বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত
টিম ইণ্ডিয়াৰ তাৰকা স্পিন বলাৰ যুজবেন্দ্ৰ চহল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলিছে। অৱশ্যে বিবাহ বিচ্ছেদ সন্দৰ্ভত চাহল আৰু ধনশ্ৰী ভাৰ্মাই কোনো বক্তব্য দিয়া নাই।
আনহাতে চাহালে ধনশ্ৰীৰ সৈতে থকা সকলো ফটো নিজৰ ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই পেলাইছে। তাৰে মাজতে আকৌ যুজবেন্দ্ৰ চহলৰ এক নতুন ইনষ্টাগ্ৰাম ষ্ট’ৰী পোহৰলৈ আহিছে। যিটো এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে।
ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে পোহৰলৈ আহিছে যুজবেন্দ্ৰ চহলৰ নতুন ইনষ্টাগ্ৰাম ষ্ট’ৰী। তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত চাহালে লিখিছে যে “Silence হৈছে সকলো হুলস্থুলৰ বাহিৰত শুনিব পৰাসকলৰ বাবে এক গভীৰ সংগীত”।
চহল আৰু ধনশ্ৰীয়ে দুয়ো ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে। অৱশ্যে ধনশ্ৰী বাৰ্মাৰ একাউণ্টত এতিয়াও দুয়োৰে ফটো আছে।
বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যুজবেন্দ্ৰ চাহালৰ এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে ফটো। ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে চাহালক সেই ছোৱালীজনীৰ সৈতে হোটেলত দেখা গৈছিল যদিও এতিয়াও জানিব পৰা হোৱা নাই সেই ছোৱালীজনী কোন?
উল্লেখ্য যে, ২০২০ চনত যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ