গণেশ চতুৰ্থীত প্ৰায় প্ৰত্যেক ঘৰ লোকেই পালন কৰে৷ ঘৰে ঘৰে গণপতি বন্দনাৰ বাবে সকলো সাজু হৈছে৷ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত ৰাশি অনুযায়ী গণেশ মূৰ্তিৰ ৰং বেলেগ হয় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷ ৰাশি অনুযায়ী গণেশ চতুৰ্থীত কোন ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব জানি থওক৷
মেষ ৰাশিঃ গোলপীয়া কিংবা ৰঙা ৰঙৰ মূৰ্তি ঘৰলৈ আনক৷ এই ৰাশিৰ বাবে গণেশৰ উত্তম ৰং হৈছে গুলপীয়া৷ নিয়ম মানি পূজা কৰিলে জীৱনৰ দুঃখ দৰ্দশা দূৰ হ’ব৷
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতকৰ বাবে হালধীয়া ৰঙৰ গণেশ মূৰ্তি শুভ৷ এই ৰঙৰ গণেশ মূৰ্তি পূজা কৰিলে জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব৷
মিথুন ৰাশিঃ পাতল সেউজীয়া গণপতি ঘৰলৈ আনিব পাৰে৷ এই গণেশক আৰাধনা কৰিলে জীৱনৰ নেতিবাচক শক্তি, বাধা বিপত্তি দূৰ হ’ব৷
কৰ্কট ৰাশিঃ এই ৰাশিৰ জাতকে গণেশৰ বগা মূৰ্তি পুজা কৰক৷ মতিচুৰৰ লাড্ডু নিবেদন কৰক৷
সিংহ ৰাশিঃ ৰঙা ৰঙৰ গণেশ বিগ্ৰহ পুজা কৰিলে আপোনাৰ জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব৷ ঘৰলৈ সমৃদ্ধি আহিব৷
কন্যা ৰাশিঃ গাঢ় সেউজীয়া ৰঙৰ মূৰ্তি পুজা কৰিলে সুফল পাব৷ পূৰণ হ’ব সমস্ত মনোকামনা৷ কমলা ৰঙৰ ফুল দি পুজা কৰিব৷
তুলা ৰাশিঃ যিকোনো ৰঙৰ গণেশ মুৰ্তিয়ে আনিব পাৰিব এই ৰাশিৰ জাতকে৷
বৃশ্চিক ৰাশিঃ এই ৰাশিৰ জাতকৰ বাবে ৰঙা ৰঙৰ গণেশ মূৰ্তি শুভ৷ এই ৰাশিৰ জাতকে বগা বা হালধীয়া পোছাক পিন্ধোৱা মূৰ্তিও আনিব পাৰে৷
ধনু ৰাশিঃ এই ৰাশিৰ জাতকৰ বাবে কমলা ৰঙৰ গণেশৰ মূৰ্তি বা হালধীয়া ৰঙৰ গণেশৰ মুৰ্তি শুভ৷ সুখ-সমৃদ্ধি বৰ্তি থকাৰ লগতে সৌভাগ্যও আহিব৷
মকৰ ৰাশিঃ গেৰুৱা বা ধূসৰ ৰঙৰ গণেশ প্ৰতিমা পূজা কৰিব৷ অপৰাজিতা ফুল নিবেদন কৰিব৷
কুম্ভ ৰাশিঃ নীলা ৰঙৰ ধুতি পিন্ধোৱা গণেশ মূৰ্তি ঘৰলৈ আনক৷
মীন ৰাশিঃ এই ৰাশিৰ জাতকে হালধীয়া মূৰ্তি ঘৰলৈ আনক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ