ইতিহাসৰ সবাটোতকৈ ভয়াৱহ সংকটত নিমজ্জিত হৈছে শ্ৰীলংকা৷ ইতিমধ্যে দেশৰ জনতাৰ গণ বিক্ষোভ কম্পমান হৈ দেশ এৰি পলায়ন কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি৷ শ্ৰীলংকাৰ চাৰিওফালে কেৱল চৰকাৰ বিৰোধী আন্দোলন আৰু আন্দোল।
দেশৰ অৰ্থনৈতিক অৱস্থা সৰ্বকালৰ নিম্নতম স্তৰ প্ৰৱেশ কৰা সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত চলি আছে জৰুৰীকালীন অৱস্থা। আৰ্থিক সংকটে এনে পৰ্যায় পাইছেগৈ যে সাধাৰণ ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি আছে।
বিভিন্ন স্থানত চৰকাৰী প্ৰতিনিধিকো আক্ৰমণ কৰাৰ লগতে সা-সম্পত্তিত প্ৰতিবাদী জনতাই অগ্নিসংযোগ কৰিছে। দেশবাসীয়ে দৈনন্দিন প্ৰয়োজনৰ বাবে নূন্যতম খাদ্য, ঔষধ আৰু ইন্ধন যোগান ধৰিবলৈ চৰকাৰৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম কৰি আছে। প্ৰতিবাদকাৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাভয়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহৰ প্ৰাসাদ দখল কৰিছে।
লগতে পঢ়ক Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?
মাত্ৰ চাৰিওফালে কান্দোন! আৰু তাৰ মাজতে জিলিকি আছে প্ৰেমৰ এখন ছবি! সমগ্ৰ দেশতে এনে প্ৰতিবাদৰ মাজতে ইন্টাৰনেটত ভাইৰেল হৈছে এহাল দম্পতীৰ চুম্বনৰ দৃশ্য।
ভাইৰেল ছবিখনত প্ৰতিবাদকাৰীৰ ভিৰৰ মাজত আৰু ৰাজহুৱা স্থানত এহাল দম্পতীয়ে ইজনে সিজনৰ ওঁঠত গভীৰভাৱে চুম্বন কৰি থকা দেখা গৈছে।
লগতে পঢ়ক আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
চাৰিওফালে অব্যাহত থকা হিংসা, ক্ষোভৰ দাবানলৰ মাজত এই ছবিখনে যেন আন কিবা এটাহে কয়। কিন্তু এই ছবিখন তুলি লৈ দম্পতীহালে কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে সেয়া স্পষ্ট হোৱা নাই।
বিক্ষোভ, হিংসা, প্ৰতিবাদৰ মাজত এই ফ’টোখন দেখি নেট-নাগৰিকে বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷ নেট-নাগৰিকে যিয়েই নকওক কিয় এই ফ’টোখনে হত্যা-হিংসা, বিক্ষোভ, ক্ষোভৰ মাজতো যেন প্ৰেমৰ অবিনশ্বৰতাৰ কথাকে প্ৰমাণ কৰিছে, যিয়ে এই বিক্ষোভৰ অন্তত নতুন যুগৰ সূচনা হোৱাৰ ইংগিত বহন কৰিছে!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ