গৰমৰ দিনত ৰ’দত ওলালেই প্ৰায় সংখ্যক লোকৰ sunburn হয়৷ sunburnৰ পৰা ৰক্ষা পাবৰ বাবে ভাল ব্ৰেণ্ডৰ sunscreen ব্যৱহাৰ কৰিব লাগে। অৱশ্যে এনে বহুলোক আছে যাৰ ছালত sunscreen লগালেও কাম নিদিয়ে৷ ফলত sunburnৰ সমস্যা এই সংখ্যক লোকৰ অধিক হয়৷ আজি আমি আপোনালোকক জনাম sunburnএ সৃষ্টি কৰা সমস্যাৰ পৰা গৰমত আপোনাৰ ছালখন কেনেকৈ মসৃণ কৰি ৰাখিব৷
১. বেচন, হালধি আৰু নেমু- sunburnৰ দাগ গুচাবৰ বাবে বেচন, হালধি আৰু নেমু মিহলাই এটা পেষ্ট বনাব লাগে৷ তাৰ পিছত লাহে লাহে মুখমণ্ডলত এটা প্ৰলেপ লগাব লাগে৷ এই পেষ্টটো কেনেদৰে বনাব৷
লগতে পঢ়ক আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?
ক. এটা পাত্ৰত দুচামুচ বেচন লওক৷
খ. এচামুচ হালধি গুড়ি৷
গ. এফাল নেমু ৰস৷
ঘ. পাত্ৰটোত এতিয়া অলপ পানী দি নেমু হালধি আৰু বেচনেৰে মিশ্ৰণটো বনাওক৷
ঙ .মিশ্ৰণ লগোৱাৰ ১৫ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক৷
লগতে পঢ়ক হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?
২. ছালকুঁৱৰী- ছালকুঁৱৰী(এল’ভেৰা) ছালৰ উজ্জ্বলতাৰ বাবে ছালকুঁৱৰীক মহৌষধি বুলি জনা যায়৷ ছালকুঁৱৰীৰ ৰসে ছালখন ৰোগমুক্ত কৰে৷ কেনেদৰে লগাব ছালকুঁৱৰী আপোনাৰ মুখমণ্ডলত৷
ক. ছালকুঁৱৰী (এল’ভেৰা) জেল মুখ আৰু গলত ভালদৰে লগাওক৷
খ. ২৫ মিনিট পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷
৩. দৈ, নেমু আৰু মৌ- দৈ, নেমু আৰু মৌৰ মিশ্ৰণেৰে মুখৰ দাগ নোহোৱা কৰাত যথেষ্ট পৰিমাণে সহায় কৰে৷
ক. এটা পাত্ৰত দুই চামুচ দৈ লওক৷
খ. এচামুচ মৌ দৈৰ সৈতে মিহলি কৰক৷
গ. দৈ আৰু মৌ ত ৪ চামুচ নেমুৰ ৰস ভালদৰে মিহলি কৰক৷
ঘ. এতিয়া এই মিশ্ৰণটো ২৫ মিনিটৰ বাবে মুখমণ্ডলত লগাওক৷
ঙ. এতিয়া ঠাণ্ডা পানীৰে ধুই দিয়ক৷
লগতে পঢ়ক ‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ
৪. দৈ আৰু হালধি- দৈ আৰু হালধিৰ উপকাৰীতা প্ৰতিগৰাকী সুন্দৰী নাৰীৰ বাবে এক পৰিচিত বিষয়৷ অতীতৰে পৰা গৰমৰ দিনত ছালৰ উজ্জ্বলতা বঢ়াবৰ বাবে পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰি আহিছে দৈ আৰু হালধি৷ দৈ আৰু হালধি কেনেদৰে ব্যৱহাৰ কৰিব৷
ক. এটা পাত্ৰত ৩ চামুচ দৈ লওক৷
খ. দৈ ৰ সৈতে এচামুচ হালধি মিহলি কৰক৷
গ. ২০ মিনিট মুখমণ্ডলত লগোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷
মনত ৰাখিব গৰমৰ দিনত অধিক পৰিমাণে পানী আৰু ফল খোৱাতো বাঞ্চনীয়৷ পানী আৰু ফলৰ ৰসে দেহ সুস্থ কৰাৰ লগতে ছালখনো উজ্জ্বল কৰি তুলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ