অসম লাইভ ২৪ঃ কর্কট আক্ৰান্ত সঞ্জয় দত্ত আজি পুনৰ মুম্বাইৰ লীলাৱতী হাস্পতালত ভর্তি হয়। হাওঁফাওঁৰ কর্কট ৰোগত আক্ৰান্ত অভিনেতাগৰাকী স্বাস্থ্য পৰীক্ষাৰ অন্তত হাস্পতালৰ পৰা যাবলৈ দিয়ে। উল্লেখ্য মুম্বাই বিস্ফোৰণৰ এক গোচৰত অভিযুক্ত হৈ থকাৰ বাবে তেওঁ বিদেশত চিকিৎসা গ্ৰহণৰ বাবে যাবলৈ ভিছা লাভ কৰা নাই। যোৱা ৮ আগষ্টত সঞ্জয় দত্ত হাস্পতালত ভর্তি হৈছিল আৰু ১০ আগষ্টত হাস্পতালৰ পৰা ঘৰলৈ উভতিছিল। কিন্তু আজি হঠাৎ তেওঁ পুনৰ চিকিৎসালয়লৈ যোৱাত উদ্বিগ্ন হৈ পৰে অনুৰাগীসকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ