• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

6 months ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

4 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

5 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

6 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

6 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

6 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

7 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

8 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

8 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

9 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

11 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

11 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

editor by editor
October 15, 2025
in জীৱনশৈলী
0
ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধাৰত চলিছে সমগ্ৰ বিশ্ব৷ ফলত প্ৰতিদিনেই বৃদ্ধি পাইছে পৃথিৱীৰ ঋণৰ বোজা৷ সাধাৰণ জনতাৰ পৰা চৰকাৰ, এই ক্ষেত্ৰত সকলোৱে একে পথৰ পথিক৷ এই ঋণৰ ফান্দক লৈ আৰ্থিক বিশ্লেষকে প্ৰকাশ কৰা তথ্যই হতচকিত কৰিছে জনতাক৷ তেওঁলোকৰ দাবী, আয়তকৈ বহু বেছি ঋণ লৈছে সমগ্ৰ দুনীয়াই৷ বহু দেশ আছে যিসমূহ দেশ অচিৰেই দেউলীয়া হোৱাৰ আশংকা প্ৰৱল৷

ৰাষ্ট্ৰপুঞ্জ আৰু একাধিক সমীক্ষক সংস্থাৰ ৰিপৰ্ট অনুসৰি বৰ্তমান বিশ্বৰ মুঠ ঋণৰ পৰিমাণ ৩২৮ লাখ কোটি ডলাৰ পাইছেগৈ৷ কিন্তু মজাৰ বিষয় হৈছে, পৃথিৱীৰ সমস্ত দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদন বা জিডিপি একত্ৰিত কৰিলে তাৰ অংক হ’ব ১১১.৩ লাখ কোটি ডলাৰ৷ অৰ্থাৎ আয়তকৈ ২৯১ শতাংশ বেছি ঋণ লৈছে তেওঁলোকে৷ এই পৰিসংখ্যা যথেষ্ট উদ্বেগজনক মানিছে আৰ্থিক বিশ্লেষকেও৷

বিশ্বৰ প্ৰতিখন দেশে দুইধৰণে ঋণ লয়৷ এটা হৈছে আভ্যন্তৰীণ ঋণ৷ আনটোৰ নাম হৈছে জাতীয় ঋণ৷ আভ্যন্তৰীণ ঋণ নিজৰ দেশৰ কেন্দ্ৰীয় বেংকৰ পৰা ল’ব পাৰে৷ উদাহৰণ হিচাপে কোনো সমাজ কল্যাণ বা পৰিকাঠামোমূলক উন্নয়ণ প্ৰকল্পৰ কথাও ক’ব পাৰে৷ সেইসমূহ চলোৱাৰ বাবে প্ৰায়েই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ধাৰ লয় কেন্দ্ৰ বা ৰাজ্য চৰকাৰে৷ প্ৰকল্পৰ কাম চলাৰ সময়ত বা শেষ হোৱাৰ পাছত লাহে লাহে সেয়া প্ৰশাসনে পৰিশোধ কৰে৷

উল্লেখ্য যে চৰকাৰে এই ধৰণৰ ঋণ ল’লে আৰ বি আইৰ দৰে কেন্দ্ৰীয় বেংকক টকা দিব লাগিব৷ সেই টকা প্ৰশাসনৰ হাতত তুলি দিয়ে বেংকে৷ অৱশ্যে এতিয়া এক সমস্যা আছে৷ প্ৰতি ক্ষেত্ৰত ঋণৰ বাবে কেন্দ্ৰীয় বেংকে টকা ছপোৱা আৰম্ভ কৰিলে ঘৰুৱা বজাৰত অৰ্থৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ সেই ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ খাদত গৈ পৰিব পাৰে অৰ্থনীতি৷ সেয়ে চৰকাৰৰ হাতত ঋণৰ অৰ্থ তুলি দিবলৈ আৰু দুটা পদ্ধতি অৱলম্বন কৰে কেন্দ্ৰীয় বেংকে৷

অধিকাংশ ক্ষেত্ৰতেই ধাৰৰ টকা জোগাৰ কৰিবলৈ ছিকিউৰিটি বণ্ড আৰু ট্ৰেজাৰি বিলো আনিছে চৰকাৰে৷ ইয়াৰ মাধ্যমেৰে বজাৰৰ ইনভেষ্টৰসকলৰ টকা উঠাই লয় প্ৰশাসনে৷ বিনিময়ত ৩ৰ পৰা ১০ শতাংশ পৰ্যন্ত সুদ তেওঁলোকে লাভ কৰে৷ ইয়াত ঋণগ্ৰহণকাৰী যিহেতু খোদ চৰকাৰ সেয়ে চিকিউৰিটি বণ্ড বা ট্ৰেজাৰি বিলত টকা ধাৰ দিবলৈ বিনিয়োগকাৰীসকলৰো আপত্তি নাথাকে৷ এই লগ্নিকাৰীসকলে কিন্তু সাধাৰণ নাগৰিকৰ পৰা উদ্যোগপতি যিকোনো হ’ব পাৰে৷
ছিকিউৰিটি বণ্ড বা ট্ৰেজাৰি বিলক বাৰে বাৰে সুৰক্ষিত এক বিষয় বুলি গণ্য কৰা হৈছে৷ ইয়াৰ মাধ্যমেৰে এফালে যেনেকৈ বজাৰৰ পৰা কোটি কোটি টকা তুলিব পাৰে চৰকাৰে৷ অন্য হাতে ঋণগ্ৰহণকাৰীসকলৰ সন্মুখত থাকে আয়ৰ সুযোগ৷ কাৰণ ছিকিউৰিটি বণ্ড বা ট্ৰেজাৰি বিল সাধাৰণতে ১৫০ৰ পৰা ৬০ বছৰৰ ম্যাদত জাৰি কৰে চৰকাৰে৷ এই সময়সীমাৰ মাজত সুদৰ টকা লাভ কৰি থাকে লগ্নিকাৰীয়ে৷

ইয়াৰোপৰি বজাৰৰ পৰা টকা তুলিবলৈ চৰকাৰৰ হাতত আছে স্বল্প সঞ্চয় প্ৰকল্প৷ ভৱিষ্যত জীৱনক সুৰক্ষিত কৰিবলৈ বহু মানুহে টকা ৰাখে৷ সেই অৰ্থ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰে প্ৰশাসনে৷ বিনিময়ত সুনিৰ্দিষ্ট হাৰত লগ্নিকাৰীসকলক সুদ দিয়ে তেওঁলোকে৷ ইয়াত সুদৰ হাৰ সাধাৰণভাৱে কম ৰখা হয়৷ কেৱল সেয়াই নহয়, স্বল্প সঞ্চয় প্ৰকল্প শ্বেয়াৰ বজাৰৰ ওঠানমাৰ সৈতে সংপৃক্ত নহয়৷ ফলত ইয়াত দুই তৰফে লাভৱান হোৱাৰ সুযোগ পাব পাৰে৷ আমজনতা আৰু চৰকাৰ সকলোৱে ইয়াৰ ফলত লাভাম্বিত হয়৷

আৰ্থিক বিশ্লেষকসকলৰ দাবী, আভ্যন্তৰীণ ঋণৰ ক্ষেত্ৰত দেশৰ মাজত এটা একাউণ্টৰ পৰা অন্য একাউণ্টলৈ ঘূৰি থাকে ধন৷ কেতিয়াবা ছিকিউৰিটি বণ্ডৰ পৰা কোষাগাৰলৈ অহা অৰ্থ যায়গৈ কোনো উন্নয়নমূলক প্ৰকল্পলৈ৷ আকৌ তাৰ পৰাই উপাৰ্জিত টকা খৰচ হয় অন্য কামত৷ এই ধৰণৰ ঋণৰ মাত্ৰা অৱশ্যে বহু কম৷

কোনো দেশ, বিশ্ব বেংক, আন্তৰ্জাতিক অৰ্থভাণ্ডাৰ বা এছিয়ান ডেভেলপমেণ্ট বেংকৰ দৰে প্ৰতিষ্ঠানৰ পৰাও ধাৰ ল’ব পাৰে চৰকাৰে৷ আভ্যন্তৰীণ ঋণতকৈ এয়া অৱশ্যে ৰিস্কি৷ কাৰণ এই ঋণৰ টকা কোনো অৱস্থাতেই প্ৰশাসনে শোধ কৰিব নোৱাৰে৷ দ্বিতীয় সমস্যা হৈছে সংশ্লিষ্ট দেশখনৰ মুদ্ৰাৰ দাম কমি বা বাঢ়ি গলে সেই ধাক্কাও চম্ভালিব লাগে ঋণগ্ৰণকাৰী চৰকাৰে৷

২০২৫-২৬ আৰ্থিক বছৰৰ চৰকাৰী তথ্য অনুসৰি ভাৰতৰ ওপৰত আছে ২.২৩ লাখ কোটিৰ ঋণৰ বোজা৷ কিন্তু ইয়াৰ মাজত ২.১৫ লাখ কোটিৰ ধাৰ হৈছে আভ্যন্তৰীণ ঋণ৷ এই টকাৰ সিংহভাগ কোনোবা নহয় কোনোবা ৰাষ্ট্ৰায়ত্ত সংস্থাক দিব কেন্দ্ৰই৷ অৰ্থাৎ টকা লোৱা বা দিয়া উভয় দিশতেই আছে চৰকাৰ৷ পৰিসংখ্যাই কৈছে নতুনদিল্লীৰ মুঠ ঋণৰ প্ৰায় ৯৪ শতাংশ আভ্যন্তৰীণ৷ বাকী বৈদেশিক ঋণ, যি নিয়ন্ত্ৰণৰ মাজতেই আছে৷

বিগত বছৰৰ জুনত বিশ্বব্যাপী আমজনতাই লোৱা ঋণ সংক্ৰান্তিয় এক ৰিপৰ্ট প্ৰকাশ কৰিছে ৰাষ্ট্ৰপুঞ্জই৷ তাতেই কোৱা হৈছে ২০২৩ চনত এই ঋণৰ অংক বাঢ়ি ৯৭ লাখ কোটি হৈছেগৈ৷ ২০০০ চনত এই পৰিমাণ আছিল ১৭ লাখ কোটি টকা৷ অৰ্থাৎ বিগত প্ৰায় আঢ়ৈ দশক বিশ্বব্যাপী ঋণৰ পৰিমাণ ৫ গুণতকৈ বেছি বৃদ্ধি পাইছে৷

ৰাষ্ট্ৰপুঞ্জৰ ৰিপৰ্টত কোৱা হৈছে শেষ ১০ বছৰত সকলোতকৈ বেছি বাঢ়িছে চৰকাৰী ঋণ৷ উন্নত দেশসমূহৰ তুলনাত উন্নয়ণশীল দেশসমূহে বেছি ঋণ লৈছে৷ এই ঋণৰ ৩০ শতাংশ ২০০০ চন পূৰ্বেই সেই দেশসমূহে লৈছিল বুলি ৰিপৰ্টত উল্লেখ আছে৷

বিশেষজ্ঞসকলৰ দাবী, উন্নয়ণশীল দেশসমূহ মূলত শিক্ষা, জনস্বাস্থ্য আৰু জলবায়ু পৰিবৰ্তন সংক্ৰান্তিয় বিষয়ৰ বাবে ঋণ লয়৷ এই ঋণৰ এক তৃতীয়াংশই এতিয়াও বকেয়া বুলি জনাইছে ৰাষ্ট্ৰপুঞ্জই৷ বৰ্তমান উন্নয়নশীল দেশসমূহৰ জনসংখ্যা ৩৩০ কোটি পাৰ হৈছে৷ এই ৰাষ্ট্ৰসমূহৰ প্ৰতি তিনিখনৰ মাজত এখন শিক্ষা আৰু জনস্বাস্থ্যত বিপুল টকা খৰচ কৰে৷ খৰচৰ পৰিমাণ বাৰ্ষিক সুদতকৈ বহু বেছি বুলি ৰিপৰ্টত উল্লেখ আছে৷

উন্নয়নশীল দেশসমূহে লোৱা ঋণৰ পৰিমাণ কেৱল ২০২৩ চনৰ ২৯ লাখ কোটি পাৰ হৈছে৷ যি বিশ্বব্যাপী লোৱা মুঠ ঋণৰ ৩০ শতাংশ৷ ২০১০ চনৰ এই পৰিমাণ ১৬ শতাংশ হৈছে৷ বিশেষজ্ঞৰ দাবী, বেছিভাগ উন্নয়নশীল দেশৰ কৰ কাঠামো শক্তিশালী নহয়৷ ইয়াৰ ফলত উন্নয়নমূলক কৰ্মসূচীৰ বাবে চৰকাৰৰ হাতত পৰ্যাপ্ত টকা নাথাকে৷ ফলত ঋণৰ ওপৰতেই চৰকাৰে নিৰ্ভৰ কৰে৷ বিশ্বব্যাপী ঋণ পৰিমাণ বৃদ্ধিৰ দ্বিতীয় কাৰণ হৈছে অৰ্থৰ অৱমূল্যায়ণ৷ বিশ্ব অৰ্থনীতিত ডলাৰ খুবেই গুৰুত্বপূৰ্ণ এক লেনদেনৰ মাধ্যম৷ কিন্তু আৰ্থিক মন্দাৰ পৰা আৰম্ভ কৰি জলবায়ু পৰিবৰ্তন আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ জোৰত ডলাৰৰ দামত পতন দেখা গৈছে৷

তৃতীয়তে বৰ্তমান বিশ্বৰ বহু দেশেই ডলাৰৰ পৰা বাহিৰলৈ ওলোৱাৰো চেষ্টা কৰিছে৷ নিজৰ দেশৰ অৰ্থৰে আন্তৰ্জাতিক বাণিজ্য চলাব খুজিছে তেওঁলোকে৷ তালিকাত আছে ভাৰত, ৰাছিয়া আৰু চীনৰ দৰে শক্তিধৰ ৰাষ্ট্ৰ৷ ইয়াৰ ফলত ডলাৰৰ দাম আৰু চাহিদা দিনে দিনে কমিছে৷ ৰাষ্ট্ৰপুঞ্জৰ ৰিপৰ্ট অনুসৰি, আফ্ৰিকাৰ দেশসমূহে আমেৰিকাতকৈ গড়ে চাৰি গুণ আৰু জাৰ্মানীতকৈ গড়ে আট গুণ বেছি হাৰত ঋণ ল’ব পাৰে৷ এই প্ৰসংগত ৰাষ্ট্ৰপুঞ্জৰ মহাসচিব আন্তোনিও গুতাৰেজে কৈছে, ‘ঋণৰ টকাতেই উন্নয়ণমূলক কাম কৰিবলৈ পছন্দ কৰে আফ্ৰিকাৰ অধিকাংশ দেশ৷ তেওঁলোকৰ ওচৰত চৰকাৰী অৰ্থ আৰু ঋণ সমাৰ্থক৷’

ৰিপৰ্টত কোৱা হৈছে যে ২০১১ চনত উচ্চ হাৰত ঋণ লোৱা দেশৰ সংখ্যা আছিল ২২৷ এই সংখ্যা ২০২২ চনত বাঢ়ি হৈছে ৫৯৷ এছিয়া, আফ্ৰিকা, আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহৰ নাম এইক্ষেত্ৰত আগুৱাই আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.