আজি অৰ্থাৎ শুকুৰবাৰে আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ চাৰ্জশ্বীট৷ ৪ট্ৰাঙ্ক তথ্যতেই সোমাই আছে জুবিন গাৰ্গৰ ন্যায়৷ ৩৫০০ পৃষ্ঠাজোৰা সেই অভিযোগনামাত প্ৰকৃততে কি আছে? সাধাৰণ জনতাই সেই তথ্য জানিবলৈ খুবেই আগ্ৰহীও হৈ আছে৷ কাৰণ জুবিন গাৰ্গ কেৱল এটা পৰিয়ালৰ এজন ব্যক্তি নাছিল৷ জুবিন গাৰ্গ আছিল অসমৰ প্ৰত্যেকঘৰ লোকৰেই সন্তান৷ জুবিন গাৰ্গৰ ঘৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত৷ সেয়ে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য জনাটো প্ৰত্যেকজন অসমীয়াই নিজৰ অধিকাৰ বুলিও ভাৱিছে৷ কিন্তু সাধাৰণ জনতাই কেনেকৈ চাব পাৰিব চাৰ্জশ্বীট?
চাৰ্জশ্বীট এখন দাখিল কৰাৰ কিছুমান নিয়ম থাকে৷ চাৰ্জশ্বীটখন দাখিলত CJMয়ে সন্মতি দিব লাগিব৷ এছ আই টিয়ে যেতিয়া আদালতত এই অভিযোগনামা দাখিল কৰিব তাৰ পিছতে বিচাৰপীঠৰ ন্যায়াধীশে উক্ত অভিযোগনামা গ্ৰহণ কৰা হৈছে বুলি স্বাক্ষৰ প্ৰদান কৰিব৷ ন্যায়াধীশে এই স্বাক্ষৰ প্ৰদান কৰাৰ পাছতে উক্ত অভিযোগনামা সাধাৰণ নাগৰিকে লাভ কৰিব পৰা হৈ উঠিব৷ অৰ্থাৎ এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত যিকোনো ব্যক্তিয়ে অধিবক্তাৰ সহায় লৈ এই অভিযোগনামা চাব পাৰিব৷
উল্লেখ্য যে CJM আদালতত এই অভিযোগনামা দাখিল হৈছে৷ এই অভিযোগনামা ন্যায়াধীশে তন্নতন্নকৈ চাব তাৰপিছতেই সকলো দিশ অধ্যয়ন কৰিব৷ তাৰপিছতহে আৰম্ভ হব ন্যায়িক প্ৰক্ৰিয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















