ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। আই চি চিয়ে এইবাৰ বাম্পাৰ প্ৰাইজামনিৰ কথা ঘোষণা কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ বিজয়ী দলে লাভ কৰিব ১২৫ শতাংশ অধিক ধন। কেৱল বিজয়ী দলেই নহয়, ফাইনেলত পৰাজিত দলেও লাভ কৰিব মোটা অংকৰ ধন।
ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত ১১ তাৰিখৰ পৰা ১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনৰ পূৰ্বে এই প্ৰাইজমানিৰ কথা সদৰি কৰিছে আই চি চিৰ ফালৰ পৰা।
দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিবলৈ গৈ আছে প্ৰায় ৩০ কোটি ৮ লাখ টকাৰ পুৰস্কাৰ। ফাইনেলত পৰাস্ত হোৱা দলে অৰ্থাৎ ৰানাৰ্ছ আপে প্ৰায় ১৮.৫ কোটি টকা পাব। উল্লেখ্য যে, বিগত বাৰৰ খেলত ৰানাৰ্ছ আপে মাত্ৰ ৬.৮ কোটি টকাহে পুৰস্কাৰ হিচাপে পাইছিল।
পুৰস্কাৰৰ ধন বৃদ্ধি কৰি টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ প্ৰয়াস কৰিছে আইচিচিয়ে। উল্লেখ্য যে, কেৱল প্ৰথম আৰু দ্বিতীয় শীৰ্ষ দলেই এই প্ৰাইজমানি লাভ নকৰে, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰা দলেও লাভ কৰিব প্ৰাইজমানি। সেই হিচাপে যোৱা দুখন ফাইনেল খেলা ভাৰতে এইবাৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১২ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিবলৈ গৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















