• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

11 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

editor by editor
July 15, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
0
SHARES
797
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ জ্যোতিৰ্ময় দাস: আত্মহত্যা-অৰ্থাৎ এজন ব্যক্তিয়ে নিজে নিজক হত্যা কৰা বা নিজৰ মৃত্যুক নিজে আঁ‌কোৱালি লোৱা কাৰ্য। আত্মহত্যাৰ ইতিহাস বহু পুৰণি। মানুহে জনা সময়ৰ পৰা অৰ্থাৎ মানৱ সভ্যতাৰ ইতিহাস লিপিবদ্ধ হোৱাৰ কালৰে পৰাই আত্মহত্যাৰ বিষয়ে উল্লেখ আছে।

আজিৰ পৰা ৩০০০ বছৰ আগতেই গ্ৰীচ আদি দেশত হোৱা আত্মহত্যাৰ ঘটনাক দোষণীয় বা পাপ বুলি গণ্য কৰি আত্মহত্যাকাৰীৰ মৃতদেহ জীৱ-জন্তুক খাবলৈ দিয়া হৈছিল। পৰৱৰ্তী সময়ত ১৬৪২ত ইংলেণ্ডত আত্মহত্যাক এক ব্যাধি বুলি স্বীকৃতি দিয়া হয়। তাৰপিছৰ পৰ্যায়ত আত্মহত্যা নিজে এবিধ ব্যাধি নহৈ আন আন মানসিক বা কেতিয়াবা শাৰিৰীক ৰোগৰ পৰিণতিত ঘটা এক ঘটনা বুলি চিকিৎসা বিজ্ঞানে মান্যতা প্ৰদান কৰে।

বিগত কিছুকাল ধৰি একমাত্ৰ ভাৰততে বুলি নহয়, সমগ্ৰ বিশ্বব্যাপী আত্মহত্যাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বৰ্তমান সময়ত প্ৰতি বছৰে সমগ্ৰ বিশ্বত ৮০০,০০০ জন মানুহে আত্মহত্যা কৰে আৰু শেহতীয়া তথ্য অনুসৰি ভাৰতত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈয়ো আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক, প্ৰায় ১ লাখ ৫৩ হেজাৰ। কি সূচাই এই পৰিসংখ্যাই?

 

লগতে পঢ়ক হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

অতিমাৰীৰ দৰেই আত্মহননৰ এই ৰোগগ্ৰস্ততাত সমগ্ৰ দেশ-দুনীয়া আচ্ছন্ন হৈ পৰিছে, সেয়াই সঁ‌চা। আৰু এই সঁ‌চা এক ভয়ানক আৰু তিক্ত সঁ‌চা। মানসিক ৰোগ আৰু আত্মহত্যাৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ক’ভিডৰো প্ৰভাৱো আছে। কাৰণ ক’ভিডৰ ফলত বহু লোক কৰ্মহীন হ’ল, লকডাউন আৰু সামগ্ৰিক হতাশাজনক পৰিবেশে ইতিমধ্যেই মানসিক ৰোগত ভোগাসকলৰ ৰোগগ্ৰস্ততা বৃদ্ধি কৰিলে। লগতেই শেহতীয়া কেইটিমান দশকত এই সংখ্যা বৃদ্ধিৰ গ্ৰাফদাল চকুত লগাকৈ লক্ষণীয়। মানসিক ৰোগ যিদৰে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাইছে, ইয়াৰ সমান্তৰালকৈয়ে বৃদ্ধি পাইছে আত্মহত্যাৰ সংখ্যাও। অৱশ্যেই মানসিক ৰোগৰ উপযুক্ত চিকিৎসা নহ’লে আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।

আত্মহত্যাৰ ক্ষেত্ৰত ভাৰতৰ মহাৰাষ্ট্ৰ আটাইতকৈ শীৰ্ষত। আৰু এতিয়া অতি দুখজনকভাৱে অসমতো এই পৰিসংখ্যা শেহতীয়া কিছু মাহতে হঠাৎ এক উচ্চ হাৰত বৃদ্ধি পোৱা দেখা গৈছে। কথা হ’ল যদিহে মানসিক ৰোগগ্ৰস্ত অৱস্থাতে চিকিৎসা কৰা যায়, তেতিয়াহে আত্মহত্যাৰ দৰে ঘটনাক ৰুধিব পৰা যাব।

প্ৰধানকৈ ১৮ ৰপৰা ৩০ বছৰ আৰু ৩০ ৰপৰা ৪৫ বছৰ বয়সৰ লোকসকলৰ মাজত আত্মহত্যা কৰাৰ প্ৰৱণতা অধিক দেখা যায়। এতিয়া আহিছো মানুহে আত্মহত্যা কিয় কৰে? কি এনে কাৰণ থাকে যাৰ বাবে জীয়াই থকাৰ সকলো ইচ্ছা-আকাংক্ষা বাদ দি নিজকে শেষ কৰাই শ্ৰেয় বুলি ভাবে-সেই বিষয়লৈ। পূৰ্বেই উল্লেখ কৰিছোৱেই যে-আত্মহত্যা মূল কাৰণ বা কাৰকসমূহ মানসিক। আত্মহত্যা নিজে এক ৰোগ নহ’লেও বিভিন্ন মানসিক ৰোগৰ পৰিণতিতে আত্মহত্যা সংঘটিত হোৱা দেখা যায়। আত্মহত্যাৰ কাৰক এনে কিছু মানসিক ৰোগ আৰু আন কাৰণৰ বিষয়ে তলত উল্লেখ কৰিছো—

 

লগতে পঢ়ক ‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

১. বিভিন্ন প্ৰকাৰৰ জটিল মানসিক ৰোগ, যেনে— গম্ভীৰ হতাশাগ্ৰস্ততা বা মেজৰ ডিপ্ৰেছন, বায়’পলাৰ ডিছঅৰ্ডাৰ, স্কিজ’ফ্ৰেনিয়া, এংজাইতী ডিছঅৰ্ডাৰ, প’ষ্ট ট্ৰউমাটিক ষ্ট্ৰেচ ডিছঅৰ্ডাৰ (PTSD-জটিল কোনো দূৰ্ঘটনাৰ পিছৰ পৰ্যায়ত মনত পৰা চাপ), বৰ্ডাৰলাইন পাৰ্ছনেলিটি ডিছঅৰ্ডাৰ ইত্যাদি।

২. বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য বা পদাৰ্থৰ সেৱন, যেনে— সুৰা বা ড্ৰাগছ। এইবোৰ সেৱনৰ আঁ‌ৰতো ভিন্ন মানসিক ৰোগে বা অৱস্থাই ক্ৰিয়া কৰে।

৩. পৰিয়ালৰ কাৰোবাৰ আত্মহত্যা কৰাৰ ইতিহাস।

৪. পৰিয়াল, বন্ধুবৰ্গ বা আন নিকট সম্পৰ্কৰ ক্ষেত্ৰত দীৰ্ঘকালজুৰি সন্মুখীন হোৱা জটিলতা।

৫. জীয়াই থাকিবৰ বাবে সকলো আশা হেৰুৱাই পেলোৱা।

৬. জীৱনৰ অতি উল্লেখনীয় বা বৃহৎ কোনো ক্ষতি, যেনে— একান্তই প্ৰিয় বা আপোনজনৰ মৃত্যু, অতি গুৰুত্বপূৰ্ণ কোনো সম্পৰ্ক হেৰুওৱা, জীৱিকাৰ পথ বন্ধ হোৱা অথবা আত্মবিশ্বাসৰ চৰম অভাৱ ঘটা।

 

লগতে পঢ়ক কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

৭. অসহনীয় মানসিক অথবা শাৰীৰিক যন্ত্ৰণা।

৮. যিয়ে আগতে আত্মহত্যাৰ প্ৰয়াস কৰিছে।

৯. যি ব্যক্তিৰ কায়িক, মানসিক বা যৌন আতিশয্য বা নিৰ্যাতনৰ ইতিহাস বা অভিজ্ঞতা আছে।

১০. নিঃসংগতা, কৰ্মসংস্থাপনহীনতা আদি।

তথ্য অনুসৰি দেখা গৈছে যে মানসিক ৰোগত ভূগি থকা যিসকল ব্যক্তিয়ে আত্মীয়-স্বজন বা বন্ধুবৰ্গৰ সহযোগ আৰু আদৰ-যতন পোৱাৰ লগতে মানসিক ৰোগৰ চিকিৎসাও লাভ কৰে৷ সেইসকলে আত্মহত্যাৰ প্ৰতি নিজৰ তীব্ৰ হাবিয়াসক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে, সেইসকলৰ তুলনাত যিয়ে এইখিনি পাবলৈ সক্ষম নহয় আৰু সামাজিকভাৱে একেবাৰে একাকী হয়। আত্মহত্যা কৰা লোকসকলৰ আত্মহত্যাৰ আগৰ কিছু কাম-কাজৰ বিষয়ে অধ্যয়ন কৰাৰ পিছত আত্মহত্যাৰ কিছুমান সাংকেতিক লক্ষণ পোহৰলৈ আহিছে। তেনে কেইটিমান হৈছে—

 

লগতে পঢ়ক মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

১. অত্যধিক মাত্ৰাৰ দুখবোধ বা ডিপ্ৰেছন আৰু ভাবৰ সঘন পৰিৱৰ্তন।

২. আশাহীনতা বা আশাশূন্যতা কিম্বা নিৰাশা।

৩. নিদ্ৰাহীনতাৰ সমস্যা।

৪. হঠাতে অতিশয় শান্ত প্ৰকৃতিৰ হৈ পৰা।

৫. বন্ধুবৰ্গ বা আন সকলোৰে পৰা নিজকে সম্পূৰ্ণকৈ এৰাই চলা বা সম্পূৰ্ণ একাকীত্বক বাচি লোৱা।

৬. ব্যক্তিত্ব বা নিজৰ দেখা শুনাত পৰিৱৰ্তন অনা কাৰ্য। কথা-বতৰা অতি কম কৰা, নিজৰ দেহ বা পৰিধান কৰা সাজ-পাৰ পৰ্যন্ত আওকাণ কৰা।

৭. নিজকে আঘাত কৰিব পৰা গুৰুতৰ কাম-কাজ।

৮. জীৱনত অতি সম্প্ৰতি ঘটি উঠা কোনো বেদনাদায়ক ঘটনা বা জটিল সমস্যা।

৯. আত্মহত্যাৰ প্ৰস্তুতি চলোৱা।

১০. আত্মহত্যাৰ ভাবুকি দিয়া বা আত্মহত্যা সম্পৰ্কে বেছিকৈ কথা পতা।

এই ক্ষেত্ৰত আপোনাৰ কৰণীয় কি হ’ব? অৰ্থাৎ যদিহে আপুনি গম পাই যে আপোনাৰ পৰিচিত বা আত্মীয় কাৰোবাৰ ক্ষেত্ৰত উপৰোক্ত লক্ষণসমূহ ফুটি উঠিছে।

 

লগতে পঢ়ক উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

১. তেওঁ‌ক তাৎক্ষণিকভাৱে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যাওক।

২. সেই আত্মহত্যাপ্ৰৱণ ব্যক্তিজনক অকলশৰে মুঠেই নেৰিব।

৩. যদিহে ব্যক্তিজনে ইতিমধ্যেই মানসিক ৰোগৰ চিকিৎসা কৰি আছে, তেন্তে তেওঁ‌ক চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰক।

৪. ব্যক্তিজনক যিমান পাৰি মানসিকভাৱে শান্ত কৰি ৰাখিবৰ চেষ্টা কৰক।

চিকিৎসা- ইতিমধ্যেই আত্মহত্যাৰ বিষয়ে, ইয়াৰ কাৰণ, লক্ষণসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। গতিকেই যদিহে আপুনি নিজে এনে কোনো অৱস্থাত ভূগিছে বা আপোনাৰ কোনো বন্ধু বা আত্মীয়ৰ ক্ষেত্ৰত আপুনি এনে আচৰণ বা লক্ষণ দেখিবলৈ পাইছে, অনতিপলমে তেওঁ‌ক মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যাওক। যিবোৰ মানসিক ৰোগৰ ফলত প্ৰধানতঃ এজন ব্যক্তিয়ে আত্মহত্যা কৰে, তাৰ ভিতৰত অন্যতম হৈছে ডিপ্ৰেছন বা হতাশাগ্ৰস্ততা। মানসিক ৰোগ বিশেষজ্ঞই ডিপ্ৰেছন কম কৰিবৰ বাবে এন্টিডিপ্ৰেছেন্ট জাতীয় দৰৱ গ্ৰহণৰ পৰামৰ্শ দিয়ে৷ যিয়েই ব্যক্তিজনৰ মগজুক প্ৰশান্ত কৰাৰ লগতে ধনাত্মক হ’ৰমনৰ উৎপন্ন হোৱাত সহায় কৰে৷ গতিকেই এনে দৰবৰ প্ৰয়োগ এনে ৰোগীৰ ক্ষেত্ৰত খুবেই ফলদায়ক। আপোনাৰ এইখিনি সচেতনতাই কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। জীৱন অমূল্য।

 

লেখক- (এম ডি), স্নায়ৱিক মনস্তত্ত্ব বিভাগৰ মূখ্য পৰামৰ্শদাতা, মেডিচিটি গুৱাহাটী, হাতীগাওঁ‌, ফোন-৮৬৩৮৯৮৫৬৬৪

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamsuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.