• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

6 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

6 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

6 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

7 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

editor by editor
June 28, 2022
in ভাৰত
0
ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ধনী মানুহৰ বাবে বিপদজ্জনক স্থান হৈ উঠিছে নেকি ভাৰতবৰ্ষ? ধনকুবেৰসকলে কিহৰ ভয়ত দেশ ত্যাগ কৰি অন্য ৰাষ্ট্ৰত বসবাস কৰিবলৈ তৎপৰতা চলাইছে? হেনলী গ্ল’বেল চিটীজেনছ ৰিপ’ৰ্টত প্ৰকাশিত কেতবোৰ বিস্ফোৰক তথ্যই এনে প্ৰশ্নৰ সৃষ্টি কৰে৷ কি সেই বিস্ফোৰক তথ্য? যি তথ্যত লুকাই আছে ভাৰতীয় ধনকুবেৰৰ দেশত্যাগৰ পৰিসংখ্যা৷

যোৱা সময়ছোৱাত বহু ভাৰতীয় ধনকুবেৰ অৰ্থাৎ মাল্টি মিলিয়নাৰে ভাৰতবৰ্ষ ত্যাগ কৰি ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দেশত বসবাস কৰিবলৈ লৈছে৷ এই তথ্যই এতিয়া চৰকাৰৰ শীৰ্ষ স্তৰত ক্ৰমাৎ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে৷ হেনলী গ্ল’বেল চিটীজেনছ ৰিপ’ৰ্টত প্ৰকাশিত তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত ৩৫ হাজাৰ ভাৰতীয় ধনকুবেৰে দেশত্যাগ কৰিছে৷ ধনী ব্যৱসায়ী অথবা ধনিক শ্ৰেণীৰ লোকে দেশ ত্যাগ কৰাটো শুভ লক্ষণ নহয় বুলি চাণক্যৰ লিখনীসমূহতো পোৱা যায়৷ অৰ্থাৎ দেশৰ অতি ধনী লোকসকলে ভাৰতবৰ্ষ ত্যাগ কৰি দেশলৈ অশুভ সংকেত কঢ়িয়াই আনিছে নেকি?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন অজুহাতত বহু ভাৰতীয় লোকে অন্য দেশত বসবাস কৰিবলৈ লোৱাৰ বহু তথ্য আছে৷ কিন্তু শেহতীয়াকৈ অতি ধনী বা মাল্টি মিলিয়নাৰে দেশ ত্যাগ কৰাটো সেই ঘটনাৰ লগত তুলনা কৰিব পৰা নাযায়৷ প্ৰকাশিত তথ্য অনুসৰি কোভিডকালীন পৰিস্থিতিৰ পাছত দেশৰ অৰ্থনৈতিক ব্যৱস্থা বিপদৰ্যস্ত হৈ পৰিছিল৷ আৰু সেই সময়তে ভূতৰ ওপৰত দানহ পৰা দি দেশৰ ১০ হেজাৰতকৈ অধিক ধনকুবেৰে ভাৰতবৰ্ষ ত্যাগ কৰিছে৷ সেই সকলৰ ৭ হাজাৰ ধনকুবেৰে ইতিমধ্যে অন্য ৰাষ্ট্ৰত নিগাজিকৈ বসবাস কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়ো দেশৰ বাবে শুভ সংবাদ নহয়৷

লগতে পঢ়ক ১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…

উল্লেখযোগ্য যে দেশৰ অতি ধনিক শ্ৰেণীৰ লোকসকলে বছৰি ৪০ শতাংশতকৈ অধিক কৰ আদায় দিয়ে৷ অৰ্থাৎ ধনিক শ্ৰেণীৰ পৰা লাভ কৰা কৰৰ পৰিমাণ যথেষ্ট বেছি৷ আৰু সেইবাবেই ধনকুবেৰসকল দেশৰ সম্পদ হিচাপে চিহ্নিত হয়৷ বৰ্তমান দেশত ধনকুবেৰৰ সংখ্যা প্ৰায় ৭ লাখ৷ কিন্তু ২০১৮ চনত ভাৰতীয় মাল্টি মিলিয়নাৰৰ সংখ্যা ৮ লাখৰো বেছি আছিল৷ তেন্তে সেইসকল লোকে কিহৰ তাড়ণাত ভাৰত ত্যাগ কৰি অন্য ৰাষ্ট্ৰত আশ্ৰয় লৈছে বা নিগাজিকৈ থাকিবলৈ লৈছে? সম্প্ৰতি দেশত যি অৰ্থনৈতিক বিপৰ্যয় আহিছে তাৰ বাবে ধনকুবেৰৰ প্ৰস্থান এক কাৰক হৈছে নেকি?

এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৭ শতাংশৰো অধিক হৈছে৷ স্বাধীনোত্তৰ ভাৰতবৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ কেতিয়াও ৭ শতাংশলৈ বৃদ্ধি হোৱা নাছিল৷ ধনকুবেৰ অৰ্থাৎ মাল্টি মিলিয়নাৰসকলে দেশ ত্যাগ কৰাৰ পৰিণতিত দেশৰ বিত্তীয় প্ৰচলন বহুখিনি হ্ৰাস হৈছে৷ অৱশ্যে চৰকাৰীভাৱে এই তথ্য অদ্যপি ৰাজহুৱা হোৱা নাই৷ কিন্তু তৎসত্ত্বেও ধনকুবেৰসকলে দেশ ত্যাগ কৰাৰ আঁৰত যিসমূহ কাৰকৰ বিষয়ে চৰ্চা চলিছে সেই কাৰকসমূহো যথেষ্ট চিন্তনীয় আৰু স্পৰ্শকাতৰ৷ ভাৰতবৰ্ষ ত্যাগ কৰি অন্য দেশত বিশেষকৈ ইউৰোপ, আমেৰিকা আৰু মধ্যপ্ৰাচ্যত নিগাজিকৈ থাকিবলৈ লোৱা ধনকুবেৰসকলে ভাৰত চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ কোনো মত প্ৰকাশ কৰা নাই৷ কিন্তু তেওঁলোকৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা ধনকুবেৰসকলৰ প্ৰতিকূল নহয় বুলি অভিযোগ উঠিছে৷

এই প্ৰসংগত বিশেষভাৱে চৰ্চিত হৈছে দুটা বিষয়৷ প্ৰথম বিষয়টো হ’ল ২০১৪ চনৰ পাছত ভাৰতৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, cbi আৰু আয়কৰ বিভাগক ৰাজনৈতিক উদ্দেশ্যেৰে ধনকুবেৰসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে নেকি? ভাৰতবৰ্ষ ত্যাগ কৰা মাল্টি মিলিয়নাৰসকলে দাবী কৰা অনুসৰি তেওঁলোকৰ পৰা কেন্দ্ৰ চৰকাৰে প্ৰতি বছৰে ৪০ শতাংশতকৈ অধিক কৰ আদায় কৰে৷ কিন্তু তাৰ পাছতো সেইসকল লোকৰ বিৰুদ্ধে চৰকাৰৰ অনুসন্ধানকাৰী স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰা হৈছে৷ ধনকুবেৰসকলৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি দান-বৰঙনি হিচাপে আদায় কৰিবলৈ চেষ্টা কৰা হৈছিল বুলিও চৰ্চা চলিছে৷ যদি সেয়াই হৈছে, তেন্তে তাক ধনকুবেৰসকলে সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে৷

লগতে পঢ়ক পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!

ইফালে ভাৰতবৰ্ষত হিন্দুত্ববাদৰ উত্থান আৰু হিন্দুত্ববাদী ৰাজনীতিৰ অভাৱনীয় সফলতাৰ বাবে ৰাজনৈতিক আৰু সামাজিক স্থিতাৱস্থাৰ পৰিৱৰ্তনো সম্ভৱ নহয়৷ যিহেতু ৰাজনৈতিক স্থিতাৱস্থাই সৃষ্টি কৰা পৰিৱেশ ধনকুবেৰ বা অতি ধনিক শ্ৰেণীৰ লোকসকলৰ বাবে অনুকূল নহয় বুলি চৰ্চিত হৈছে সেইবাবে পৰিত্ৰাণ বিচাৰি মাল্টি মিলিয়নাৰসকল অন্য দেশলৈ হয়তো ঢাপলি মেলিছে৷

উল্লেখ্য যে মাল্টি মিলিয়নাৰৰ সংখ্যা অনুসৰি পৃথিৱীত ভাৰতৰ স্থান ১৪৷ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাল্টি মিলিয়নাৰৰ সংখ্যা ৩৯.১০ শতাংশ, চীনত মাল্টি মিলিয়নাৰৰ সংখ্যা ৯.৪০ শতাংশ, জাপানত মাল্টি মিলিয়নাৰৰ সংখ্যা ৬.৫০ শতাংশ, জাৰ্মানীত মাল্টি মিলিয়নাৰৰ সংখ্যা ৫.৩০ শতাংশ, ইংলেণ্ড আৰু ফ্ৰান্সত মাল্টি মিলিয়নাৰৰ সংখ্যা ৪.৪০ শতাংশ, অষ্ট্ৰেলিয়াত মাল্টি মিলিয়নাৰৰ সংখ্যা ৩.২০ শতাংশ আৰু কানাডাত মাল্টি মিলিয়নাৰৰ সংখ্যা ৩ শতাংশ৷ মাল্টি মিলিয়নাৰৰ সংখ্যা অনুসৰি ইজৰাইল, ছৌদি আৰব, সন্মিলিত আৰব ৰাষ্ট্ৰ আৰু ৰাছিয়াতকৈয়ো ভাৰতৰ স্থান ওপৰত৷ অন্য অৰ্থত ইজৰাইল আৰু ৰাছিয়াৰ দৰে উন্নত দেশো ধনী মানুহৰ পৰিসংখ্যাত ভাৰততকৈ নিম্নস্থানত আছে৷ গতিকে ভাৰতীয় অৰ্থনীতিত ধনকুবেৰৰ স্থান কিমান গুৰুত্বপূৰ্ণ সেইটো সহজে অনুমেয়৷

কিন্তু তেনে পৰিস্থিতিত যদি মাল্টি মিলিয়নাৰসকলে দেশ ত্যাগ কৰে তেন্তে ভাৰতৰ স্থান অৱনমিত হোৱাৰো সম্ভাৱনা থাকিব৷ আন এক পৰিসংখ্যা অনুসৰি ২০২২ বৰ্ষত অন্য ৮ হাজাৰ ধনকুবেৰে ভাৰত ত্যাগ কৰি ইউৰোপ অভিমুখে ৰাওনা হ’ব৷ আৰু সেইবাবে প্ৰশ্ন উঠিছে যে, সাম্প্ৰতিক ভাৰতবৰ্ষ ধনী মানুহৰ বাবে নিৰাপদ নহয় নেকি?

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindian millionairesindian millionaires quit india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
গৰ্ভৱতী হোৱাৰ পিছতে আলিয়াই সলনি কৰে ইনষ্টাৰ ডিপি, সলনি কৰাৰ আঁৰৰ কাহিনী কি বাৰু?

গৰ্ভৱতী হোৱাৰ পিছতে আলিয়াই সলনি কৰে ইনষ্টাৰ ডিপি, সলনি কৰাৰ আঁৰৰ কাহিনী কি বাৰু?

কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.