পৃথিৱীৰ কোন দেশত এখনো নদী নাই? সাধাৰণ প্ৰশ্ন অথচ বহুতেই নাজানে ইয়াৰ উত্তৰ৷ আপোনালোকে জানিলে অবাক হ’ব যে পৃথিৱীৰ এখনো নদী নথকা দেশখন আমাৰ দেশৰ নিচেই কাষত অৱস্থিত৷ এই দেশত বৃষ্টিপাতো খুবেই কম হয়৷ সেই দেশ বিশ্বৰ অন্যতম এখন ধনী দেশো৷
সেই দেশৰ নাম হৈছে ছৌদী আৰৱ৷ ছৌদী আৰৱত এখনো নদী বা হ্ৰদ নাই৷ ছৌদী আৰৱত বেছিভাগ অংশই ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল৷ দেশৰ জিডিপিৰ এটা বৃহৎ অংশ খৰচ হয় কেৱল পানীৰ নামতেই৷
ছৌদী আৰৱত নদী নাথাকিলেও দেশখন দুখন সাগৰেৰে পৰিবেষ্টিত৷ ইয়াৰ পশ্চিমত আছে লোহিত সাগৰ আৰু পূৰ্বে আচে পাৰস্য উপসাগৰ৷ এই দুখন সমুদ্ৰই ছৌদী আৰৱৰ বাবে বাণিজ্যিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নদী নথকাৰ বাবে ছৌদী আৰৱত এতিয়াও কূপৰ ব্যৱহাৰ দেখা যায়৷ ছৌদীৰ ভূগৰ্ভস্থ জলস্তৰো প্ৰায় শেষ হোৱাৰ দিশে৷ সেয়ে সাগৰৰ পানী কেনেকৈ পানযোগ্য কৰিব পাৰি তাৰ চেষ্টাহে অব্যাহত ৰাখিছে ছৌদী চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ