বিগত ৫দশকক একাধিক উত্থান-পতনৰ মাজেৰে পাৰ হৈ আন্তৰ্জাতিক ক্ৰিকেট মানচিত্ৰত নিজৰ বাবে কিছু ঠাই পাইছে ভাৰতে। আইপিএলৰ দৰে সীমিত অভাৰৰ ক্ৰিকেট টুৰ্নামেণ্টৰ জনক হিচাপে আন্তৰ্জাতিক ক্ৰিকেট নিয়ামক সংস্থা আইচিচৰ ওচৰত ক্ৰমশ কদৰ বাঢ়িছে ভাৰতীয় ক্ৰিকেট সংস্থা বিচিচিআইৰ।
বৰ্তমান সমগ্ৰ বিশ্বৰ ক্ৰিকেট খেলা দেশসমূহৰ ভিতৰত সকলোতকৈ ধনী বৰ্ডৰ খিতাপ লাভ কৰিছে বিচিচিআইয়ে। আইচিচিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতীয় বৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলিও বহুতে দাবী কৰে। আই চিচিৰ এইধৰণৰ সিদ্ধান্তক সৈ অন্যান্য ক্ৰিকেট বৰ্ডসমূহে বাৰে বাৰে আইচিচিৰ ফালে আঙুলিও টোৱাই আহিছে। কিন্তু বিশ্ব ক্ৰিকেটত ভাৰতৰ এই প্রভাৱ এদিনতেই তৈয়াৰ হোৱা নাই। এটা সময় আছিল ভাৰতে আন্তৰ্জাতিক ক্ৰিকেট সংস্থাৰ সদস্য হ’ব নে নহ’ব তাক লৈয়ো সংশয় আছিল। অৱশ্যে তেতিয়া বিশ্ব ক্ৰিকেট সংস্থাৰ নাম ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিল বা আইচিচি নাছিল।
ভাৰতে বিশ্ব ক্ৰিকেট সংস্থাৰ সদস্য হোৱাৰ ক্ষেত্ৰত সহায়ক হৈছিল এটা ৰাজনৈতিক সিদ্ধান্ত। সিদ্ধান্ত লৈছিল এজন ৰাজনৈতিক ব্যক্তিয়ে। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। কংগ্ৰেছৰ ভিতৰচৰাত সমালোচনা হ’লেও ভাৰতক ব্ৰিটিছ কমনৱেলথৰ অন্তৰ্ভূক্ত কৰি ৰখাৰ সিদ্ধান্তত অবিচল আছিল নেহৰু। নেহৰুৰ এটা সিদ্ধান্তই ভাৰতৰ ক্ৰিকেটৰ ভাগ্য সলনি কৰি দিছিল। নেহৰুৰ কাৰ্যকালৰ সময়ত বিশ্ব ক্ৰিকেট সংস্থাৰ নাম আছিল আইচিচি। সম্পূৰ্ণ নাম হৈছে , ‘ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স।’
এই নামৰ পৰাই অনুমান কৰিব পাৰি যে ক্ৰিকেট মানেই ৰাজকীয় বেপাৰ। তেতিয়া বিশ্ব ক্ৰিকেট সংস্থা ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত চলিছিল। ১৯৪৯ চনত ভাৰত স্বাধীন হোৱাৰ পাছত চৰকাৰে সিদ্ধান্ত লয় যে, নতুন সংবিধান কাৰ্যকৰী নোহোৱা পৰ্যন্ত ৰাজতন্ত্ৰকেই আনুষ্ঠানিকভাৱে ‘ভাৰতৰ শাসক’ হিচাপে স্বীকৃতি দিব। ১৯৪৯ চনৰ নৱেম্বৰ মাহত গণপৰিষদ সংবিধান গ্ৰহণ কৰে। নতুন সংবিধান কাৰ্যকৰী হ’ল তাৰ পিছৰ বছৰত। অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত। সংবিধান অনুসৰি ভাৰতে গণতান্ত্ৰিক দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছ নেতাসকলে ব্ৰিটিছ ৰাজতন্ত্ৰৰ সৈতে সকলোধৰণৰ সম্পৰ্ক ছিন্ন কৰিব বিচাৰিলে। সেই সময়ত ব্ৰিটিছ প্রধানমন্ত্ৰী ক্লেমেণ্ট এটলি আৰু বিৰোধী নেতা উইনষ্টন চাৰ্চিল উভয়েই ভাৰতক ব্ৰিটিছ কমনৱেলথৰ অংশ হ’বৰ বাবে প্ৰস্তাৱ দিয়ে।
ভাৰত স্বাধীন হোৱাৰ পাছত বল্লভভাই পেটেলৰ দৰে কংগ্রেছৰ বহু নেতাই কমনৱেলথত থকাত আপত্তি জনায়। কিন্তু তেতিয়া সাৰ্বভৌম ক্ষমতাত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ চৰ্তত কমনৱেলথৰ সদস্য দেশ হয় ভাৰত। সেই সময়ত ‘ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স’ৰ নিয়ম আছিল যে, ব্ৰিটিছ কমনৱেলথৰ সদস্য নহ’লে বিশ্ব ক্ৰিকেট সংস্থাৰ সদস্য হিচাপে গণ্য কৰা নহ’ব। ১৯৪৮ চনত ভাৰতে ‘ই্ম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্সৰ’ অস্থায়ী সদস্য হিচাপে স্বীকৃতি লাভ কৰে। ১৯৫০ চনত কনফাৰেন্সৰ সদস্যৰে বৈঠকত বহাৰ পাছতেই জনোৱা হয় যে, ভাৰতে স্থায়ী সদস্যৰ স্বীকৃতি পাইছে। এই সিদ্ধান্ত নেহৰুৱে লোৱাৰ প্রধান কাৰণেই আছিল তেওঁ এগৰাকী ক্ৰিকেট অনুৰাগী। ব্ৰিটেইনত পঢ়াশুনাৰ সময়ত তেওঁৰ খেলৰ প্ৰতি আগ্ৰহ জন্মিছিল।
১৯৫৩ চনৰ ছেপ্টেম্বৰ মাহত প্রধানমন্ত্ৰী একাদশ বনাম উপৰাষ্ট্ৰপতি একাদশ এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচ হৈছিল। সেই মেচত স্বয়ং নেহৰুৱে প্রধানমন্ত্ৰী একাদশৰ অধিনায়ক আছিল। মেচত কিছু সময় তেওঁ ধাৰাভাষ্যকাৰ হিচাপেও কাম কৰিছিল। বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে, ৪০ বছৰ পাছত বেট ধৰিলেও নেহৰুৰ খেল দেখি সকলোৱে সেইদিনা কৈছিল পেছাদাৰী ক্ৰিকেটাৰৰ দৰেই খেলিছে প্রধানমন্ত্ৰী নেহৰুৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ