প্ৰাণৰ জুবিন আৰু নাই৷ পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ৷ সামাজিক মাধ্যমত কৌশিক নন্দন বৰুৱাই লিখিছে-
আজিহে প্ৰতিটো গানৰ অৰ্থ বুজি পাইছোঁ। প্ৰতিটো গান যে তোমাৰ নিজৰ বাবেই আছিল,
● সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে…
● আকাশে গাতে ল’বৰে মন, সাগৰতলিত শুবৰে মন…
● সঁচা মিছাৰ সোঁমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাঁচে…
● সোণৰে সজোৱা পঁজা জহি খহি যায়…
● লাহে দৈ বেলি ঐ যাবই যাবৰে হ’ল…
● কলিজাৰ কাৰেং সাজি সপোনৰ সমাধি পাতি…
● উভতি চোৱা ধূলিয়ৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী…
● মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা…
● মানুহৰে মনবোৰো তই কিয় নিচিনিলি,
ফুলনিৰ কাঁইটকে যে ফুল বুলি ভাবিলি…
● আৰু কিছুবেলি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰ এয়া…
● ৰ’দ আজি কেনি পাওঁ…
● শিকলি ছিঙি তুমি যাবা কেনেকৈ…
● মন গ’লে মোৰ কাষলে আহিবা এদিন অকলে…
● তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল…
● গণেশগুৰিত তোমাক দেখোঁ, চান্দমাৰীত তোমাক দেখোঁ…
● উভতিলো উকা হাতে লৈ মাথোঁ মোৰ সোঁৱৰণী…
● চকু মেলা সাৰ পোৱা মোলে চোৱা,
আকৌ এবাৰ মোৰ হোৱা কথা কোৱা…
● চেঁচা চেঁচা আঙুলি সেয়াতো নহয় তুমি…
● পাখি মেলি দিয়ে মোৰ গানে আজি…
● সোণালী হৈ থাকক তোমাৰে মোৰে সময়…
● উৰুঙা হাঁহাকাৰে মোক জোকাই ক’লেহি তুমি নাই ক’তো নাই…
● মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ…
● সপোনৰো শেষ আছে শেষ নহয় হতাশা, জ্বলি জ্বলি জ্বলে মাথোঁ হেৰুৱালোঁ ওঁঠৰ ভাষা…
● অন্ধ আকাশ ৰুদ্ধ বতাহ…
● হঠাতেই হেৰাল কেনি নো মোৰ চোতালৰে জোনাক…
● দূৰণিৰ পৰাই ৰ লাগি চাওঁ তোমাক আজি,
জানোচা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি…
● যোৱাই যদি যোৱা বাৰু কেতিয়াও নেমাতো দেই…
● মোৰ এই গান মোৰ উন্মেষ মোৰ এই সুৰ তোমাতেই শেষ..
● তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ’ল মাথোঁ ছাঁই…
প্ৰতিটো গানে এতিয়াৰ পৰা তোমাৰ এই সময়ৰ কথাই ক’ব.. এতিয়াৰ পৰা গানবোৰো একে হৈ নাথাকিব দাদা.. একোৱেই একে হৈ নাথাকিব.. সেই চিতাখন আমাৰ বাবে সজোৱা চিতা.. আমাক উঠোৱা হ’ব তাত.. আজিৰ পৰা কেৱল তুমি জীয়াই থাকিবা, আমি চব মৰি থাকিম.. চব মৰি থাকিম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















