দুৰ্গা পূজাৰ অন্তিম দিন বিজয়া দশমী। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হয় দেৱী দুৰ্গাৰ বিদায়ৰ পৰ্ব। বিশেষকৈ পশ্চিমবংগকে ধৰি বহু ঠাইত বিজয়া দশমীৰ দিনা মহিলাসকলে ইজনে-সিজনৰ মুখত সেন্দূৰ সানি এক বিশেষ পৰম্পৰা পালন কৰে। এই পৰম্পৰাৰ নাম হৈছে ‘সেন্দূৰ খেল’।
সেন্দূৰ খেলৰ সৌন্দৰ্য কেৱল ৰঙা সেন্দূৰেৰে মুখ ৰঙীন কৰি তোলাতেই সীমাবদ্ধ নহয়। ইয়াৰ মাজত আছে বিদায়ৰ বেদনা, পুনৰ মিলনৰ আশা, পৰিয়ালৰ মংগল কামনা আৰু সামাজিক সম্প্ৰীতিৰ অনুভৱ।
লোকবিশ্বাস অনুসৰি, দেৱী দুৰ্গাক বিদায় জনোৱাৰ সময়ত তেওঁৰ আশীৰ্বাদ কামনা কৰা হয়। ইজনে-সিজনক সেন্দূৰ সানি মহিলাসকলে শুভকামনা, মৰম আৰু ভাতৃত্ববোধৰ সলনি নাৰীৰ মাজৰ ভগ্নীত্ব আৰু ঐক্যৰ অনুভূতিও প্ৰকাশ কৰে।
সেন্দূৰ খেল কি?
সেন্দূৰ খেলা ৰীতি-নীতিৰে মহিলাসকলে দেৱী দুৰ্গাক সেন্দূৰ অৰ্পন কৰে। মণ্ডপত থকা মানুহেও ইজনে সিজনক সেন্দূৰ লগায় আৰু দুৰ্গা পূজা আৰু বিজয়া দশমীৰ শুভেচ্ছা জনায় ৷ সেন্দূৰ খেল হৈছে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বিবাহিত মহিলাসকলে পালন কৰা এক সামাজিক পৰম্পৰা। এই খেলৰ জৰিয়তে মহিলাসকলে আনবোৰ মহিলাৰ লগত সেন্দূৰ সানি স্বামীৰ দীৰ্ঘায়ু আৰু পৰিয়ালৰ সমৃদ্ধি কামনা কৰে।
সেন্দূৰ খেলা আৰু ইয়াৰ উদযাপনৰ বিষয়ে জানিব ইয়াৰ ইতিহাস অন্বেষণ কৰিব লাগিব। সেন্দূৰ খেলা প্ৰায় ৪৫০ বছৰ আগৰ। তথ্যনুসৰি জমিদাৰসকলৰ দুৰ্গা পূজা উদযাপনৰ সময়ত এই অনুষ্ঠানৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কিংবদন্তি অনুসৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে পত্নীয়ে কেতিয়াও বিধৱা হ’ব নালাগে। এই পৰম্পৰাই স্বামীৰ আয়ুস বৃদ্ধি কৰে বুলি কোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















