কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে
বলীউডৰ অন্যতম অভিনেত্ৰী কাজল আজিৰ দিনটো এগৰাকী সফল তথা আগশাৰীৰ অভিনেত্ৰী। ৫০ বছৰীয়া কাজলে বিগত তিনিটা দশক ধৰি বলীউডত ৰাজ কৰি আহিছে। ১৯৯২ চনত কমল সদনা অভিনীত ছবি বেখুদীৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা কাজলে আৰু কোনোদিনে পিছলৈ উভতি চাব লগা নহল।
মাতৃ তনুজাৰ দৰেই কাজল হিন্দী চিনেমাৰ এগৰাকী সফল অভিনেত্ৰী। কাজলে অভিনয় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। মাতৃ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে পিতৃ শ্বোমু মুখাৰ্জীও চিনেমাৰ সৈতে জড়িত আছিল। কাজলৰ সমগ্ৰ পিতৃ তথা মাতৃৰ পৰিয়াল চিনেমাত সক্ৰিয় আছিল।
কিন্তু ইমানৰ পিছতো কাজলে বলীউডত প্ৰৱেশ কৰিবলৈ কাৰোৰে সহায় লোৱা নাছিল। বৰঞ্চ কাকোকে নিজৰ প্ৰকৃত পৰিচয় নিদিবৰ বাবে নিজৰ উপাধীয়ো ব্যৱহাৰ কৰা নাছিল। নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত কাজলে আজিৰ দিন পাইছে।
অভিনয়ৰ দিনত বহুতেই প্ৰশ্ন কৰিছিল ইমান ডাঙৰ মুখাৰ্জী পৰিয়ালৰ দুহিতা হৈয়ো কিয় কাজলে সেই উপাধী গ্ৰহণ কৰা নাছিল। পিতৃৰ সৈতে কিবা মনোমালিন্য আছিল বুলি ভাবিছিল বহুতেই। কিন্তু কাজলে কোৱা অনুসৰি সকলোতকৈ অধিক প্ৰেম পিতৃৰ সৈতেই আছিল। মাতৃ তনুজাত কৈ পিতৃ শ্বমুৰ অধিক কাষ চাপিছিল কাজল।
কিন্তু বলীউডত আহিবলৈ কাৰোৰে সহায় বিচৰা নাছিল কাজলে। সকলো নিজৰ দমত কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত কাজলে নিজেই কৈছে- মই নিজৰ প্ৰতি সঁচা হ’ব বিচাৰিছিলো আৰু উত্তৰাধিকাৰৰ কোনো বোজা বিচৰা নাছিলো। সেইবাবেই মই ভাবিছিলো যে যদি মই মোৰ উপাধিটো আঁতৰাই কেৱল কাজল নামেৰে বলীউডলৈ যাওঁ, তেন্তে মোৰ ওপৰত কোনো হেঁচা নাথাকিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ