কেতিয়া সামৰণি পৰিব মহা কুম্ভ ২০২৫ ? পঢ়ক দিন, তাৰিখ আৰু শুভ সময়
১২ ফেব্ৰুৱাৰী মাঘ পূৰ্ণিমাৰ দিনা মহা কুম্ভ স্নানৰ বাবে বিপুল জনসমাগম হয়। ইয়াৰ সমান্তৰালকৈ কল্পবাসীসকলেও কালি স্নান কৰি ব্ৰত সম্পূর্ণ কৰিলে। মৌনি অমৱস্যাৰ দিনা অমৃত স্নান কৰাৰ পিছত নগা সাধুসকলে নিজ নিজ গন্তব্যস্থানৰ দিশে আগবাঢ়িছে আৰু এতিয়া প্ৰয়াগৰাজৰ এই মহা কুম্ভ লাহে লাহে সামৰণিৰ দিশে আগবাঢ়িছে।
প্ৰশাসনৰ তথ্য অনুসৰি মাঘ পূৰ্ণিমাৰ দিনা নিশা ৮ বজালৈকে মুঠ ২.০৪ লাখ লোকে স্নান কৰে। আনহাতে ১২ ফেব্ৰুৱাৰীলৈকে মুঠ ৪৮.২৯ কোটি লোকে মহা কুম্ভত স্নান কৰে।
পাছে বৰ্তমানে ভক্তৰ মনত এটা প্ৰশ্ন উত্থাপন হৈ আছে যে মহা কুম্ভ ২০২৫ কেতিয়া সামৰণি পৰিব?
১৩ জানুৱাৰী পুহ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভ ২০২৫, সেইদিনাৰ পৰাই কল্পবাসীসকলেও নিজৰ কল্পৱ আৰম্ভ কৰি কালি মাঘ মাহৰ পূৰ্ণিমাত স্নান কৰি সম্পূৰ্ণ কৰিছিল।
একে সময়তে মহা কুম্ভৰ পৰৱৰ্তী ডাঙৰ স্নান মহা শিৱৰাত্ৰিৰ উৎসৱত পৰিছে। এই দিনটোতো কোটি কোটি ভক্তই স্নান কৰিব বুলি আশা কৰা হৈছে।
১৩ জানুৱাৰীত পুহ পূৰ্ণিমাৰ দিনা আৰম্ভ হোৱা মহা কুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰীৰ দিনা। এই দিনটোতে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হৈছিল। লগতে ঈশান সংহিতাৰ মতে এই দিনটোতে ভগৱান শিৱই নিৰাকাৰ ৰূপৰ পৰা স্পষ্ট ৰূপ লৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ