• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

2 months ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

9 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

17 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

51 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

আমেৰিকাৰ ক্ষেত্ৰত কিয় সাৱধান হোৱাটো জৰুৰী?

editor by editor
June 7, 2026
in বিবিধ, বিশ্ব, লেখা
0
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Cockroach অৰ্থাৎ পঁইতাচোৰায়ো যে কেতিয়াবা খবৰৰ শিৰোনাম দখল কৰিব সেয়া হয়টো আপুনিও ভবা নাছিল। সাধাৰণতে কেতিয়াবা কোনো গৃহিনীৰ টোপনি কাঢ়া পঁইতাচোৰাই সম্প্ৰতি ভাৰত চৰকাৰকে ধৰি বহু ৰাজনৈতিক নেতাৰো নিদ্ৰা হৰণ কৰি ৰাখিছে। সাধাৰণতে লেতেৰা কদৰ্যময় পৰিৱেশত থাকি ভালপোৱা পঁইতাচোৰাই বিভিন্ন বেমাৰৰ বীজাণু যে মানৱ দেহলৈ কঢ়িয়াই মানুহক অসুস্থ কৰি তোলে সেয়া আমি সকলোৱে জানো। কিন্তু সম্প্ৰতি ভাল কৰিবলৈ গৈও Cockroach Janata Party-এ নিজে নজনাকৈয়ে অসুস্থ কৰি তুলিব পাৰে ভাৰতৰ অন্তৰ্ভাগ।

গতিকে ৬ জুনত CJP-এ কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ দৰেই আগন্তুক দিনতো শান্তিপূৰ্ণ প্ৰতিবাদ নকৰিলে দেশৰ ভিতৰচ’ৰা অশান্ত হৈ পৰাৰ আশংকাক নুই কৰিব নোৱাৰি। কিয়নো CJP-এ বিশেষকৈ ইণ্টাৰনেটৰ দুনীয়াত বিপুল হাৰত লাভ কৰিছে জনপ্ৰিয়তা। জনপ্ৰিয়তা যিমানেই বেছি হয় সিমানেই দলটোৰ কাৰ্যসূচীসমূহ পৰিচালনা কৰাত খেলিমেলি সৃষ্টি হব পাৰে, কিয়নো দলটোৰ মুখপাত্ৰকে ধৰি সকলো বিষয়ববীয়া ৰাজনৈতিক ক্ষেত্ৰত সম্পূৰ্ণ অনভিজ্ঞ। ইয়াৰ উপৰিও বৰ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য কৰি CJPক বদনাম কৰাৰো অপচেষ্টা অশুভ শক্তিয়ে কৰিব পাৰে। এয়াই নহয় কোনো অশুভ বহিঃশক্তিয়ে CJPৰ জৰিয়তে ভাৰতক অশান্ত কৰি তোলাৰ অপচেষ্টাও কৰিব পাৰে। অৱশ্যে চিৰবৈৰী পাকিস্তানৰ এই সাহস আৰু সামৰ্থ নাই যে ভাৰতক তেনে পৰ্যায়ত ক্ষতি কৰিব পাৰে। কিন্তু মিত্ৰৰ ৰূপত ভাৰতৰ কাষত থকা আমেৰিকাক এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিশ্বাসত ল’ব পাৰিনে সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন!

আমেৰিকাৰ ক্ষেত্ৰত কিয় সাৱধান হোৱাটো জৰুৰী?

Cockroach Janata Partyৰ গঠন হোৱাৰ ঠিক আগেয়ে আমেৰিকাই বাংলাদেশৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। বাংলাদেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলেও সেয়া ভাৰতৰ বাবেহে অধিক চিন্তাজনক কথা। ভাৰতৰ সৈতে মতভেদ হ’লে যিকোনো মুহূৰ্ততে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ উপৰিও বাংলাদেশকো ব্যৱহাৰ কৰিব পাৰিব, যি ভাৰতৰ বাবে হৈ পৰিব চিন্তাৰ কাৰণ। মিত্ৰদেশ হ’লেও সহজে যে আমেৰিকাক বিশ্বাসত ল’ব নোৱাৰি সেয়া বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই জানে। কাৰণ ইজৰাইলৰ সহায়ত ইৰানক অশান্ত কৰা আমি দেখি আহিছো। ইয়াৰ উপৰিও দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলা আৰু কিউবাৰ ভিতৰচ’ৰাত হোৱা অৰাজক পৰিস্থিতিৰ সুবিধা ইতিমধ্যেই লৈছে আমেৰিকাই।

বাংলাদেশৰ দুটাকৈ বন্দৰত আমেৰিকাৰ সৈন্য বাহিনী

বিগত মে’ মাহত বাংলাদেশৰ সৈতে এক বিশেষ চুক্তিত স্বাক্ষৰ কৰিছে আমেৰিকাই। চুক্তিৰ পিছতে বাংলাদেশৰ চট্টগ্ৰাম আৰু মাতৰবড়ি বন্দৰ দুটাত মাৰ্কিন সৈন্য বাহিনীৰ অবাধ আহ-যাহ চলিব। মাৰ্কিন সৈনিকৰ বাবে খাদ্য-চিকিৎসা সামগ্ৰী মজুত ৰখাৰ বাবে আমেৰিকাই ব্যৱহাৰ কৰিব এই বন্দৰ দুটা। ইয়াৰ উপৰিও বহু গোপন তথ্যৰ আদান-প্ৰদানো দুয়োখন দেশে কৰিব বুলি এই চুক্তিপত্ৰত উল্লেখ আছে। সামুদ্ৰিক গতিবিধিৰ লগতে বাংলাদেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো আমেৰিকাই বাংলাদেশক সহায়ৰ আশ্বাস দিছে চুক্তিপত্ৰখনত। লগতে বাংলাদেশৰ বাবে বহুখিনি শুল্ককৰ হ্ৰাস কৰাৰো আশ্বাস দিছে আমেৰিকাই। কিন্তু বাংলাদেশৰ সৈতে আমেৰিকাৰ এই চুক্তিৰ মূল উদ্দেশ্য হৈছে মলক্কা ষ্ট্ৰেইটত নিজৰ সৈনিকৰ গতিবিধি বৃদ্ধি কৰা। ইৰানৰ সৈতে যুদ্ধৰ বাবে ষ্ট্ৰেইট অব হৰমুজ বন্ধ হৈ পৰাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ অৰ্থনীতি। আনহাতে বিশ্ব অৰ্থনীতিত ষ্ট্ৰেইট অব হৰমুজতকৈও গুৰুত্বপূৰ্ণ আৰু মূল্যৱান হিচাপে বিবেচিত মলক্কা ষ্ট্ৰেইটত এতিয়া শেনচকু আমেৰিকাৰ।

কি এই মলক্কা ষ্ট্ৰেইট?

মলক্কা ষ্ট্ৰেইট সমগ্ৰ বিশ্বৰ বাণিজ্যিক দিশৰে চাবলৈ গলে অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ। বিশ্ব বাণিজ্যত ইয়াৰ গুৰুত্ব ষ্ট্ৰেইট অব হৰমুজতকৈও বেছি। চীন, মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ তথা ভাৰতৰ বাবে সবাটোকৈ গুৰুত্বপূৰ্ণ এই মলক্কা ষ্ট্ৰেইট। চীনৰ প্ৰায় ৮০% তেল সৰবৰাহ হয় মলক্কা ষ্ট্ৰেইটেৰে। অতি শেহতীয়াভাৱে চীনেও মলক্কা ষ্ট্ৰেইটত নিজৰ সৈনিক গতিবিধি বৃদ্ধি কৰিছে।

ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ মলক্কা ষ্ট্ৰেইট?

চীনৰ সমানে সমানে ভাৰতৰ বাবেও অতি গুৰুত্বপূৰ্ণ এই মলক্কা ষ্ট্ৰেইট। ভাৰতৰ প্ৰায় ৫৫% আমদানি-ৰপ্তানি মলক্কা ষ্ট্ৰেইট আৰু ছিংগাপুৰ হৈ বিশ্বৰ অন্যান্য দেশলৈ যায়। ভাৰতৰ ভৌগলিক অৱস্থাৰ বাবেও মলক্কা ষ্ট্ৰেইট অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। আন্দামান নিকাবোৰ দীপপুঞ্জৰ প’ৰ্ট ব্লেয়াৰৰ পৰা মলক্কা ষ্ট্ৰেইটলৈ সময়ৰ হিচাপত সামুদ্ৰিক দূৰত্ব মাত্ৰ ২৪ ঘণ্টা। অৱশ্যে মলক্কা ষ্ট্ৰেইটত আমেৰিকাই প্ৰভুত্ব বিস্তাৰ কৰাটো ইমান সহজ নহ’ব। কিয়নো ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ অধীনত থকা মলক্কা ষ্ট্ৰেইটক লৈ দুয়োখন দেশে সংবেদনশীল ভূমিকা গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে দুয়োখন দেশেই মলক্কা ষ্ট্ৰেইটক লৈ কোনো চুক্তি বা আলোচনাত বহাত আগ্ৰহী নহয়।

ভাৰত আৰু উত্তৰ-পূবৰ বাবে এই চুক্তি কিয় এক চিন্তাৰ কাৰণ?

চুক্তি অনুসৰি আমেৰিকাই ব্যৱহাৰ কৰিবলগীয়া বাংলাদেশৰ এই বন্দৰ দুটা হৈছে চট্টগ্ৰাম আৰু মাতৰবড়ি। এই দুয়োটা বন্দৰৰ ভাৰতৰ নিচেই ওচৰত। ঢাকাৰ পিছতে বাংলাদেশৰ অন্যতম মুখ্য চহৰ চট্টগ্ৰামৰ পৰা ত্ৰিপুৰাৰ আগৰতলাৰ দূৰত্ব প্ৰায় ২১৫ কিলোমিটাৰ। আনহাতে সমুদ্ৰ ৰাস্তাৰ ক্ষেত্ৰত চাবলৈ গলে কলকাতা, কোচিৰ পৰাও দুয়োটা বন্দৰৰ দূৰত্ব যথেষ্ট কম। এই বন্দৰ দুটা দখলৰ লগে লগে বংগোপসাগৰৰ উপকুলীয় অঞ্চলসমূহতো আমেৰিকাৰ প্ৰভুত্ব বাঢ়িব। যদি বিভিন্ন কাৰণত ভাৰতৰ ভিতৰ চ’ৰা অশান্ত হৈ পৰে তেনেক্ষেত্ৰত ইয়াৰ সুবিধা যে আমেৰিকাই নোলোৱাকৈ নাথাকিব তাক মুঠেই নুই কৰিব নোৱাৰি।

এই প্ৰতিবেদনটো যুগুত কৰিছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
Next Post
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

'ৰাখে হৰি, মাৰে কোনে', ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ... 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.