অসম লাইভ২৪ঃ বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা চৰাইদেউৰ সাপেখাতীৰ এজন যুৱক সন্ধানহীন হৈ পৰিছে৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷ সাপেখাতীৰ বৰটিমন চাহ বাগিচাৰ নিবাসী প্ৰয়াত গণেশ ছেত্ৰী আৰু পাৰ্বতী ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ মনিষ ছেত্ৰী(৩২)য়ে ৮মাহৰ পূৰ্বে কৰ্ম সংস্থাপন বিচাৰি গুজৰাটলৈ ৰাওনা হয়।
সুদীৰ্ঘ ৮ মাহৰ পাছত শুকুৰবাৰে ৰেলযোগে ৰাওনা মনিষ ৰাওনা হৈছে গৃহ অভিমুখে। শৰাইঘাট এক্সপ্ৰেছৰে শনিবাৰে সন্ধিয়াৰ ভাগত আহি থকা অৱস্থাত পৰিয়ালক ফোন কৰি জনাই যে মনিষক কোনো দুষ্ট লোকে আৱদ্ধ কৰিছে৷ মনিষে মাতৃক দেখা নোপোৱাৰ কথাও অৱগত কৰি ফোনৰ চুইছ অফ কৰি দিয়ে৷ তেতিয়াৰে পৰা কোনো যোগাযোগ হোৱা নাই মনিষৰ সৈতে৷ মনিষৰ সন্ধান নাপায় চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। কোনো সদাশয় ব্যক্তিয়ে মনিষৰ কিবা সম্বেদ পালে ৯৩৯৫১৫৭৮৪১ / ৭৮৯৬৭৪৭৭৫৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ