বহু পুৰণি প্ৰথা, দুই ভাতৃৰ সৈতে একেলগে বিয়াত বহিল এগৰাকী কন্যা
বহু পুৰণি এক প্ৰথা পুনৰ চৰ্চিত হৈ পৰিছে। কাৰণ এগৰাকী কন্যাই একেলগে বিয়া পাতিলে দুই ভাতৃক। এই ঘটনা হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ। এই ঘটনাই এতিয়া কেৱল আঞ্চলিক নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।
পাৰাহীয়া ৰাজ্যখনৰ এগৰাকী কন্যাই দুজন সহোদৰ ভাতৃক বিয়া কৰাই ‘বহুতত্বৰ পৰম্পৰা’ পুনৰ সজীৱ কৰি তুলিছে। হাতী সমাজৰ সাংস্কৃতিক পৰিচয় হৈ অহা ‘উজলা পক্ষ’ নামৰ প্ৰাচীন পৰম্পৰাৰ অধীনত এই বিবাহ সম্পন্ন হৈছে।
১২ জুলাইৰ পৰা ১৪ জুলাইলৈ অনুষ্ঠিত হোৱা এই পৰম্পৰাগত বিবাহ অনুষ্ঠানত সমগ্ৰ গাঁওখনে অংশগ্ৰহণ কৰে। আমোদজনক কথাটো হ’ল দুয়োজন দৰা শিক্ষিত…এজনে হিমাচল জল শক্তি বিভাগত কাম কৰে আৰু আনজনে বহিঃৰাজ্যত কাম কৰে। এই অনন্য বিয়াখনে সমাজত আলোড়নৰ সৃষ্টি কৰাই নহয়, পুৰণি পৰম্পৰাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰিছে।
সম্পত্তিৰ বিভাজন ৰোধ কৰাৰ লগতে যৌথ পৰিয়াল ব্যৱস্থা অটুট ৰখাৰ বাবে হাতী সমাজত এই পৰম্পৰা পালন কৰি আহিছে। ইয়াক ‘যোড়ীদাৰ প্ৰথা’ বুলিও জনা যায়। হিমাচলত ইয়াক আইনগতভাৱে স্বীকৃতি দিয়া হৈছে, গতিকে ইয়াৰ মানুহে ইয়াক মানি লোৱাই নহয়, গৌৰৱেৰে চৰ্চাও কৰে। এই বিবাহ কেৱল পৰিয়ালৰ সিদ্ধান্ত নহয়, সমাজখনক ইয়াৰ শিপাৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী বাৰ্তা।
কিন্নৌৰ, লাহাউল আৰু স্পিটিৰ দৰে আন আন পাহাৰীয়া অঞ্চলত এই পৰম্পৰা এতিয়াও আছে। অৱশ্যে আধুনিকতাৰ যুগত ই লাহে লাহে নাইকিয়া হৈ আহিছিল যদিও থিণ্ডো পৰিয়াল আৰু এই যুৱতীগৰাকীয়ে লোৱা সাহসী পদক্ষেপে পৰম্পৰাটোক পুনৰুজ্জীৱিত কৰাৰ নতুন আৰম্ভণি দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ





















