হাৰিয়ানাৰ ফতেহাবাদ-তোহানাত মাজত এখন চলন্ত ৰে’লত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
ঘটনাৰ বিৱৰণীৰ মতে চলন্ত ৰে’লত গভীৰ নিশা সহযাত্ৰীৰ হাতত যৌন নিগ্ৰহৰ বলি হোৱা এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোঁৱালি লৈছে৷ নিৰ্যাতন প্ৰতিবাদ কৰাৰ বাবে অভিযুক্ত যুৱকজনে মহিলাগৰাকীক চলন্ত ৰে’লৰ পৰা গতিয়াই পেলাই দিয়াৰ ফলত মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
নিহত মহিলাগৰাকীৰ নাম মনদীপ কৌৰ (৩০) জানিব পৰা গৈছে৷ অভিযুক্ত যুৱকজনে নৰৱানাৰ পৰা ৰে’লত উঠিছিল আৰু ৰে’লত মহিলাগৰাকীক অকলে দেখা পাই যৌন নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীয়ে নিজকে যৌন নিৰ্যাতনৰ বলি হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰি ইয়াৰ বিৰোধিতা কৰিছিল।
লগতে পঢ়ক হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন
মহিলাগৰাকীয়ে বাৰে বাৰে লোকজনৰ আগ্ৰাসন প্ৰতিৰোধ কৰাত ব্যতিব্যস্ত হৈ অভিযুক্ত যুৱকজনে ভুক্তভোগী মহিলাগৰাকীক ঠেলা মাৰি চলন্ত ৰে’লৰ পৰা পেলাই দিয়ে৷ চলন্ত ৰে’লৰ পৰা পৰি মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়৷
এই ঘটনাৰ সময়ত চলন্ত ৰে’লৰ দবাটোত মহিলাগৰাকীৰ ৯ বছৰীয়া পুত্ৰ সন্তানো উপস্থিত আছিল৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত লোকজনেও চলন্ত ৰে’লৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ যুৱকজনক পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
অভিযুক্ত যুৱকজনক আৰক্ষীয়ে চিকিৎসালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰিব বুলি প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ নাম সন্দীপ (২৭) বুলি বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ