰ ফলত মানুহৰ হাওফাওৰ বায়ু জমা হোৱা ফোপালা অংশবোৰ ফুলিবলৈ ধৰে। সংক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ কাহ, কফ, জ্বৰ, কঁ‌পনি উঠা আৰু উশাহ লোৱাত কষ্ট পৰ্যন্ত হ’ব পাৰে। বিভিন্ন প্ৰকাৰৰ জীৱ-অণুজীৱ যেনে—বেক্টৰীয়া, ভাইৰাছ আদিয়ে মানৱদেহত কৰা প্ৰবেশ কৰা বা আক্ৰমণৰ ফলস্বৰূপে মানুহ এজন নিউম’নিয়া ৰোগত আক্ৰান্ত হয়। নিউম’নিয়া ৰোগৰ প্ৰাবল্য বা মাত্ৰা মৃদু পৰ্যায়ৰ পৰা প্ৰাণঘাতী পৰ্যায় পৰ্যন্ত যাব পাৰে। এই ৰোগৰ ভয়াবহতা আটাইতকৈ বেছি হয়-কেঁচুৱাৰ পৰা বাঢ়ন্ত শিশু, বয়স্ক ব্যক্তিসকল, যিসকলৰ বয়স ৬৫বছৰৰ উৰ্দ্ধত আৰু যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল। বৰ্তমান সময়ত ক’ভিডত আক্ৰান্ত ৰোগীৰো নিউম’নিয়া হোৱাৰ সম্ভাৱনা থাকে।

নিউম’নিয়া আকৌ কে’বা প্ৰকাৰৰ আছে। এই প্ৰকাৰ কেইবিধ হৈছে—

১. কমিউনিটি একুয়াৰ্ড নিউম’নিয়া (Community acquired pneumonia)— আটাইতকৈ বেছিকৈ হোৱা নিউম’নিয়া হৈছে এইবিধ নিউম’নিয়া। ‘ষ্ট্ৰেপ্ট’কাছ নিউম’নিয়া’, মাইক্ৰ’প্লাজমা, ছত্ৰক আদি বেক্টেৰীয়াৰ পৰা এইবিধ নিউম’নিয়া হয়। বা যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দুৰ্বল হয়, সেইসকল লোকো এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে।

 

লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ এটা ফোন। মোদীৰ এটা টুইট

২. হস্পিটেল একুয়াৰ্ড নিউম’নিয়া (Hospital acquired pneumonia)— এইবিধ নিউম’নিয়া আকৌ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ ফলস্বৰূপে হয়। অৰ্থাৎ কোনো এজন ব্যক্তি যদিহে আন যিকোনো ৰোগত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছে (বিশেষকৈ আই চি ইউ ত), শ্বাস-প্ৰশ্বাসৰ বাবে যদিহে ৰোগীজনক ভেন্টিলেটৰ দি ৰখা হৈছে, তেনে ক্ষেত্ৰত সেই ৰোগীজন এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। আন প্ৰকাৰৰ নিউম’নিয়াৰ তুলনাত এইবিধ বেছি জটিল আৰু গম্ভীৰ হয়। কাৰণ আক্ৰান্ত হোৱা ব্যক্তিজন ইতিমধ্যেই আন ৰোগত ভূগি দুৰ্বল হৈয়েই আছে, তেনেস্থলত পুনৰ নিউম’নিয়াত আক্ৰান্ত হ’লে নিশ্চয়কৈ তেওঁ‌ৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাব। লগতেই এইবিধ নিউম’নিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়’টিকৰ প্ৰতি প্ৰতিৰোধী ক্ষমতাও বেছি হয়।

৩. হেলথ্ কেয়াৰ একুয়াৰ্ড নিউম’নিয়া (Health care acquired pneumonia)— বহু মানুহৰে এনে কিছুমান ৰোগ থাকে, যাৰ বাবে তেওঁ‌ সঘনাই কোনো বাহ্যিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা সেৱা প্ৰতিষ্ঠানলৈ সঘনাই যাব লগা হয়। যেনে ধৰক— বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইছিছ আদি কৰোৱা। এনেবোৰ প্ৰতিষ্ঠানলৈ সঘনাই কৰা আহ-যাহৰ ফলতো এজন ৰোগী নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। এইক্ষেত্ৰতো নিউম’নিয়াই জটিল ৰূপ ল’ব পাৰে।

৪. এছপিৰেচন নিউ’নিয়া (Aspiration pneumonia)— কোনো বিশেষ খাদ্য, পানীয় আদিৰ গোন্ধ উশাহত উজাই লোৱাৰ ফলত, বমি বা দূৰ্ঘটনা আদিত পতিত হৈ হাওফাওক প্ৰভাৱান্বিত কৰাৰ ফলত এইবিধ নিউম’নিয়া হয়।

 

লগতে পঢ়ক ধাৰাষাৰ বৰষুণত বিধ্বস্ত গুজৰাটৰ জনজীৱন। বৰষুণে প্ৰাণ কাঢ়িলে ৬১জনৰ

এতিয়া আহিছো নিউম’নিয়া আক্ৰান্ত ৰোগী এজনৰ শাৰিৰীক লক্ষণসমূহলৈ। অৰ্থাৎ যিকোনো এজন ব্যক্তি নিউম’নিয়াত আক্ৰান্ত হ’লে তেওঁ‌ৰ দেহত কি কি লক্ষণে দেখা দিয়ে। অৱশ্যেই ৰোগীজনৰ বয়স আৰু সামগ্ৰিক স্বাস্থ্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহৰ প্ৰাবল্য মৃদুৰ পৰা জটিল হ’ব পাৰে৷

১. উশাহ লওঁ‌তে বা কাহিলে বুকুত বিষ অনুভৱ কৰা৷

২. ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত মানসিক সমস্যাৰ সৃষ্টি হোৱা, যেনে— বিমোৰত পৰা বা মানসিক সতৰ্কতাৰ দিশত খেলিমেলি লগা৷

৩. কফৰ সৃষ্টি হোৱাকৈ কাহ হোৱা৷

৪. সকলো সময়তে অৱসাদ বা ভাগৰুৱা অনুভৱ কৰা৷

৫. জ্বৰ, ঘামিজামি যোৱা আৰু কঁ‌পনি উঠাবিধৰ ঠাণ্ডা লগা৷

৬. বয়স্ক ব্যক্তিসকল আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ব্যক্তিসকলৰ ক্ষেত্ৰত দেহৰ স্বাভাৱিক তাপমাত্ৰাতকৈ কম তাপমাত্ৰা থকা৷

 

লগতে পঢ়ক ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

৭. ওকালি ভাব, বমি বা ডায়েৰিয়া হোৱা৷

৮. উশাহ চুটি হোৱা বা উশাহ লোৱাত সমস্যা হোৱা।

এই লক্ষণসমূহ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী। আৰু লগতেই যদিহে বুকুৰ বিষ, উশাহত সমস্যা, একেলেথাৰিয়ে উঠি থকা আৰু ১০২ ডিগ্ৰীতকৈ বেছি জ্বৰ, কাহ আৰু কাহত খেকাৰ বাহিৰ হোৱা অব্যাহত থাকে, তেন্তে আপুনি তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপক। লগতেই বয়সস্থ ব্যক্তি বা যাৰ হৃদপিণ্ড অথবা হাওফাওৰ সমস্যা আছে, তেনে ব্যক্তিৰ ক্ষেত্ৰত নিউম’নিয়া অতি সহজেই প্ৰাণঘাতী হৈ পৰিব পাৰে।

আন কি কি জটিলতা আহি পৰিব পাৰে—

১. যদিহে বেক্টেৰীয়াবিধ তেজত মিহলি হৈ পৰে, তেতিয়া ৰোগৰ সংক্ৰমণ দেহৰ আন আন অংগলৈয়ো বিয়পি পৰিব পাৰে, যাৰফলত আন অংগ বিকল হৈ পৰিব পাৰে।

২. উশাহ লোৱাত জটিলতা ইত্যাদি।

নিউম’নিয়া নহ’বৰ বাবে আপুনি নিউম’নিয়া প্ৰতিৰোধী ভেকচিন ল’ব পাৰে, যিমান পাৰি চাফ-চিকুনতা বজাই চলিব লাগে, ধূম্ৰপান কৰিব নেলাগে আৰু নিজৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাক যিমান পাৰি শক্তিশালী কৰি ৰখাৰ দিশত গুৰুত্ব দিব লাগে।

নিউম’নিয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰে। ৰোগীজন কিমান বেছি ৰোগগ্ৰস্ত, ৰোগীৰ বয়স, আন কিবা বেলেগ ৰোগ আছে নেকি— এইবোৰ দিশলৈ লক্ষ্য ৰাখি চিকিৎসকে পৰ্যাপ্ত চিকিৎসা আগবঢ়ায়। এই ৰোগৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে— ৰোগৰ সংক্ৰমণ ৰোধ কৰি জটিলতাসমূহক বাধা প্ৰদান কৰা।

 

লেখক (এম বি বি এছ, ডি এন বি(ইন্টাৰনেল মেডিচিন), পি জি ডি ডি চি,মেডিচিন আৰু মধুমেহ বিশেষজ্ঞ)মেট্ৰ’ হস্পিটেল, গুৱাহাটী৷ চিকিৎসকৰ ফোন- ৮৬৩৮৩৩৩১২২,০৩৬১২৯৬২৩৩৫৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipspneumoniapneumonia symptoms
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

January 15, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
Next Post
ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.