চন ২০০৭৷ ক্ৰিকেট বিশ্ব তেতিয়া নতুন এক ফৰমেটৰ সৈতে চিনাকি হৈছিলহে মাত্ৰ৷ ক্ৰিকেটত মাত্ৰ ২০ অভাৰ খেলিব পাৰি সেয়া বহুতৰ বাবেই আছিল আশ্চৰ্যকৰ৷ নতুন ফৰমেটত নতুন নিয়মৰ সৈতে খোজ মিলাই আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে আয়োজন কৰা খেলত অংশগ্ৰহণ কৰে ভাৰতীয় দলে৷ ২০০৭ চনত প্ৰথমবাৰ টি-২০ বিশ্বকাপ দেখিছিল ক্ৰিকেট অনুৰাগীয়ে৷ প্ৰথম বাৰেই ২০ অভাৰৰ বিশ্বকাপত চেম্পিয়ন হৈছিল ভাৰত৷ ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন দলটোৱে পাকিস্তানক হৰুৱাই আঁজুৰি আনিছিল ট্ৰফী৷
সেই বিজয়ৰ উত্তেজনা বছৰ বছৰ ধৰি ক্ৰিকেট অনুৰাগীৰ মনত সোমাই আছিল৷ তাৰপিছতেই ৭টাকৈ বিশ্বকাপৰ ফাইনেল পাৰ হৈছে৷ কিন্তু ভাৰতলৈ ট্ৰফী অহা নাই৷ দীৰ্ঘতম এক প্ৰতীক্ষা৷ সেই প্ৰতীক্ষাৰ অৱসান ঘটালে এইবাৰ ৰোহিতবাহিনীয়ে৷ ২০১৪ চনত বিৰাটৰ নেতৃত্বত ভাৰতীয় দলটো ফাইনেললৈকে গৈছিল যদিও শ্ৰীলংকাৰ হাতত পৰাস্ত হয় সেই মেচত৷
তাৰপিছতেই আকৌ অপেক্ষা৷ দীৰ্ঘ এক অপেক্ষাৰ অন্ত পেলাই শনিবাৰে নিশা ভাৰতীয় দলে আঁজুৰি আছে টি-২০ বিশ্বকাপল ২০২৪৷ সূদুৰ কেৰিবিয়ান দ্বীপপুঞ্জত ৰোহিত শৰ্মাৰ সাফল্যই উজ্বলাই তুলিছে ১৪০ কোটি ভাৰতীয়ক৷ ২০০৭ চনৰ সেই সপোনৰ নিশাটো আকৌ যেন ঘূৰি আহিছে৷ ২০০৭ চনত কাৰিগৰ আছিল ধোনী আৰু টীমৰ ১৪ খেলুৱৈ৷ পাকিস্তানৰ বিৰুদ্ধে জয় ভাললগাৰেই কথা৷ পাৰভঙা উচ্ছ্বাস দেশত৷ সেইদিনাৰ কাৰিগৰসকলৰ এতিয়া ক’ত আছে?
২০০৭ চনত টীমত থকা প্ৰায়কেইজন খেলুৱৈয়ে বিদায় জনাইছে ক্ৰিকেট বিশ্বক৷ কিন্তু ক্ৰিকেটৰ সৈতে তেওঁলকো যোগসূত্ৰ এতিয়াও শেষ হৈ যোৱা নাই৷ কোনো কোনোৱে আকৌ ক্ৰিকেটত বহুদূৰ আগুৱাই গৈছে৷ বিশ্বকাপজয়ী দলৰ অধিনায়ক ধোনীয়ে এতিয়া আৰু দেশৰ হৈ খেলি থকা নাই৷ ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ২০২০ চনৰ ১৫ আগষ্টত৷ এতিয়াও আইপিএলত চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছিত দেখা যায় ধোনীক৷ সেই বিশ্বকাপজয়ী দলত আছিল গৌতম গম্ভীৰো৷ ২০১৯ চনৰ মাৰ্চ মাহত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল গৌতম গম্ভীৰে৷ তাৰপিছতেই তেওঁ বিজেপি দলত যোগদান কৰিছিল৷ পূৱ দিল্লীৰ পৰা সাংসদ নিৰ্বাচিতও হৈছিল৷
২০২৪ চনত আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হয় গম্ভীৰ৷ দলৰ জয়ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ ২০০৭ চনত জয়ৰ অন্যতম কাৰিগৰ আছিল হৰভজন সিং৷ আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনোৱাৰ পাছত হৰভজন সিং আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হয়৷ ইয়াৰোপৰি তেওঁ ক্ৰিকেটৰ এগৰাকী ধাৰাভাষ্যকাৰো৷ বীৰেন্দ্ৰ ছেহৱাগেও ২০০৭ চনৰ ক্ৰিকেট টীমৰ এগৰাকী খেলুৱৈ আছিল৷ কিন্তু সেইবাৰ তেওঁ ফাইনেল খেলা নাছিল৷ ২০১৫ চনৰ অক্টোবৰত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয়৷ বৰ্তমান তেওঁ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনত নেশ্ব্যনেল এণ্টি ডোপিং এজেন্সিৰ অন্যতম সদস্য৷
২০১৯ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয় যুৱৰাজ সিঙেও৷ ১৭ বছৰ পূৰ্বেও সেই জয়ৰ অন্যতম কাৰিগৰ আছিল তেওঁ৷ তৰুণ ক্ৰিকেটাৰসকলে মেণ্টৰ হিচাপে কাম কৰে৷ ২০০৭ চনত বিশ্বকাপজয়ী দলৰ সদস্য আছিল ৰোহিত শৰ্মা৷ তেওঁৰ নেতৃত্বত ১৭ বছৰ পাছত আৰু এটি ২০ অভাৰৰ বিশ্বকাপ ঘৰলৈ আনিছে ভাৰতে৷ ২০০৭ৰ বিশ্বকাপত থকা ৰোহিত এইবাৰ বিশ্বকাপজয়ী টিমৰ অধিনায়ক৷ এইবাৰ ট্ৰফী দেশলৈ আনিয়েই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰোহিতে৷
ধোনী বাহিনীৰ মাজত অন্যতম এজন সদস্য হৈছে দীনেশ কাৰ্তিক৷ ২০২৪ চনত তেওঁ সকলোপ্ৰকাৰৰ ক্ৰিকেট আৰু আইপিএলৰ পৰাও অৱসৰ ঘোষণা কৰিছে৷ বৰ্তমান আইচিচিৰ অধীনত ধাৰাভাষ্যকাপ হিচাপে কাম কৰিছে কাৰ্তিকে৷ ৰবিন উথাপ্পাই ক্ৰিকেট এৰিছে ২০২২ চনত৷ আইপিএলৰ পৰাও তেওঁ অৱসৰ লৈছে৷ বৰ্তমান তেওঁ এগৰাকী ধাৰাবাস্যকাৰ৷ ক্ৰিকেটৰ অন্যতম বিশেষজ্ঞ হিচাপে পৰিচিত পীয়ুস চাওলাইয়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ কিন্তু আইপিএলত এতিয়াও আছে পীয়ুস৷
বিশ্বকাপজয়ী দলৰ অন্যতম সদস্য আছিল ইউছুফ পাঠান৷ তেওঁ খেল এৰাৰ কথা ঘোষণা কৰে ২০২১ চনত৷ ২০২৪ চনত তেওঁ ৰাজনীতিত ভৰি দিয়ে তৃণমূল কংগ্ৰেছৰ হৈ৷ বহৰমপুৰৰ পাঁচবাৰৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক পৰাস্ত কৰাই নতুন সাংসদ হৈছে ইউছুফ পাঠান৷ ইউছুফৰ ভাতৃ ইৰফানো আছিল ২০০৭ৰ টিমত৷ তেওঁ খেলৰ পৰা অৱসৰ লৈছে ২০২০ চনত৷ তেওঁ এতিয়া ক্ৰিকেট বিশ্লেষক হিচাপে কৰ্মৰত হৈ আছে৷
সেই টিমৰ সদস্য অজিত আগৰকাৰো এতিয়া ভাৰতীয় ক্ৰিকেট বৰ্ডৰ প্ৰধান নিৰ্বাচক৷ ২০১৩ত তেওঁ সকলো ফৰমেটৰ পৰা অৱসৰ লৈছে৷ যোগিন্দৰ শৰ্মাক মনত আছে? শেষ অভাৰত তেওঁৰ হাততেই বল তুলি দিছিল ধোনীয়ে৷ সেই বিশ্বকাপেই শেষ বিশ্বকাপ যোগিন্দৰৰ৷ তেওঁ বৰ্তমান হাৰিয়ানা আৰক্ষীৰ গণ্যমান্য বিষয়া৷ ডেপুটি ছুপাৰিণ্টেডেণ্ট হিচাপে তেওঁ কৰ্মৰত৷ আনহাতে সেই দলৰ আৰ পি সিং৷ ২০১৮ ত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ বৰ্তমান তেওঁ হিন্দি ধাৰাভাষ্যকাৰ৷
সেই দলৰ অন্যতম এগৰাকী খেলুৱৈ হৈছে শ্ৰীসন্থ৷ ২০১৩ চনত তেওঁ ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ লয়৷ শ্ৰীসন্ত এতিয়া ক্ৰিকেট বিশ্লেষকৰ ভূমিকাত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ