এজন ব্যক্তিয়ে শুই থকাৰ সময়ত বিভিন্ন ধৰণৰ সামগ্ৰী দেখা পায়। বহু সপোন মানুহৰ ভৱিষ্যতত ঘটিব লগা শুভ আৰু অশুভ পৰিঘটনাৰ লগত জড়িত। কিছুমান সপোনে বৰ্তমানৰ পৰিস্থিতিকো প্ৰতিফলিত কৰে। সপোনশাস্ত্ৰমতে সপোনত দেখা প্ৰতিটো ৰঙৰ কিছু অৰ্থ থাকে। কিছুমান বগা ৰঙৰ বস্তু আছে যিয়ে বেয়া সময় বা বিপদৰ ইংগিত দিয়ে। বগা ৰঙক বিশুদ্ধতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। যিয়ে শান্তি আৰু বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে। কিন্তু কেতিয়াবা এই ৰঙে কোনো অশুভ পৰিঘটনাৰো ইংগিতও দিয়ে। সপোনত দেখা পোৱা সেই তিনিটা বগা বস্তুৰ বিষয়ে জানো আহক, যাৰ সপোনত দৰ্শন অশুভ বুলি গণ্য কৰা হয়।
ফাঁটি যোৱা গাখীৰ
যেতিয়া গাখীৰৰ পি এইচ লেভেল কমিবলৈ আৰম্ভ কৰে তেতিয়া ই এচিডিক হৈ পৰে। ইয়াৰ বাবে গাখীৰ দৈলৈ পৰিণত হয়। সপোনত ফঁটা গাখীৰ দেখা পালে অশুভ বুলি গণ্য কৰা হয়। এই সপোন দেখিলেই বুজিব আপোনাৰ জীৱনলৈ কিবা বিপদ আহিব। সাবধানে থাকিব৷
বগা চাদৰ
সপোনত যদি কোনো ব্যক্তিয়ে বগা চাদৰ দেখা পায়, তেন্তে সেয়া শুভ বুলি গণ্য কৰা নহয়। বগা চাদৰখনে আপোনাক বেছি মানসিক চাপত নাথাকিবলৈ সঁকিয়াই দিয়ে। নিজৰ স্বাস্থ্যৰ যত্ন লওক অন্যথা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰেও চৌপাশৰ মানুহবোৰৰ যত্ন লওক, নহ’লে তেওঁলোকৰ বাবে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
মালিচ কৰা
যদি কোনো ব্যক্তিয়ে সপোনত গাখীৰ বা দৈৰে শৰীৰৰ মালিচ কৰা দেখা পায়, তেন্তে সেয়া অশুভ বুলি গণ্য কৰা হয়। ভৱিষ্যতে তেওঁ কিবা ডাঙৰ ৰোগত ভুগিব পাৰে বুলি এয়া এক ইংগিত৷ এনে পৰিস্থিতিত এই সময়ত আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো জৰুৰী, নহ’লে সৰু সৰু অসাৱধানতাইও আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে।
এইবোৰ দেখাও অশুভ
গছ কাটি থকা
সপোনত গছ কাটি থকা দেখিলে অশুভ বুলি গণ্য কৰা হয়। ভৱিষ্যতে আপুনি ক্ষতিৰ সন্মুখীন হ’ব পাৰে তাৰেই লক্ষণ।
ডুব যোৱা দেখিলে
সপোনত পানীত ডুব যোৱা দেখাটো শুভ বুলি গণ্য কৰা নহয়। এই সপোনটোৱে ভৱিষ্যতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে তাৰ লক্ষণ।
কাজিয়া দেখা
সপোনত কাৰোবাৰ লগত কাজিয়া কৰি থকা দেখিলে কিবা অপ্ৰীতিকৰ ঘটনাৰ ইংগিত বুলি গণ্য কৰা হয়। ভৱিষ্যতে কাৰোবাৰ লগত কাজিয়া হব পাৰে। ইয়াৰ উপৰিও শাৰীৰিক বিষৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















