• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?

দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?

3 years ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

23 minutes ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

60 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

5 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

5 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

6 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

6 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?

editor by editor
October 5, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰ্ত্যৰ পৰা আজি বিদায় মাগিব দেৱী দুৰ্গাই। বিগত ১ মাহে চলা উৎসৱৰ প্ৰস্তুতিৰ অৱসান ঘটিব। মৰ্ত্য এৰি দুৰ্গতিনাশিনী কৈলাশলৈ উভতিব। মৰ্ত্যত ম্লান পৰিব উৎসাহ। দুৰ্গাপূজাৰ শেষৰ দিনটোক কিয় বিজয়া দশমী বুলি কোৱা হয় জানেনে?

মহিষাসুৰ নামৰ অসুৰে ব্ৰহ্মাৰ বৰ পায় প্ৰৱল ক্ষমতাশালী হৈ উঠিছিল। ব্ৰহ্মাই বৰ দিছিল যে কোনো পুৰুষেই মহিষাসুৰক বধ কৰিব নোৱাৰিব। কিন্তু বৰত এই কথা উল্লেখ নাছিল যে কোনো নাৰীয়েও মহিষাসুৰক বধ কৰিব নোৱাৰিব। ব্ৰহ্মাৰ বৰ পাই স্বৰ্গ, মৰ্ত্য, পাতাল সকলোতে আধিপত্য চলাবলৈ আগবাঢ়িছিল মহিষাসুৰে। দেৱৰাজ ইন্দ্ৰকেই স্বৰ্গৰ পৰা বাহিৰ কৰি দিছিল মহিষাসুৰে। শেষত উপায়হীন হৈ দেৱতাসকলে তেওঁলোকৰ সন্মিলিত শক্তিৰে জন্ম দিছিল মা দুৰ্গাক।

পুৰাণত উল্লেখ থকা মহিষাসুৰ বধৰ কাহিনী অনুসৰি শুক্লা দশমীৰ নিশা দুৰ্গাই মহিষাসুৰক বধ কৰে। এই বিজয়কেই বিজয়া দশমী বুলি কোৱা হয়। আনহাতে ৰামায়ণত উল্লেখ থকা অনুসৰি ত্ৰেতা যুগত লংকাৰ ৰজা ৰাৱণে শ্ৰী ৰামচন্দ্ৰৰ পত্নী সীতাক অপহৰণ কৰে। দেৱী দুৰ্গাৰ আশীৰ্বাদ লৈহে ৰামে পত্নী সীতাক উদ্ধাৰৰ বাবে লংকা আক্ৰমণ কৰে। শুক্লা দশমীতেই ৰামে ৰাৱন বধ কৰে। ৰাৱণৰ বিৰুদ্ধে ৰামৰ যুদ্ধ জয়ৰ এই দিনটোকো বিজয়া দশমী বুলি কোৱা হয়।

মহাভাৰততো বিজয়া দশমীৰ কথা উল্লেখ আছে। পাণ্ডৱৰ ১২ বছৰীয়া বনবাস আৰু এবছৰ অজ্ঞাতবাসৰ সময়ত আহিন মাহৰ শুক্লা দশমীতেই তেওঁলোকে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰ পুনৰুদ্ধাৰ কৰে আৰু নিজৰ পৰিচয় সকলোৰে সন্মুখত তুলি ধৰে। সেয়ে এই দিনটোকো বিজয়া দশমী বুলি কোৱা হয়।

বৌদ্ধ ধৰ্মালম্বী লোকসকলেও বিজয়া দশমীক বিশ্বাস কৰে। বহুতেই বিজয়া দশমীক অশোক বিজয়া দশমী বুলিও ক’ব খোজে। কলিঙ্গ যুদ্ধৰ পিছতেই ১০ দিন ধৰি মৌৰ্য সম্ৰাট অশোকে বিজয় উৎসৱ পালন কৰিছিল। সেই বিজয় উৎসৱৰ অন্তত শুক্লা দশমীতেই সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। সেয়ে বিজয়া দশমী বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ বাবেও গুৰুত্বপূৰ্ণ দিন।

উল্লেখ্য যে বহুসংখ্যকৰ মতে এই দিনটোত দেৱীক মাটিৰ প্ৰতিমাৰ পৰা মুক্ত কৰি দিয়া হয়। সেইবাবেই এই দিনটো বিজয়া দশমী হিচাপে পৰিচিত। ৪ দিন ধৰি দেৱীৰ মৃন্ময়ীৰূপক পূজা কৰি থকাৰ পিছত দশমীত বিসৰ্জনৰ অন্ততহে দেৱীয়ে মুক্তি লাভ কৰে বুলিও একাংশই ক’ব খোজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই

মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই

‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

'কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.