এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰেমিকৰ পেণ্টৰ জেপৰ পৰা কণ্ডম ক্ৰয়ৰ ৰচিদ উদ্ধাৰ কৰাৰ পাছতে এগৰাকী মহিলা আৰক্ষী বিষয়াই প্ৰেমিকক গুলীয়াই হত্যা কৰিছে৷
সংবাদ মাধ্যমত প্ৰকাশিত ঘটনাৰ বিৱৰণীৰ মতে এই কাণ্ডটো দক্ষিণ আফ্ৰিকাৰ ডাৰবানত সংঘটিত হৈছে৷ অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকী কোৱাজুলু-নাটাল অঞ্চলৰ ডাৰাবান হাৰ্বাৰ আৰক্ষী থানাত কৰ্মৰত আছিল৷
ইতমিধ্যে ঘটনাৰ সন্দৰ্ভত ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেটিভ ডাইক্টৰেটে তদন্ত আৰম্ভ কৰিছে৷ প্ৰাথমিক তদন্তৰ অনুসৰি অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেমিকৰ পেণ্টৰ জেপৰ পৰা কণ্ডম ক্ৰয়ৰ ৰচিদ উদ্ধাৰ কৰে৷
লগতে পঢ়ক ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ
ইয়াৰ পাছতে প্ৰেমিকা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেমিকক এই সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ধৰে৷ কণ্ডম ক্ৰয়ৰ ৰচিদখন ক’ৰ পৰা আহিল, কেনেকৈ আহিল আদি প্ৰশ্ন কৰাৰ পাছতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ কাজিয়াই চৰম পৰ্যায় পোৱাত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে চাৰ্ভিছ ৰিভলভাৰেৰে প্ৰেমিকলৈ উদ্দেশ্য কৰি গুলীচালনা কৰে৷
তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে ঘটনাৰ পিছতে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে গুলীচালনা কৰা পিষ্টলটোও উদ্ধাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে ১০ অক্টোবৰলৈকে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীক জিম্মাত ৰাখিবলৈ আদালতত আবেদন জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ