প্ৰেমিক সমকামী নহয়৷ মহিলাৰ প্ৰতিয়েই তেওঁৰ আকৰ্ষণ আছে৷ কিন্তু ধন উপাৰ্জনৰ বাবে তেওঁৰ প্ৰেয়সীয়ে অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰাইছে প্ৰেমিকক৷ এই ঘটনা ব্ৰিটেইনৰ৷ দম্পতিৰ নাম টেৰি আৰু ৰায়ান৷ তেওঁলোকৰ কাহিনী প্ৰকাশ হোৱাৰ লগে লগে সামাজিকমাধ্যমত আৰম্ভ হৈছে চৰ্চা৷ অৰ্থৰ বাবে মানুহ কিমান তললৈ নামিব পাৰে সেই উদাহৰণো দাঙি ধৰিছে এই ঘটনাই৷ অৱশ্যে প্ৰেমিক যুগল টেৰি আৰু ৰায়ানৰ দাবী যে এই বিষয়ত তেওঁলোক সম্পূৰ্ণৰূপে পেছাদাৰী আৰু ইয়াৰ ফলত সম্পৰ্কত কোনো প্ৰভাৱ নপৰে৷
সংবাদমাধ্যম দ্যা ছানৰ প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ ছেশায়াৰৰ বাসিন্দা টেৰি আৰু ৰায়ানে অনলাইন প্লেটফৰ্মত প্ৰাপ্তবয়স্কৰ বাবে এডাল্ট ভিডিঅও তৈয়াৰ কৰে৷ তাৰপৰা যথেষ্ট আয়ো কৰে তেওঁলোকে৷ সেই ভিডিঅ’ত ৰায়ানক অন্য পুৰুষৰ শয্যাসংগী হিচাপে দেখা যায়৷ টেৰিয়ে সেই ভিডিঅ’ৰ চিত্ৰগ্ৰহণ আৰু শ্বুটিঙৰ কাম কৰে৷ সম্প্ৰতি এক ডিজিটেল প্লেটফৰ্মত তেওঁলোকৰ অভিজ্ঞতাৰ কথা শুনাইছে টেৰি আৰু ৰায়ানে৷ তাতেই তেওঁলোকে দাবী কৰিছে যে দুই পুৰুষৰ মাজৰ এনে ভিডিঅ’ৰ চাহিদা বৰ্তমান খুবেই বেছি৷ ইয়াৰ পৰা অৰ্থও ভালেই উপাৰ্জন হয়৷ দম্পত্তিৰ দাবী যে তেওঁলোকে এনে ভিডিঅ’ প্ৰস্তুত কৰি প্ৰতিমাহে গড়ে প্ৰায় ৭.২৫ লাখ টকা আয় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















