হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নকৰিব এই ভুল, ৯৭ লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰে বিশ্ববিখ্যাত হোৱাটছএপ। মেটাৰ মালিকানাধীন হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বিশেষ যত্ন লয়। তৎক্ষণাত বাৰ্তা প্ৰেৰণ, কলিং আৰু ভিডিঅ’ৰ দৰে সেৱা উন্নত কৰিবলৈ বিভিন্ন বৈশিষ্ট্য মুকলি কৰা হৈছে।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত হোৱাটছএপে ৯৭ লাখ একাউণ্ট নিষিদ্ধ কৰিছে।
যদি আপুনি আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ হোৱাটো নিবিচাৰে, তেন্তে ভুলতো এই তিনিটা কাম নকৰিব-
১. কাকো বিনা কাৰণত বাৰ্তা প্ৰেৰণ নকৰিব।
২. অপ্ৰয়োজনীয় ফৰৱাৰ্ডিং বাৰ্তা প্ৰেৰণ নকৰিব।
৩. স্পেম আৰু অটো-বট বাৰ্তাৰ পৰা আঁতৰি থাকিব।
আচলতে আই টি ৰুলছ ২০২১ৰ নিয়ম অনুসৰি মাহেকীয়া কম্প্লাইয়েন্স ৰিপৰ্ট হোৱাটছএপেৰে জাৰি কৰা হয়। ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদন অনুসৰি ৯৭ লাখৰো অধিক ভাৰতীয় ব্যৱহাৰকাৰীৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে।
ইয়াৰ আঁৰৰ কাৰণ হৈছে ব্যৱহাৰকাৰীসকলে প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ নকৰা। মাহেকীয়া নিৰাপত্তা প্ৰতিবেদনত এপটোৰ স্পেম, ভুৱা মেছেজ, প্ৰৱঞ্চনা বা অন্যান্য অপব্যৱহাৰ প্ৰেৰণ কৰা ব্যৱহাৰকাৰীৰ সংখ্যা সন্নিবিষ্ট কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ