অসম লাইভ২৪ঃ এইবাৰ দীপাৱলী উদযাপিত হ’ব ১২ নৱেম্বৰত৷ দুৰ্গাপূজাৰ বিজয়া দশমীৰ পৰা ঠিক ২১ দিন পাছতেই পালন কৰা হয় দীপাৱলী৷ শাৰদীয় দুৰ্গাপূজাৰ দৰে দীপাৱলীৰ কাহিনীও জড়িত হৈ আছে ৰামায়ণৰ কাহিনীত৷ লংকা জয় কৰাৰ পূৰ্বে অকাল বোধন কৰি দুৰ্গাপূজা কৰিছিল শ্ৰী ৰামচন্দ্ৰই৷ ৰামে ঘৰলৈ উভতি অহা দিনটোক দীপাৱলী হিচাপে পালন কৰা হয়৷ যুদ্ধ শেষ দশমীত ৰাৱন বধ কৰি সীতাক লৈ অযোধ্যালৈ উভতি আহিবলৈ ২১ দিন সময় লাগিছিল ৰাম-লক্ষ্মণক৷ ৰাম, সীতা আৰু লক্ষ্মণে যিদিনা অযোধ্যাত উপস্থিত হৈছিল সেই দিনটোত তেওঁলোকক প্ৰদীপ জ্বলাই আদৰা হৈছিল৷ সেই কাৰণেই বিজয়া দশমীৰ ঠিক ২১ দিন পাছত দীপাৱলী পালন কৰা হয়৷
উল্লেখযোগ্য বিষয় এয়াই যে Google Mapতো শ্ৰীলংকাৰ পৰা অযোধ্যালৈ উভতি আহিবলৈ ২১ দিন সময়েই দেখুৱাই৷ পুষ্প ৰথত প্ৰথমে লংকাৰ পৰা সমূদ্ৰৰ ইপাৰে ২১ দিন যাত্ৰা কৰি আহিছিল ৰাম, লক্ষ্মণ আৰু সীতা৷ সেই স্থানৰ পৰাই অযোধ্যালৈ খোজ কাঢ়ি আহিছিল ৰাম, লক্ষ্মণ আৰু সীতা৷ ২১ দিনৰ দিনা সন্ধিয়া অযোধ্যাত উপস্থিত হৈছিল তিনিও৷ সম্পূৰ্ণ ৪৯১ ঘণ্টা সময় লাগিছিল তেওঁলোকৰ৷ বৰ্তমানো Google Mapত গৈ Start Destinationত গৈ লংকা লিখক৷ End Destinationত অযোধ্যা লিখক৷ খোজকাঢ়ি যোৱা অপশ্ব্যনটো ক্লিক কৰক৷ এই পথৰ মুঠ দূৰত্ব দেখুৱাব ৩১২৭ কিঃমিঃ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব সেই অপশ্ব্যনো গুগলে দেখুৱাই দিয়ে৷ গুগল মেপ অনুসৰি ৪৯১ ঘণ্টা বা ২০ দিন ১১ ঘণ্টা সময় লাগিব৷ অৰ্থাৎ প্ৰাচীন কালৰ পৰাই চলি অহা বিশ্বাসক মান্যতা প্ৰদান কৰিয়েই গুগলেও এই তথ্য প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ