বলীউডৰ যমজ ভাতৃ ভগ্নীৰ কাহিনীক লৈ বহু চিনেমা তৈয়াৰ হৈছে৷ কিন্তু কেতিয়াও ৰিয়েল লাইফত এনে ঘটনা হয়তো আপুনি শুনা নাই৷ তেনে এক ঘটনাৰ কথাই প্ৰকাশ পাইছে নেটমাধ্যম ৰেডিটত৷ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এজন ব্যক্তিয়ে লিখিছে যে তেওঁৰ পত্নীয়ে তেওঁক ঠগিছে৷ অন্যৰ শয্যাসংগিনী হৈছে তেওঁৰ পত্নী৷ আৰু যাৰ সৈতে পৰকীয়াত সোমাইছে তেওঁ আন কোনো নহয়, যুৱকজনৰ নিজৰেই যমজ ভায়েক৷
নাম প্ৰকাশত অনিচ্ছুক সেই ব্যক্তিয়ে জনাইছে যে ২৮ বছৰ বয়সীয়া স্ত্ৰীৰ সৈতে প্ৰায় ৫ বছৰ একেলগে আছে তেওঁ৷ পত্নীক অন্ধৰ দৰে ভালোপায়৷ কিছুদিন পূৰ্বে পত্নীয়ে জনাইছে যে তেওঁ ৪মাহৰ অন্তঃসত্ত্বা৷ পিতৃ হ’ব ভাৱি আনন্দতে আত্মহাৰাও হৈ পৰিছিল তেওঁ৷ কিন্তু খবৰটো তেওঁ মাকক জনাওঁতেই মাতৃ খঙত ফাটি পৰে৷ তেতিয়াই কাৰণ বুজিব পাৰে ব্যক্তিজনে৷
ব্যক্তিজনৰ মাকে স্পষ্টকৈ জনাই দিছে যে এই সন্তান মুঠেও তেওঁৰ নহয়৷ এই কথা শুনি মাতৃৰ ওপৰত মাৰাত্মকভাৱে খঙত ফাটি পৰে যুৱকজন৷ নিজৰ মনৰ সন্দেহ দূৰ কৰিবলৈ পত্নীৰ প্ৰশ্ন কৰে তেওঁ৷ প্ৰাথমিকভাৱে পত্নীয়ে অস্বীকাৰ কৰিছিল এই অভিযোগ৷ কিন্তু ইয়াৰ পাছতেই আৰু এটা খবৰ পুত্ৰক দিয়ে মাতৃয়ে৷ তেওঁ জনায় যে এই সন্তানৰ প্ৰকৃত পিতৃ যুৱকৰেই যমজ ভায়েক৷
সন্তানৰ পিতৃপৰিচয় জানিবলৈ পত্নীক ডি এন এ পৰীক্ষা কৰাবলৈ কয় যুৱকে৷ কিন্তু যিহেতু নিজৰেই যমজ ভাতৃ এই কাণ্ডত জড়িত থকাৰ সন্দেহ সেয়ে ডি এন এ টেষ্টৰ ফলত এই কথা বুজা সম্ভৱ নহয়৷ যুৱকজনে এই কথা জানিব পাৰি মানসিকভাৱে ভাঙি পৰিছে৷ ডি এন এ পৰীক্ষাত চিকিৎসকেও তেওঁ আৰু যমজ ভাতৃ দুয়োৰে ডিএনএৰ সৈতে সন্তানৰ ডিএনএৰ মিল থকা বুলি কয়৷ কাৰণ যুৱকজন আৰু তেওঁৰ ভাতৃ মনোজাইগেটিক টুইন৷ সেয়ে দুয়োৰে ডিএনএৰ গঠনো একেই৷ ফলত দুয়োৱেই সেই সন্তানৰ পিতৃত্বৰ দাবীদাৰ হব পাৰে বুলিও জনাইছে চিকিৎসকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ