বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্তক কোনে নাজানে! মনোৰঞ্জন জগতৰ প্ৰত্যেকগৰাকী দৰ্শকক বিভিন্ন কামেৰে ৰাখী সাৱন্তে আমোদ দি থাকে৷ শেহতীয়াকৈ ৰাখী আৰু আদিল দুৰাৰ্ণীৰ প্ৰেমে যথেষ্ট চৰ্চা লাভ কৰিছে বি টাউনত৷ কিয়নো য’তে ত’তে সাংবাদিকৰ কেমেৰাত আৱদ্ধ হয় ৰাখী আৰু আদিল৷ আদিলৰ প্ৰেমত এতিয়া হাবু-ডুবু খাই আছে ৰাখী। কিন্তু তাৰ মাজতো ৰাখী যেন সুখী নহয় ৷ কাৰণ সেই কথা ৰাখীয়ে নিজেই স্বীকাৰ কৰিছে।
এক সাক্ষাৎকাৰত ৰাখীয়ে মন্তব্য কৰিছে যে ৰাখীক লৈ সুখী নহয় আদিলৰ পৰিয়াল। ৰাখীৰ চৰিত্ৰ আৰু কেৰিয়াৰক লৈ বিৰূপ মন্তব্য কৰে আদিলৰ পৰিয়ালে৷

লগতে পঢ়ক মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?
সাক্ষাৎকাৰটোত আদিলক সাংবাদিকে প্ৰশ্ন কৰে “আপোনালোকে ডেট কৰা তিনি চাৰিমাহ হৈ গ’ল৷ আপুনি আপোনাৰ মা-দেউতাক ৰাখীক হ’বলগীয়া পত্নী বুলি কেতিয়া চিনাকি দিব?”
উত্তৰত আদিলে কয় “সেই দিনটো অতি সোনকালে আহিব”৷ ইয়াৰ মাজতে ৰাখীয়ে কয় “মই যদি এটা বেলেগ পৰিবেশৰ পৰা আহিছো। তাত মোৰ কি দোষ৷ এতিয়া আদিলৰ ভনীয়েকৰ বিয়া ভাগিছে৷ আদিলৰ পৰিয়ালক বিভিন্ন লোকে কৈছে যে ৰাখী সাৱন্তক বোৱাৰী কৰি আনিলে তোমালোকৰ ছোৱালীক কোনে বিয়া পাতিব?

লগতে পঢ়ক উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…
ইয়াৰ পাছতে ৰাখীয়ে কান্দিবলৈ ধৰি কয় “মোৰ প্ৰেম কৰাৰ অধিকাৰ নাই নেকি? মোৰ কি বিয়া নহ’বই নেকি? মই সন্ত্ৰাসবাদী নেকি?’’
আনহাতে ইয়াৰ পূৰ্বেও ৰাখীয়ে সংবাদমেলত আদিলৰ পৰিয়ালে ৰাখীক বোৱাৰী হিছাপে আকোঁৱালি নোলোৱাৰ কথা কৈছে৷ অৱশ্যে, ইয়াৰ পাছতো ৰাখী আৰু আদিল একেলগে আছে। কাৰণ ইজনে সিজনক বহুত ভাল পায়৷

লগতে পঢ়ক কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
উল্লেখযোগ্য যে ৰাখীৰ দৰে এগৰাকী ৰঙীয়াল যুৱতীৰ অন কেমেৰা এনে দৰে ভাগি পৰাটোৱে মনোৰঞ্জনৰ অন্য এখন জগতৰ কথাই পোহৰলৈ আনে। য’ত প্ৰত্যেকৰ মুখত হাঁহি থাকিলেও কিন্তু হৃদয়খন বহু দুখেৰে ভৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















