অসম লাইভ ২৪ঃ আজি মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় কোৱালিফায়াৰত মিলিত হ’ব। উল্লেখ্য যে, হাৰ্ডিক পাণ্ডিয়া প্ৰথম কোৱালিফায়াৰত চেন্নাই চুপাৰ কিংছৰ হাতত পৰাজিত হৈছিল। আনহাতে, ৰোহিত শৰ্মাই এলিমিনেটৰত লক্ষ্ণৌ চুপাৰ জায়ান্টছক পৰাস্ত কৰিছিল।
দুয়োটা দলৰে মূল লক্ষ্য ফাইনেলত উপনীত হোৱাটো। ইয়াৰ উপৰি প্ৰথম দুখন খেলত পৰাজিত হৈ পুনৰ ন উদ্যমেৰে খেলিব আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছে প্ৰতিযোগিতাখনৰ মাজভাগৰ পৰা পুনৰ ছন্দ লাভ কৰিছে।
যদি সূৰ্যকুমাৰ যাদৱ উভতি অহাটো মুম্বাইৰ বাবে ইতিবাচক হয়, তেন্তে আজিৰ খেলত মুম্বাই ইণ্ডিয়ানছ এক লাভজনক স্থিতিত উপনীত হোৱাৰ সম্ভাৱনা থাাকিব। আনহাতে গুজৰাট টাইটানছ শুভমান গিলৰ অনবদ্য ছন্দৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ