• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

3 weeks ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

2 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

2 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

3 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

4 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

5 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

5 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

6 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

7 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

21 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

বিশেষজ্ঞৰ মতে Toothbrush ৰখাৰ নিয়ম

editor by editor
July 4, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি প্ৰতিদিনে পুৱা আৰু ৰাতি দাঁত মাজিবলৈ টুথব্ৰাছ ব্যৱহাৰ কৰোঁ। কিন্তু যি টুথব্ৰাছে আমাৰ মুখ পৰিষ্কাৰ কৰে, সেই টুথব্ৰাছডালেই যে কোটি কোটি অণুজীৱৰ বাসস্থান হ’ব পাৰে, সেয়া বহুতেই নাজানে। বিজ্ঞানীসকলৰ গৱেষণাই দেখুৱাইছে যে নিয়মীয়াকৈ ব্যৱহাৰ কৰা এডাল টুথব্ৰাছত প্ৰায় ১০ লাখৰ পৰা ১.২ কোটি পৰ্যন্ত বেক্টেৰিয়া, ফাংগাছ আৰু অন্যান্য অণুজীৱ থাকিব পাৰে। এই অণুজীৱসমূহে ব্ৰাছৰ ৰেচাৰ মাজত এক বিশেষ জৈৱিক স্তৰ বা ‘বায়’ফিল্ম’ গঠন কৰি বাস কৰে। টুথব্ৰাছৰ ৰেচাবোৰ ব্যৱহাৰৰ লগে লগে ভাঙি, চিঙি আৰু ফাটি যায়। এই ক্ষুদ্ৰ ফাঁকবোৰত লেলাৱতি, পানী, মুখৰ মৃত কোষ আৰু খাদ্যৰ সৰু সৰু কণা জমা হয়। এইবোৰেই অণুজীৱৰ বৃদ্ধি আৰু বংশবৃদ্ধিৰ বাবে আদৰ্শ পৰিৱেশ সৃষ্টি কৰে। ফলত পুৰণি টুথব্ৰাছত নতুন ব্ৰাছতকৈ বহু বেছি অণুজীৱ জমা হ’ব পাৰে।

Toothbrushত বীজানু ক’ৰ পৰা আহিব পাৰে?

জাৰ্মানীৰ ৰাইন-ভেল ইউনিভাৰ্চিটি অব এপ্লাইড চাইন্সেছৰ মাইক্ৰ’বায়’লজিষ্ট মাৰ্ক-কেভিন জিনৰ মতে, টুথব্ৰাছত থকা অণুজীৱ মূলতঃ তিনিটা উৎসৰ পৰা আহে—আমাৰ মুখ, আমাৰ ছাল আৰু টুথব্ৰাছ ৰখা পৰিৱেশ। অৰ্থাৎ, বাথৰুমৰ পৰিৱেশেও টুথব্ৰাছৰ পৰিচ্ছন্নতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ দন্ত চিকিৎসা বিশেষজ্ঞ অধ্যাপক ভিনিচিয়াছ পেদ্ৰাজীৰ মতে-টুথব্ৰাছত পোৱা কিছুমান বেক্টেৰিয়া যেনে ষ্ট্ৰেপ্ট’কক্কাই আৰু ষ্টেফিল’কক্কাই দাঁতৰ ক্ষয়, বীজানুৰ সংক্ৰমণ আৰু পেৰিঅ’ডণ্টেল ৰোগৰ কাৰণ হ’ব পাৰে। ইয়াৰ উপৰি ই-ক’লাই, ছিউড’ম’নাছ এৰুজিন’ছা, এণ্টেৰ’বেক্টেৰিয়া, ক্লেবচিয়েলা নিউমোনিয়ে আৰু কেণ্ডিডা আদি ক্ষতিকাৰক জীৱাণুও বহু গৱেষণাত টুথব্ৰাছত ধৰা পৰিছে। এই অণুজীৱসমূহ পেটৰ সংক্ৰমণ, খাদ্য বিষক্ৰিয়া বা মুখৰ বিভিন্ন সংক্ৰমণৰ সৈতে জড়িত। টুথব্ৰাছত এই জীৱাণুবোৰ অহাৰ অন্যতম কাৰণ হৈছে বাথৰুমৰ সেমেকা পৰিৱেশ। বাথৰুমত টয়লেট ফ্লাছ কৰিলে পানী আৰু মলৰ অতি সূক্ষ্ম কণাবোৰ প্ৰায় ১.৫ মিটাৰলৈকে বায়ুত বিয়পি পৰে। এই ‘টয়লেট প্লুম’ৰ লগত বেক্টেৰিয়া আৰু ভাইৰাছো বিয়পিব পাৰে। যদি টুথব্ৰাছ টয়লেটৰ ওচৰত খোলা অৱস্থাত ৰখা হয়, তেন্তে এই কণাবোৰ ব্ৰাছৰ ৰেচাত লাগি থাকিব পাৰে। সেইবাবে বিশেষজ্ঞসকলে ফ্লাছ কৰাৰ আগতে টয়লেটৰ ঢাকনি বন্ধ কৰাৰ পৰামৰ্শ দিয়ে। অৱশ্যে সকলো গৱেষণাই একে ধৰণৰ বিপদৰ ইংগিত নিদিয়ে। আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এৰিকা হাৰ্টমেনৰ মতে, সাধাৰণ সুস্থ মানুহৰ ক্ষেত্ৰত টুথব্ৰাছৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা যথেষ্ট কম। বহু অন্ত্ৰীয় বেক্টেৰিয়া বায়ুত বেছি সময় জীয়াই নাথাকে। কিন্তু ইন্ফ্লুৱেঞ্জা, ক’ৰ’নাভাইৰাছ বা হাৰ্পিছ ছিম্প্লেক্স-১ৰ দৰে কিছুমান ভাইৰাছ টুথব্ৰাছত কেইবাঘণ্টা বা দুদিনলৈকেও জীয়াই থাকিব পাৰে। সেয়ে কেতিয়াও আনৰ সৈতে টুথব্ৰাছ ভাগ-বতৰা কৰিব নালাগে। গৱেষণাই আন এটা গুৰুত্বপূৰ্ণ তথ্যও উন্মোচন কৰিছে। টুথব্ৰাছত কেৱল ক্ষতিকাৰক অণুজীৱই নাথাকে; বেক্টেৰিঅ’ফেজ নামৰ কিছুমান উপকাৰী ভাইৰাছো থাকে। এই ভাইৰাছবোৰে মানুহক নহয়, বেক্টেৰিয়াক আক্ৰমণ কৰি ক্ষতিকাৰক জীৱাণুৰ সংখ্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, সাধাৰণ মানুহৰ বাবে টুথব্ৰাছৰ পৰা ডাঙৰ সংক্ৰমণৰ আশংকা কম যদিও যিসকলৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোক অধিক সাৱধান হ’ব লাগে। কিছু গৱেষণাত টুথব্ৰাছত এনে বেক্টেৰিয়াও পোৱা গৈছে, যিবোৰ বহু এণ্টিবায়’টিক ঔষধৰ প্ৰতিও প্ৰতিৰোধ ক্ষমতাসম্পন্ন।

Toothbrush ৰখাৰ নিয়ম

টুথব্ৰাছ পৰিষ্কাৰ কৰি ৰাখিবলৈ কিছুমান সহজ নিয়ম মানি চলিব লাগে। ব্ৰাছ ব্যৱহাৰৰ পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই থিয়কৈ শুকান ঠাইত ৰাখিব লাগে। বন্ধ ডিব্বা বা কভাৰত সদায় ৰাখিব নালাগে, কিয়নো সেমেকা পৰিৱেশত জীৱাণু অধিক বৃদ্ধি পায়। প্ৰয়োজন হ’লে ব্ৰাছৰ মূৰ পাঁচৰ পৰা দহ মিনিটলৈকে এণ্টিচেপ্টিক মাউথৱাশত ডুবাই ৰাখিব পাৰি। কিছুমান গৱেষণাত এক শতাংশ ভিনেগাৰৰ দ্ৰৱ ব্যৱহাৰো ফলপ্ৰসূ বুলি কোৱা হৈছে। অৱশ্যে টুথব্ৰাছ জীৱাণুমুক্ত কৰাৰ আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায় হৈছে নিয়মীয়াকৈ সলনি কৰা। বিশেষজ্ঞসকল আৰু আমেৰিকান ডেণ্টেল এছ’চিয়েচনে প্ৰতি তিনি মাহৰ মূৰে মূৰে বা ৰেচাবোৰ বেয়া হ’লেই নতুন টুথব্ৰাছ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। গৱেষণাই দেখুৱাইছে যে প্ৰায় ১২ সপ্তাহ ব্যৱহাৰৰ পিছত টুথব্ৰাছত বেক্টেৰিয়াৰ সংখ্যা সৰ্বাধিক হয়।
বৰ্তমান বিজ্ঞানীসকলে এনে প্ৰ’বায়’টিক টুথপেষ্ট আৰু নতুন প্ৰযুক্তিৰ টুথব্ৰাছৰ ওপৰতো গৱেষণা কৰি আছে, যিয়ে মুখত উপকাৰী বেক্টেৰিয়াৰ বৃদ্ধি ঘটাই ক্ষতিকাৰক জীৱাণুক নিয়ন্ত্ৰণত ৰাখিব। ভৱিষ্যতে টুথব্ৰাছ কেৱল দাঁত পৰিষ্কাৰ কৰাৰ সঁজুলি নহয়, মুখৰ সুস্থ অণুজীৱীয় ভাৰসাম্য ৰক্ষা কৰাৰ মাধ্যম হিচাপেও গঢ় লৈ উঠিব পাৰে।
সেয়েহে মুখৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ টুথব্ৰাছ সদায় পৰিষ্কাৰ, শুকান আৰু টয়লেটৰ পৰা কিছু আঁতৰত ৰাখক। লগতে সময়মতে নতুন টুথব্ৰাছ ব্যৱহাৰ কৰাটো অভ্যাস কৰি লওক। এই সৰু অভ্যাসেই বহু মুখগহ্বৰজনিত সমস্যা আৰু সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Tooth Brush
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

July 24, 2026
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ
ভাৰত

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

July 24, 2026
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
Next Post
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ'ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.