• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে

ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে

3 years ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

44 minutes ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

3 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

13 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

16 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে

editor by editor
November 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালীপূজাৰ আগৰ দিনটোত পালন কৰা হয় ভূত চতুৰ্দশী৷ এই চতুৰ্দশীক নৰক চতুৰ্দশী বুলিও কোৱা হয়৷ কালীপূজাৰ সৈতে একে দিনাই পালিত হ’ব ভূত চতুৰ্দশী৷ ধৰ্মীয় ধাৰণা অনুসৰি ভূত চতুৰ্দশীৰ দিনা যমত নামেৰে এটা চাকি জ্বলোৱাৰ প্রথা পূৰ্বৰে পৰাই চলি আহিছে৷ এই দিনটোত যমৰ নামেৰে এটি চাৰিমুখীয়া প্ৰদীপ জ্বলোৱা হয়৷ নিশা সেই প্ৰদীপত তেল দি চাৰিটা শলিতাৰে চাকিগছ জ্বলাই ৰখা হয়৷ ইয়াৰ পাছতেই নিয়ম মানি পূজা কৰাৰ পাছত প্ৰদীপ জ্বলাই দক্ষিণ ফালে মুখ কৰি ‘মৃত্যুনাং দণ্ডপাশাভ্যাং কালেন শ্যাময়া সহ ত্রয়োদশ্যাং দীপদানাৎ সূর্যজঃ প্রীয়ন্তা মম্’ মন্ত্ৰ জপ কৰি যমৰ পূজা কৰা হয়৷

নৰক চতুৰ্দশীত তিলৰ তেলেৰেও প্ৰদীপ জ্বলোৱাৰ নিয়ম আছে৷ ঘৰৰ প্ৰৱেশ দ্বাৰৰ কাষত চাউল বা ধান থৈ তাৰ ওপৰতেই এই প্ৰদীপ থোৱা হয়৷ এই প্ৰদীপ জ্বলোৱাৰ সৈতে যমৰ কি সম্পৰ্ক? দীপাৱলীত জ্বলোৱা যম চাকিৰ সৈতে এক পৌৰাণিক কাহিনীও জড়িত হৈ আছে৷ কাহিনী অনুসৰি এবাৰ যমে নিজৰ দূতসকলক সুধিছিল যে কোনো জীৱই প্ৰাণ হেৰুওৱাৰ সময়ত তেওঁলোকৰ কাৰোবাৰ প্ৰতি দয়া আহে নে? প্ৰথমে সংকোচ কৰিলেও যম ৰজাক দূত এজনে কয় যে, তেওঁলোকৰ কাৰো প্ৰতিয়েই দয়া নাহে৷ কিন্তু দ্বিতীয়বাৰ আকৌ যমৰজাই আন এজন দূতক এই প্ৰশ্ন কৰাত সেইগৰাকী দূতে যমৰজাক এটা বিশেষ কাহিনী শুনোৱাই৷

ঘটনা বৰ্ণনা কৰিবলৈ গৈ তেওঁ কয়, ‘এবাৰ হেম নামৰ এজন ৰজাৰ পত্নীয়ে এটি সুন্দৰ পুত্ৰ সন্তানৰ জন্ম দিছিল৷ পুত্ৰ সন্তানৰ জন্মৰ পাছতেই জ্যোতিষীয়ে নক্ষত্ৰ গণনা কৰি কয় যে, বিবাহৰ চাৰি দিন পাছতেই সেই বালকৰ মৃত্যু হ’ব৷ এই ভৱিষ্যতদ্বাণী শুনাৰ পাছতেই ৰজাই সেই বালকক লৈ যমুনা তীৰৰ এটা গুহাত ব্ৰক্ষ্মচাৰী হিচাপে থাকি সন্তানক লালন পালন কৰিবলৈ ধৰে৷ এনেকৈ লাহে লাহে ৰজাৰ পূত্ৰ ডাঙৰ হয়৷ সুঠাম সুন্দৰ ৰাজকুমাৰ সেই যমুনা নদীৰ পাৰত প্ৰায়েই ঘূৰি ফুৰে৷ এনেকৈ ঘূৰি ফুৰোতে এদিন সেই নদীৰ তীৰলৈ মহাৰজা হংসৰ কন্যা ফুৰিবলৈ আহিছিল৷ ৰাজকুমাৰক দেখিয়েই সেই ৰাজকুমাৰী মোহিত হৈ পৰে৷ ৰাজকুমাৰীক দেখি মোহিত হৈ পৰে ৰাজকুমাৰো৷ সেয়ে দুয়ো গন্ধৰ্ব বিবাহ কৰায়৷ কিন্তু ৰাজকুমাৰে সেই ৰাজকুমাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতেই ৰাজকুমাৰৰ মৃত্যু হয়৷

জ্যোতিষ গণনা মতেই বিবাহৰ ৪ দিন পাছত ৰাজকুমাৰৰ মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ কান্দি উঠে ৰাজকুমাৰীয়ে৷ যমদূতে যমৰাজক এই কাহিনীৰ বৰ্ণনা দি অৱশেষত কয়, ‘মহাৰাজ সেই নৱবিবাহিতাৰ বিলাপ শুনি আমাৰ হৃদয়েও কান্দি উঠিছিল৷ সেই ৰাজকুমাৰে প্ৰাণ হেৰুওৱাৰ সময়ত আমাৰ চকুৰেও চকুলো নিগৰিছিল৷ আমিও সেই মৃত্যুত কান্দি উঠিছিলো৷’ তেতিয়া যমদূতে যমৰজাক উভতি এটা প্ৰশ্ন কৰে৷ যমৰাজক কাহিনী শুনোৱা হেম নামৰ দূতটোৱে সুধে, ‘অকাল মৃত্যুৰ পৰা বাচিবলৈ কোনো উপায় মনুস্যৰ হাতত নাই নেকি?’ তেতিয়াই যমৰাজে এটা উপায়ৰ কথা হেমক জনায়৷ যমৰাজে হেমক কয়, ‘অকাল মৃত্যুৰ পৰা মুক্তি লাভ কৰিবৰ বাবে নৰক চতুৰ্দশীৰ দিনা নিয়ম মানি আমাক উদ্দেশ্যি এগছ চাকি জ্বলাই পূজা কৰিলে অকাল মৃত্যুৰ পৰা ৰেহাই পাব৷ নৰক চতুৰ্দশীত প্ৰদীপ জ্বলালে অকাল মৃত্যুৰ পৰা আমি ৰক্ষা কৰিব পাৰিম৷’ যম ৰজাৰ এই কথাকেই মানি প্ৰত্যেকবছৰেই নৰকচতুৰ্থীত যমৰ নামত এগছ চাকি জ্বলোৱাৰ পৰম্পৰা চলি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
Next Post
নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.