অসম লাইভ২৪ঃ দাম্পত্য জীৱনত সুখী হোৱাৰ উপায় কি? সম্প্ৰতি অষ্ট্ৰেলিয়াৰ বাসিন্দা এগৰাকী মহিলাই সামাজিক মাধ্যমত ভগাই ল’লে সুখী দাম্পত্য লাভৰ আজৱ উপায়৷ মহিলাগৰাকীয়ে কয়, বছৰত তেঁওৰ স্বামীয়ে ৩৫ জনী মহিলাৰ সৈতে সময় কটাইছে৷ সেয়ে তেওঁৰ বিবাহিত জীৱন সুখৰ৷ ইনষ্টাগ্ৰামত হানি ব্ৰুকছ নামৰ মহিলাগৰাকীৰ দাবী, স্বামীৰ ইচ্ছাত নহয় তেওঁৰ ইচ্ছাতহে অন্য মহিলাৰ সৈতে সময় কটাইছে তেওঁৰ স্বামীয়ে৷ স্বামীৰ সৈতে অন্য মহিলা ঘৰত থাকিলে তেওঁ সুখীহে হয়৷ হানীয়ে কয়, ‘আমাৰ বিবাহৰ পাছতেই বহুতে কৈছিল, আমাৰ বিয়া খুব বেছি দিন নিটিকিব৷ আমাক দেখীয়েই সুখী যেন নালাগে৷ এই ধাৰণাসমূহ শুনি মোৰ খুব বিৰক্ত লাগিছিল৷ মই অপেন মেৰিজত বিশ্বাসী৷ মোৰ স্বামীয়ে সেয়ে অইন নাৰীৰ সৈতে সম্পৰ্ক ৰাখিলে মই দুখী নহও৷ অন্য মহিলাৰ সৈতে সম্পৰ্ক মনে মনে ৰখাতকৈ মুকলিকৈ ৰাখিলে মই সুখী৷ মইয়ে প্ৰথম মোৰ স্বামীক এই প্ৰস্তাৱ দিছিলো৷’ এই মন্তব্য কৰিছে হানীয়ে ৷
ইয়াৰোপৰি হানিয়ে কয় যে, অপেন মেৰিজৰ ধাৰণাই তেওঁলোকৰ সম্পৰ্কটোক সুখী সম্পৰ্কলৈ ৰূপান্তৰ কৰিছে৷ সম্পৰ্কত কেৱল এজনে আনজনক শ্ৰদ্ধা আৰু বিশ্বাস কৰাটো জৰুৰী৷’ হানিয়ে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা কথাখিনি বহুতেই শ্বেয়াৰো কৰিছে৷ বহুসংখ্যকে হানিৰ এই সিদ্ধান্তক বেয়া আখ্যা দিলেও পশ্চিমীয়া দেশৰ প্ৰায়সংখ্যক লোকেই তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ