বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কৰ ৭৬ বছৰীয়া পিতৃ এৰ’ল মাস্কে এক আচৰিত কথা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত এল’ন মাস্কৰ পিতৃ এৰ’ল মাস্কে প্ৰকাশ কৰিছে যে তেওঁৰ ৩৫ বছৰীয়া সতীয়া কন্যাৰ জানা বেজুইডেনহাউটৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে৷
ইমানেই নহয় তেওঁলোকৰ দুটা গোপন সন্তানো আছে। আজিৰ পৰা তিনি বছৰ পূৰ্বে এৰ’ল মাস্কৰ সতীয়া কন্যা জানাই তেওঁৰ দ্বিতীয়টো সন্তান জন্ম দিয়া বুলিও প্ৰকাশ কৰিছে এৰ’ল মাস্কে৷ অৱশ্যে এৰ’ল আৰু জানাই তেওঁলোকৰ দুয়োটা সন্তানৰে পিতৃ পৰিচয় ইমান দিনে গোপন কৰি ৰাখিছিল৷
নিউয়ৰ্ক পোষ্টৰ মতে, এৰ’ল মাস্কে ব্ৰিটিছ টেবলয়ড ড্য ছানক দিয়া এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছে যে পুত্ৰ এল’নৰ সতীয়া ভগ্নী জানাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু ২০১৯ চনত জানাই তেওঁলোকৰ দ্বিতীয় কন্যা সন্তান জন্ম দিছিল।
লগতে পঢ়ক আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
দক্ষিণ আফ্ৰিকাৰ ৭৬ বছৰীয়া অভিযন্তা এল’ন মাস্কৰ পিতৃ এৰ’ল মাস্কে আত্মপক্ষৰ সমৰ্থনত তাৎপৰ্যপূৰ্ণভাৱে কয় যে পৃথিৱীত মাত্ৰ এটা বস্তু আছে যাৰ বাবে আমি বংশবৃদ্ধি কৰো।
ইফালে তেওঁ প্ৰকাশ কৰা মতে ২০১৭ চনত এৰ’ল মাস্ক আৰু জানাৰ প্ৰথম সন্তানৰ জন্ম হৈছিল। যাৰ নাম ইলিয়ট ৰাছ ৰখা হৈছিল।
উল্লেখ্য যে জানা বেজুইডেনহাউট এৰ’লৰ দ্বিতীয় পত্নী হাইড বেজুইডেনহাউটৰ কন্যা৷ ১৯৭৯ চনত এলনৰ মাতৃ মেয়ে হাল্ডমেন এৰ’ল মাস্কৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছতে তেওঁ হাইডৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
লগতে পঢ়ক আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?
জানাৰ মাতৃৰ সৈতে এৰ’ল মাস্কে বিবাহ কৰোৱাৰ সময়ত জানাৰ বয়স আছিল মাত্ৰ ৪ বছৰ৷ আৰু নিজে তুলি তালি ডাঙৰ কৰাৰ পিছত এই জানাৰ সৈতেই সতীয়া পিতৃ এৰ’ল মাস্কে প্ৰেমৰ সম্পৰ্ক গঢ়ি দুই সন্তানৰ পিতৃও হ’ল৷
ইফালে এৰ’ল মাস্ক হাইডৰ দুটাকৈ সন্তান আছে৷ নিউয়ৰ্ক পোষ্টৰ মতে ১৮ বছৰৰ পিছত অৱশেষত এৰ’ল আৰু হাইডৰো বিবাহ বিচ্ছেদ হয়।
এৰ’লে সাক্ষাৎকাৰটোত লগতে কয়, শুনিবলৈ আচৰিত যেন লাগিবা পাৰে এতিয়া তাইৰ বয়স ৩৫ আৰু মোৰ বয়স ৭৬। মই এতিয়াও বিচাৰিলে জানা মোৰ ওচৰলৈ উভতি আহিব।
লগতে পঢ়ক হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?
আনহাতে সতীয়া কন্যাৰ দুই সন্তানৰ বিষয়ে এৰ’লে কয়, ‘‘মই তেওঁৰ ডি এন এ পৰীক্ষা কৰা নাই। কিন্তু তাইক মোৰ আন ছোৱালীবোৰৰ দৰেই দেখা যায়। তাই দেখাত ৰোজ আৰু টস্কাৰ দৰে। তাইক হুবহু ৰুশীৰ দৰেই দেখা যায় আৰু তাইৰ আচৰণো তাৰ দৰেই। গতিকে ই যথেষ্ট স্পষ্ট৷’’
তেওঁ সতীয়া কন্যাৰ জানাৰ দুই সন্তানৰ পিতৃ বুলি জনাৰ পিছতে তেওঁৰ পৰিয়ালে আচৰিত হোৱাৰ লগতে তেওঁৰ সৈতে মতানৈক্য হোৱা বুলিও এৰ’লে প্ৰকাশ কৰিছে৷
এই সম্পৰ্কত সোধা প্ৰশ্নোত্তৰত এৰ’লে কয় ২০১৭ চনত যেতিয়া জানাই এৰ’লৰ প্ৰথম সন্তান গৰ্ভধাৰণৰ খবৰে এল’ন মাস্কক স্তম্ভিত কৰি তুলিছিল আৰু এল’ন আৰু তেওঁৰ দেউতাকৰ মাজত এক তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছিল। এল’ন মাস্কে এতিয়াও ইয়াৰ বাবেই দেউতাকক ভাল নাপায় বুলিও প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ