অসম লাইভ ২৪ঃ ভাতৃ-ভগ্নীৰ সম্পৰ্ক সকলোৰে বাবে এক আশীৰ্ব্বাদ স্বৰূপ। তেওঁলোক হৈছে আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। জীৱনৰ আটাইতকৈ ডাঙৰ সমৰ্থন হৈছে আমাৰ ভাই-ভনী। ইয়াৰ লগতে নিজ ভাই-ভনীক এনেদৰে বুজি পায় যেনেদৰে আন কোনেও কেতিয়াও বুজিব নোৱাৰে। এজন ডাঙৰ বা সৰু ভায়েকৰ উপস্থিতি কেতিয়াবা কিছু অশান্তিকৰ আৰু একাকীত্বৰ সময়ত আটাইতকৈ ডাঙৰ সকাহ হ’ব পাৰে।
আপুনি নিজ ভাতৃৰ সৈতে দিন, মাহ বা বছৰলৈ সংযোগত নাথাকিব পাৰে, কিন্তু মনৰ পৰা সদায় ওচৰতে থাকে। আপোনাৰ বয়স ৮ বা ৮০ য়ে হওঁক, আপোনাৰ ভাতৃ ওচৰত থাকিলে আপুনি কিছু সময়ৰ বাবে আপোনাৰ সকলো চিন্তা পাহৰি থাকে। আনকি আপুনি আপোনাৰ ভাতৃৰ সৈতে নাথাকিলেও, আপুনি কেতিয়াও তেওঁলোকক বেয়া পাব নোৱাৰে কিয়নো তেওঁলোকৰ সৈতে আপোনাৰ জীৱনজোৰা স্মৃতি থাকে।
ৰাষ্ট্ৰীয় ভাতৃ দিৱসৰ ইতিহাস আৰু তাৎপৰ্য
ৰাষ্ট্ৰীয় ভাতৃ দিৱস ২০০৫ চনৰ পৰা প্ৰতি বছৰে ২৪ মে’ত পালন কৰা হয় যদিও এই দিনটোৰ তাৎপৰ্য আৰু ইতিহাসৰ বিষয়ে যথেষ্ট বিৱৰণ উপলব্ধ নাই যদিও ভাতৃসকলৰ কৰ্মৰাজিক উদযাপন কৰাৰ বাবে এই বিশেষ দিনটোক ভাতৃসকলৰ উদ্দেশ্যে সমৰ্পণ কৰা হয়। তেতিয়াৰে পৰা আজিৰ দিনটো ৰাষ্ট্ৰীয় ভাতৃ দিৱসৰূপে পালন কৰি অহা দেখিবলৈ পোৱা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ