চলিত বৰ্ষৰ ৩ জানুৱাৰিত ইৰাণৰ ইছলামিক ৰিভলিউচনৰী গাৰ্ড কৰ্পৰ প্ৰাক্তন কমাণ্ডাৰ কাছিম চোলেমানীৰ মৃত্যুৰ দ্বিতীয় বাৰ্ষিকী হৈ যায়। ২০২০ চনৰ ৩ জানুৱাৰিত বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত নিহত হৈছিল ইৰাণৰ সামৰিক নেতাগকাৰীৰ৷
ইয়াৰ দুবছৰৰ পিছত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে ভয়ংকৰ ধৰণেৰে ছোলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লৈছিল। প্ৰকাশ পোৱা অনুসৰি যুৱতীগৰাকীয়ে যৌন সম্ভোগ কৰি থকা সময়ত এজন আমেৰিকান পুৰুষক চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰিছিল৷
কেনেকৈ সংঘটিত কৰিছিল এই ঘটনা–
ভয়ংকৰ ঘটনাটো সংঘটিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ল’ছ ভেগাছত। অনুসন্ধানকাৰী আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে ২১ বছৰীয়া যুৱতীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত নিহত এজন ইৰানী সামৰিক নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ল’ছ ভেগাছৰ নেভাডাৰ এখন হোটেলত এজন আমেৰিকানক চুৰিৰে আক্ৰমণ কৰে।
লগতে পঢ়ক কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?
ল’ছ ভেগাছ আৰক্ষীয়ে প্ৰকাশ কৰা মতে যুৱতীগৰাকীৰ নাম নিকা নিকাউবিন। নিকাই ‘প্লেণ্টি অফ ফিছ’ নামৰ এটা ডেটিং ৱেবছাইটত আমেৰিকাজনৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে। ডেটিং ৱেবছাইটোৰ কথোপকথনৰ পিছত দুয়ো ৫ মাৰ্চত হেণ্ডাৰচন এলেকাৰ চানছেট ষ্টেচন হোটেলত সাক্ষাৎ কৰে।
তেওঁলোকে হোটেলৰ ১৪ তম মহলাত এটা কোঠা ভাড়ালৈ লয়। ইয়াৰ পিছতে আমেৰিকানজনৰ চকুত পটি বান্ধি তেওঁলোক যৌন সম্ভোগ কৰে। যৌন সম্ভোগৰ মাজতে নিকাই কোঠাটোৰ লাইটবোৰ অফ কৰি দিয়ে৷ ইয়াৰ কেইমিনিটমানৰ পিছতেমানুহজনে তেওঁৰ ডিঙিত বিষ অনুভৱ কৰে।
লাইট জ্বলাই চকু মেলি মানুহজনে দেখে যে তেওঁ ডিঙিৰ পৰা তেজ ওলাই আছে আৰু নিকাৰ হাতখন তেজৰ দাগ থকা এখন চুৰি। তাৰ পিছত নিকাক ঠেলা মাৰি দি লোকজনে জৰুৰী সেৱাৰ নম্বৰত ফোন কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিশা প্ৰায় ১০.৩০ বজাত উক্ত হোটেলৰ পাৰ এটা ফোন কল পাইছিল।
লগতে পঢ়ক যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ
ঘটনা সংঘটিত কৰিয়ে নিকা কোঠাটোৰ পৰা পলাই সক্ষম হয়। অৱশ্যে পলাই যাওঁতে তেওঁ হোটেলৰ কৰ্মচাৰীসকলক কৈ যায় যে তেওঁ কোঠাটোত কাৰোবাক চুৰিৰে আঘাত কৰি আহিছে।
পিছত আৰক্ষীয়ে অভিযান চলাই নিকাক গ্ৰেপ্তাৰ কৰে৷ নিকাই দাবী কৰে যে তেওঁ কাচেম চোলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল। অৱশ্যে নিকাই লোকজনক হত্যা কৰাৰ উদ্দেশ্য নাছিল বুলিও উল্লেখ কৰিছে৷
ইফালে আৰক্ষীৰ মতে, জেৰাৰ সময়ত নিকাই কাচেম চোলেইমানীক আমেৰিকাই সম্পূৰ্ণ অন্যায় ভাৱে হত্যা কৰি ভুল কৰা বুলি দাবী কৰিছে৷ নিকাই আৰক্ষীক কয় যে ‘‘গ্ৰেভ ডিগাৰ’’ নামৰ এটা গান শুনাৰ পিছতে তেওঁ প্ৰতিশোধ ল’বলৈ অনুপ্ৰাণিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ