তেওঁৰ পৰিচয়েই হৈছে বুলডোজাৰ বাবা৷ আজি যদি এই স্থানত বুলডোজাৰ চলাইছে কাইলৈ অইন স্থানত বুলডোজাৰ৷ শূন্য সহনশীল নীতি মানি অপৰাধী বুলিলেই ঘৰত চলাই দিয়া হয় বুলডোজাৰ৷ ভাঙি গুৰি কৰি দিয়া হয় অভিযুক্তৰ ঘৰ-বাৰী৷ আইন ঘৰত বিচাৰ চলাৰ আগতেই সকলো বিচাৰ তেওঁ কৰি পেলাই৷ এই বিশেষ বুলডোজাৰ বাবা আন কোনো নহয় তেওঁ হৈছে যোগী আদিত্যনাথ৷
যোগীৰ এই কাৰ্যকলাপক লৈ দেশজুৰি বিতৰ্ক হ’লেও তেওঁ সেই কাম বাদ দিয়া নাই৷ আইনক উলংঘা কৰি নিজাকৈ সিদ্ধান্ত লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰি আহিছে বিৰোধী দলসমূহেও৷ মধ্যপ্ৰদেশ, উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যই যোগীৰ এই কামৰ বিৰোধীতা কৰিছে৷ সকলোবোৰৰ মাজত বৃহৎ ঘোষণা কৰিছে এইবাৰ যোগী আদিত্যনাথেও৷
মঙলবাৰে এক বৃহৎ সিদ্ধান্ত লৈছে উত্তৰপ্ৰদেশ চৰকাৰে৷ কুকাইন নদীৰ পাৰত লক্ষ্ণৌৰ পন্থনগৰ আৰু ৰহিম নগৰ এলেকাত তৈয়াৰ হোৱা ঘৰসমূহৰ ওপৰত আৰু বুল়়ডোজাৰ চলোৱা নহ’ব বুলি জনাইছে যোগী চৰকাৰে৷ ইয়াৰ পূৰ্বে এই এলেকাত বেছ কেইবাটাও ঘৰৰ গাত ৰঙা চিন দি বুলডোজাৰ চলোৱাৰ ইংগিত দিয়া হৈছিল৷ ঘৰসমূহ বেআইনীভাৱে নিৰ্মাণ কৰা হৈছিল বুলি ঘৰ ভাঙি দিয়াৰ হুংকাৰ দিছিল যোগী চৰকাৰে৷ এই দিনটোত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে পন্থ নগৰ, খুৰৰম নগৰ আৰু আকবৰ নগৰ এলেকাৰ বাসিন্দাসকল বিশেষ মিটিঙত মিলিত হৈছে৷
এই মিটিঙৰ পাছতেই কুকৰাইল নদীৰ তীৰত অৱস্থিত তেওঁলোকৰ ঘৰসমূহ অবৈধ নহয়৷ তেওঁলোকৰ ঘৰসমূহ আইন মানিয়েই নিৰ্মাণ কৰা হৈছে৷ প্ৰমাণ হিচাপে চৰকাৰৰ ওপৰত তেওঁলোকৰ ঘৰ নিৰ্মাণৰ ৰেজিষ্ট্ৰেচন পেপাৰৰ প্ৰতিলিপি জমা হৈছে বুলিও জনাই যোগীয়ে৷
যোগী আদিত্যনাথৰ এই আশ্বাস পোৱাৰ পাছতেই লক্ষ্ণৌত উদযাপন আৰম্ভ হৈছে৷ তেওঁলোকৰ ঘৰসমূহ থাকিব বাবেই আনন্দেৰে মিঠাইয়ো বিতৰণ কৰিছে সেই স্থানৰ বাসিন্দাই৷ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাতৰ পাছতেই বাসিন্দাসকলৰ প্ৰতিনিধি দলৰ সদস্যসকলে কয়, ‘আজি আমাৰ আনন্দ প্ৰকাশৰ ভাষা নাই৷ আমাৰ ঘৰসমূহ নিৰাপদ হ’ল৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আমি ধন্যবাদ জনাইছো৷ সকলোবোৰ আমাৰ পক্ষত ৰায় আহিছে৷ আমাৰ ঘৰসমূহৰ ৰেজিষ্ট্ৰেচন আৰু বাতিল নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ