অসম লাইভ২৪ঃ সংকটৰ মুখত আমেৰিকা৷ এইবাৰ দৰমহা বন্ধ হ’বলৈ গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰো! শাসক-বিৰোধীৰ মতপাৰ্থক্যৰ মাজতেই আমেৰিকাত সৃষ্টি হৈছে অচলাবস্তাৰ৷ এক সূত্ৰই প্ৰকাশ কৰামতে ৩০ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা স্তব্ধ হৈ পৰিব আমেৰিকা৷ আমেৰিকাত শ্বাটডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
আমেৰিকাত শ্বাটডাউন
মাৰ্কিন সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি চৰকাৰী খৰচ সংক্ৰান্তীয় কেইবাটাও বিল পাৰ্লিয়ামেণ্টত বিৰোধীয়ে ৰখাই থৈছে৷ এই বিল পাছ নকৰিলে পৰিস্থিতি জটিল হ’ব৷ সেয়ে আমেৰিকাত শ্বাটডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে৷ বৰ্তমান মাৰ্কিন কংগ্ৰেছৰ নিম্নকক্ষ অৰ্থাৎ হাউছ অৱ ৰিপ্ৰেজেণ্টিভত সংখ্যা গৰিষ্ঠতা আছে ডোনাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টীৰ৷ কিন্তু উচ্চকক্ষ বা চেনেট সংখ্যালঘূ তেওঁলোক৷ তাতেই অধিকাংশ আসন দখল কৰিছে বৰ্তমানৰ প্ৰেছিডেণ্ট জ’ বাইডেনৰ দল ডেমক্ৰেটিক পাৰ্টীয়ে৷
বিশেষজ্ঞৰ দাবী, দুয়োখন সদনত দুটা দলৰ সংখ্যা গৰিষ্ঠতা থকাৰ বাবে বিল পাছ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি ৩০ ছেপ্টেম্বৰৰ নিশা ১২ বজাৰ ভিতৰত চৰকাৰী খৰচ সংক্ৰান্তীয় বিল উত্থাপন কৰিব৷ কিন্তু এই সময় সীমাৰ মাজত বিল পাছ নকৰিলে আমেৰিকাত সমস্যাই দেখা দিব৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন অনুুযায়ী শ্বাট ডাউন হ’লে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হ’ব৷ New York Times ৰ দাবী এইবাৰ লকডাউন হ’লে মাৰ্কিন সেনাৰ ৮০ হাজাৰ কৰ্মীয়েও দৰমহা লাভ নকৰিব৷
ৰাষ্ট্ৰপতিয়ে দৰমহা পাবনে?
শ্বাটডাউন হ’লে প্ৰভাৱ পৰিব মাৰ্কিন বৈদেশিকনীতিতো৷ এই পৰিস্থিতিত কোনো বিদেশী ৰাষ্ট্ৰক অস্ত্ৰ শস্ত্ৰ সৰবৰাহত বাধা আহিব৷ সম্প্ৰতি ইউক্ৰেইন আৰু টাইৱানক হাথিয়াৰ দিয়াৰ কথা ঘোষণা কৰিছিল ৱাছিংটনে৷ শ্বাটডাইন হ’লে এই সৰবৰাহ অনিৰ্দিষ্টকাললৈ বন্ধ হ’ব৷ এইসমূহৰ মাজতেই চৰ্চালৈ আহিছে, শ্বাটডাউন হ’লে মাৰ্কিন প্ৰেছিডেণ্টে দৰমহা পাবনে? এই সন্দৰ্ভত নিউৱৰ্ক টাইমছৰ প্ৰতিবেদনত লিখা হৈছে যে, প্ৰেছিডেণ্টৰ দৰমহাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে৷ কাৰণ তেওঁ পাৰ্লিয়ামেণ্টৰ অবিচ্ছেদ্য অংগ নহয়৷ ফলত চৰকাৰী খৰচ বিল সংক্ৰান্তীয় বিষয়ৰ ওপৰত প্ৰেছিডেণ্টৰ দৰমহা নিৰ্ভৰ নকৰে৷ মাৰ্কিন সংবাদপত্ৰসমূহৰ দাবী যে ডনাল্ড ট্ৰাম্প আৰু বাইডেনৰ পুত্ৰ ওপৰত চলি থকা গোচৰসমূহৰ শুনানি শ্বাটডাউন হ’লেও সময়তেই হ’ব৷ মাৰ্কিন মুলূকত একাধিকবাৰ শ্বাটডাউনৰ ঘটনা হৈছে৷ ১৯৯৫-১৯৯৬ চনতো ২১ দিনৰ বাবে স্তব্ধ হৈ পৰিছিল আমেৰিকা৷ সেই সময়ত প্ৰেছিডেণ্ট আছিল বিল ক্লিণ্টন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ